আলফা (স্বা:)ৰ নামত ধন দাবী কৰা মাজুলীৰ ধ্ৰুৱজ্যোতি জেললৈ
নিয়মীয়া বাৰ্তা, ২১ ডিচেম্বৰ : আলফাৰ নামত ধন দাবী কৰা মাজুলী পুৰনিবাৰীৰ ধ্ৰুৱজ্যোতি নাথক (২৪) আজি জেললৈ প্ৰেৰণ কৰে৷ যুৱকজনে নিষিদ্ধঘোষিত সংগঠন আলফা স্বাধীনৰ নামত মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ আন্তঃগাথনি নিৰ্মাণৰ কামত নিয়োজিত নিৰ্মাণকাৰী সংস্থা Ragia Ku Enterpriseক প্ৰায় ২৫ লাখ টকাৰ ধন দাবী কৰাৰ অভিযোগত আৰক্ষীয়ে আটক কৰিছিল৷ সাতটা দিন আৰক্ষী জিম্মাত থকাৰ পিছত আজি ন্যায়ালয়ে ধ্ৰুৱজ্যোতি নাথক গড়মুৰ থানাৰ অধিনৰ কেছ নম্বৰ ৬৬/২৪ U/S 308(4)/319(2)/61(2)BNS, R/W Sec 10/13 of UA(p) Act ভিত্তিত জেললৈ প্ৰেৰণ কৰে৷ ইফালে উক্ত নিৰ্মাণকাৰী সংস্থাকেই নহয় অতি চতুৰ ধ্ৰুৱজ্যোতি নাথ নামৰ যুৱকগৰাকীয়ে আন বহুতকো ধন দাবী কৰাৰ কিছু তথ্য শেহতীয়াকৈ আৰক্ষীয়ে লাভ কৰিছে বুলি এক গোপন সূত্ৰৰ পৰা জানিব পৰা গৈছে। আনহাতে আৰক্ষীয়ে ধৃত ধ্ৰুৱজ্যোতি নাথক জেললৈ নিয়াৰ সময়ত সাংবাদিকক বেয়া ব্যৱহাৰ কৰাও পৰিলক্ষিত হয় ৷
প্ৰেৰক প্ৰাঞ্জল খাউণ্ড