নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুজৰাটৰ ধোৰ্দোক শ্ৰেষ্ঠ পৰ্যটন গাঁৱৰ স্বীকৃতি

বিশেষ বাৰ্তা, ২০ অক্টোবৰঃ গুজৰাটৰ কুটচৰ ধোৰ্দো গাঁওখনক বিশ্ব পৰ্যটন সংস্থাই (UNWTO) ‘শ্ৰেষ্ঠ পৰ্যটন গাঁও’ হিচাপে স্বীকৃতি দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গৃহৰাজ্য এই গাঁওখনে লাভ কৰিছে শ্ৰেষ্ঠ পৰ্যটন গাঁৱৰ স্বীকৃতি। এই কথা ছচিয়েল মিডিয়াত প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই গৌৰৱত আনন্দ প্ৰকাশ কৰি মোদীয়ে কয় যে কুচৰ ধোৰ্ডোক ইয়াৰ চহকী সাংস্কৃতিক ঐতিহ্য আৰু প্ৰাকৃতিক সৌন্দৰ্য্যৰ বাবে উদযাপন কৰা দেখি মই ৰোমাঞ্চিত হৈছো। প্ৰধানমন্ত্ৰীয়ে কয়, এই সন্মানে কেৱল ভাৰতীয় পৰ্যটনৰ সম্ভাৱনাকে প্ৰদৰ্শন কৰাই নহয় বিশেষকৈ কুটচৰ জনসাধাৰণৰ নিষ্ঠাও প্ৰদৰ্শন কৰে। তেওঁ আশা কৰে যে ধোৰ্ডোৱে জিলিকি থাকিব আৰু বিশ্বৰ বিভিন্ন প্ৰান্তৰ দৰ্শনাৰ্থীক আকৰ্ষণ কৰিব।

#বাৰ্তা ডিজিটেল ডেক্স

You might also like