বিশেষ বাৰ্তা, ২৭ অক্টোবৰঃ ইণ্ডিয়া ছাইনিং এৱাৰ্ড লাভ কৰি লখিমপুৰলৈ গৌৰৱ কঢ়িয়াই আনিছে কনমানি ধৃতিষ্মান টাইদে। লখিমপুৰৰ খেল মাটি ১৪নং ৱাৰ্ড নিবাসী প্ৰয়াত পূৰ্নানন্দ টাইদ আৰু বৰ্ণালী চুতীয়াৰ পুত্র তথা ভেলিভিউ স্কুলৰ কে জি ২ৰ ছাত্ৰ ধৃতিষ্মান টাইদে এই সফলতা লাভ কৰিছে। অলপতে স্পাৰ্কেৰ উদ্যোগত গুৱাহাটীত অনুষ্ঠিত এই অনুষ্ঠানত নৰ্থ ইষ্ট ইণ্ডিয়া ফেশ্বন শ্ব’ত বিজয়ী হয় ধৃতিষ্মান টাইদ। বৰ্ণালী চুতীয়া টাইডৰ একমাত্র পুত্ৰ ধৃতিষ্মান টাইদে ইয়াৰ পুৰ্বেও ১৩টাকৈ এনে সন্মান বুটলিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ গুৱাহাটীৰ ৰুক্মিণী নগৰ প্ৰেক্ষাগৃহত আয়োজিত নৰ্থ ইষ্ট ইণ্ডিয়া ফেশ্বন শ্ব’ত বিজয়ী হয় ধৃতিষ্মান। স্পাৰ্কে ধৃতিষ্মানক দিয়ে এটিটিউড বয় টাইটেল। কণমানি ধৃতিস্মানৰ এনে সফলতাত ৰাইজে হিয়া ভৰা শুভাশীষ প্ৰদান কৰিছে।
প্ৰেৰক জীৱন গোস্বামী