নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীৰ দত্তবাৰীৰ দুৰ্গা পূজাৰ প্ৰতিমা বিসৰ্জন

নিয়মীয়া বাৰ্তা, ২৫ অক্টোবৰঃ ধুবুৰী চহৰৰ আটাইতকৈ পুৰণি তথা “দত্তবাৰীৰ পূজা” খ্যাত দুৰ্গা পূজাৰ প্ৰতিমা আজি বিসৰ্জন দিয়া হয়। পূৰ্বে বিজয়া দশমীৰ দিনাই প্ৰতিমা বিসৰ্জন দিয়া হলেও কৰ’ণা মহামাৰীৰ পিছৰ পৰা দশমীৰ পৰিৱৰ্তে দশমীৰ পিছদিনা প্ৰতিমা বিসৰ্জন দিয়াৰ সিদ্ধান্ত লোৱা হোৱা বুলি জনায় পৰিয়ালটোৰ এগৰাকী সদস্য ৰণজিৎ দত্তই। উল্লেখ্য যে, পূজাখনৰ প্ৰতিমা বিসৰ্জনৰ আছে পুৰণি কিছু পৰম্পৰা। আজি দুপৰীয়া দত্তবাৰীৰ পৰা এখন ট্ৰাকেৰে ধুবুৰী মেলা ময়দানৰ কাষতে থকা পাৰঘাটলৈ নিয় হয় দুৰ্গা প্ৰতিমা আৰু দুখন বাঁহেৰে যোৰা লগোৱা দুখন নাওঁৰ মাজচোৱাত প্ৰতিমা তুলি পুৰণি পৰম্পৰা অনুসৰি দিয়া হয় বিসৰ্জন। উল্লেখ্য যে, ১৮৬০ চনতেই আৰম্ভ হোৱা দত্তবাৰীৰ দুৰ্গা পূজাখনে এইবাৰ ১৬৩ বছৰ স্পৰ্শ কৰিলে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like