পৌৰসভাৰ বিৰুদ্ধে প্ৰতিবাদ ধুবুৰীৰ চ’ক বজাৰৰ ব্যৱসায়ীৰ
নিয়মীয়া বাৰ্তা, ১৩ মাৰ্চঃ পদপথৰ ক্ষুদ্ৰ ব্যৱসায়ীক উচ্ছেদ তথা ব্যৱসায়িক প্ৰতিষ্ঠান নিজৰ নিজৰ দোকানৰ সামগ্ৰী পদপথ দখল কৰি ৰখাৰ ক্ষেত্রত জাৰী কৰা নিষেধাজ্ঞা অন্যথা বিশাল অংকৰ জৰিমনা বিহাৰ ধুবুৰী পৌৰসভাৰ সাম্প্ৰতিক এক নিৰ্দেশনাক লৈ আজি হোলিৰ প্ৰাক্-মূহুৰ্তত অকষ্মাতে ক্ষোভত ফাটি পৰা দেখা যায় চহৰখনৰ ব্যৱসায়িক ক্ষেত্ৰৰ মূল হৃৎপিণ্ড স্বৰূপ চক বজাৰৰ বহু ব্যৱসায়ীমহল। পৌৰসভাৰ সেই সিদ্ধান্তই আগন্তুক ঈদৰ বজাৰত নেতিবাচক প্ৰভাব পেলোৱাৰ আশংকাত আনকি অঞ্চলটোৰ বহু ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰি প্ৰতিবাদত নামি পৰে ব্যৱসায়ী সকলে। চহৰখনৰ নিউ মাৰ্কেট অঞ্চলৰ ৰাজপথত বহা পাচলি বজাৰখনৰ বাবে অঞ্চলটোত দৈনি তীব্ৰ যানজঁটৰ সৃষ্টি হোৱাৰ বিষয়টো লৈ ধুবুৰী পৌৰসভাৰ দৃষ্টি নপৰাৰ কাৰণ কি বুলিও প্ৰশ্ন উত্থাপিত কৰে ক্ষুব্ধ ব্যৱসায়ী সকলে। আনকি, ধুবুৰী পৌৰসভা কৰ্তৃপক্ষ উপস্থিত হৈ আলোচনাত মিলিত হোৱাৰ দাবীৰে ব্যৱসায়ী সকলে চক বজাৰৰ ব্যস্ত ৰাজপথ এচোৱা অৱৰোধ কৰিবলৈ প্ৰচেষ্টা চলায়। অৱশ্যে আৰক্ষীৰ হস্তক্ষেপত পথচোৱা সম্পূৰ্ণৰূপে অবৰোধ কৰিবলৈ সক্ষম নহ’লেও ক্ষোভিত ব্যৱসায়ী সকলে পৌৰসভাৰ সমালোচনাত সৰু হৈ পৰা দেখা যায়। ইয়াৰ মাজতে, ধুবুৰী পৌৰসভাৰ কাৰ্যবাহী বিষয়াগৰাকীয়ে ঘটনাস্থলীত উপস্থিত হৈ ঈদলৈকে স্থিতাৱস্থা বাহাল ৰাখাৰ প্ৰতিশ্ৰুতি দিয়াৰ সমান্তৰালকৈ পিছলৈ গৈ এখন কমিটি বনাই বিষয়টো মিমাংসা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। বিষয়াগৰাকীৰ সেই প্ৰতিশ্ৰুতিৰ পিছত প্ৰতিবাদী ব্যৱসায়ী সকলৰ প্ৰতিবাদৰ অন্ত পৰে আৰু বজাৰখন স্বাভাৱিক পৰিৱেশৰ সৃষ্টি হয়।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী