নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত জিলা বিজেপিৰ বৰ্ধিত বিষয়ববীয়া সভা সম্পন্ন

নিয়মীয়া বাৰ্তা, ২১ ডিচেম্বৰ : আজি ধুবুৰীত বিজেপিৰ এখন বৰ্দ্ধিত বিষয়ববীয়া সভা অনুষ্ঠিত হয়। ধুবুৰী চহৰৰ তেতুলতলাস্থিত জিলা কাৰ্যালয়ত বিজেপিৰ জিলা সভাপতি প্ৰসেনজিৎ দত্তৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত ২৫ ডিচেম্বৰৰ দিনটো দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ীৰ ওপজা দিনটো “সুশাসন দিৱস”ৰূপে পালন কৰাৰ কাৰ্য্যক্ৰমণিকাৰ ওপৰত আলোচনা কৰা হয়। বিজেপিৰ ধুবুৰী জিলা সমিতিৰ মিডিয়া কোষৰ আহ্বায়ক দেৱপ্ৰসাদ সিংহই এক প্ৰেছ বিজ্ঞপ্তি যোগে সদৰী কৰা অনুসৰি সভাখনত সুশাসন দিৱস পালনৰ ক্ষেত্ৰত থকা দলীয় নিৰ্দেশনাৰ লগতে কিছু পৰিকল্পনা যুগুত কৰি বুথ পৰ্য্যায়ত, মণ্ডল পৰ্য্যায়ত আৰু জিলা পৰ্য্যায়ত দিৱসটো পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। আজিৰ ধুবুৰী জিলা বিজেপিৰ সেই বৰ্দ্ধিত বিষয়ববীয়া সভাখনত দলটোৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সদস্য বিমল ওচৱাল, ধুবুৰী জিলা বিজেপিৰ প্ৰাক্তন সভাপতিদ্বয় ডাঃ দেৱময় স্যান্যাল আৰু দীপক সাহা, গোলকগঞ্জৰ প্ৰাক্তন বিধায়ক অশ্বিনী ৰায় সৰকাৰ প্ৰমুখ্যে জিলা বিজেপিৰ অন্যান্য কাৰ্যকৰ্তাসকল উপস্থিত আছিল।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like