নিয়মীয়া বাৰ্তা, ১২ এপ্ৰিলঃ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম সময়সীমা উকিল যদিও ধুবুৰীত কংগ্ৰেছৰ পঞ্চায়ত নিৰ্বাচনৰ টিকট কেন্দ্ৰিক বিবাদ যেন মাৰ যোৱা নাই এতিয়া। টিকট খেলিমেলি তথা ধনৰ বিনিময়ত অইন দলীয় টিকট প্ৰদান কৰাৰ অভিযোগত জিলাখনৰ কংগ্ৰেছৰ ধুবুৰী জিলা সভাপতি আবেদুৰ জামানক ইতিমধ্যে এপিচিচিৰ উপ-সভাপতি নৃপেন্দ্র ঠাকুৰীয়াই কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰাৰ পিছত এইবাৰ সভাপতি জামানৰ বিৰূদ্ধে সব হৈ উঠিছে জিলাখনৰ গোলকগঞ্জৰ কংগ্ৰেছ দলৰ বিধায়ক আব্দুছ সোবাহান আলী সৰকাৰে।
এ ডি পি কলেজত ব্যতিক্ৰমী বিহু অনুষ্ঠান, লোকশিল্পী খগেন গগৈলৈ ‘বিহুগিৰি’ অভিধা
জানিব পৰা মতে, ইতিমধ্যে বিধায়ক সৰকাৰে জামানৰ বিৰূদ্ধে বিৰোধী দলপতি থকা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ জ্যেষ্ঠ নেতা দেবব্ৰত শইকীয়াক এখন লিখিত অভিযোগ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে। পত্ৰখনত সৰকাৰে ধুবুৰী জিলা কংগ্ৰেছ কমিটিৰ জিলা সভাপতি আবেদুৰ জামানৰ আচৰণ সন্দৰ্ভত গভীৰ উদ্বেগ আৰু হতাশা প্ৰকাশ কৰিছে। অভিযোগ পত্ৰখনত বিধায়কগৰাকীয়ে গোলকগঞ্জ সহ-জিলা অন্তৰ্গত ৰাইডাক জেডপিচি ৪ জন জিপিৰে গঠিত বুলি উল্লেখ কৰাৰ সমান্তৰালকৈ এই ৪টা মণ্ডল কংগ্ৰেছৰ সভাপতি, বি চি চিৰ সভাপতি আৰু তেওঁকে ধৰি – সকলোৰে সৰ্বসন্মতিক্ৰমে এজন উপযুক্ত প্ৰাৰ্থী বাজলুৰ ৰহমানক বাছনি কৰা হৈছিল যদিও দলৰ কৰ্মী আৰু বিষয়ববীয়াৰ আদেশ নাকচ কৰি জিলা সভাপতি আবেদুৰ জামানে কেইবাবছৰ ধৰি বিজেপি কৰ্মী হিচাপে থকা এগৰাকী লোকক বিপুল পৰিমাণৰ ধনৰ বিনিময়ত প্ৰাৰ্থীত্ব প্ৰদান কৰা বুলি চাঞ্চল্যকৰ অভিযোগ উত্থাপিত কৰিছে।
বিধায়ক সৰকাৰে জিলা সভাপতি জামানৰ বিৰূদ্ধে উত্থাপিত হোৱা এই অভিযোগসমূহৰ তদন্ত আৰম্ভ কৰাৰ সমান্তৰালকৈ দোষী সাব্যস্ত হ’লে জামানৰ বিৰুদ্ধে কঠোৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দেবব্ৰত শইকীয়ালৈ আহ্বান জনাইছে। উল্লেখ্য, ধুবুৰী জিলা কংগ্ৰেছ কমিটিৰ সভাপতি আবেদুৰ জামান আৰু গোলকগঞ্জৰ বিধায়ক আব্দুছ সোবাহান আলী সৰকাৰ – দুয়ো ধুবুৰীৰ সাংসদ তথা জ্যেষ্ঠ কংগ্ৰেছী নেতা কৰিবলৈ হুছেইনৰ অত্যন্ত ঘনিষ্ঠ বুলি চৰ্চিত। তাৰেই পৰিপ্ৰেক্ষিতত বিধায়ক সৰকাৰে জামানৰ বিৰূদ্ধে কৰা লিখিত অভিযোগে বিশেষ তাৎপৰ্যপূৰ্ণ বুলিয়েই বিবেচিত হৈছে।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী