নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেট্ৰিকত অষ্টম স্থানেৰে উজলিল ধুবুৰীৰ ফাৰহান আছিফ 

নিয়মীয়া বাৰ্তা, ২২ মেঃ এইবেলিৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অষ্টম স্থানেৰে উজলিল ধুবুৰীৰ এগৰাকী মেধাৱী ছাত্ৰই। ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী আদাবাৰীৰ ব্ৰহ্মপুত্ৰ জাতীয় বিদ্যালয়ৰ ছাত্ৰ ফাৰহান আছিফ আৰবীয়াই সৰ্বমুঠ ৫৮৭ নম্বৰ লাভ কৰি নিজৰ বিদ্যালয়ৰ উপৰিও ধুবুৰীলৈ কঢ়িয়াই আনিলে গৌৰৱ। ফাৰহানে অসমীয়াত ৯৩ নম্বৰ, ইংৰাজীত ৯৭, সাধাৰণ গণিতত ১০০, সাধাৰণ বিজ্ঞানত ১০০, সমাজ অধ্যয়নত ১০০ আৰু ঐচ্ছিক গণিতত লাভ কৰিছে ৯৭ নম্বৰ। ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী ঝগৰাৰপাৰ চতুৰ্থ খণ্ডৰ বাসিন্দা তথা ফাৰহানৰ পিতৃ মিজানুৰ ৰ’হমান পেছাত এগৰাকী ইলেকট্ৰ’নিক মেকানিক। মাতৃ লতিফা বেগম এগৰাকী ঠিকা ভিত্তিক শিক্ষয়িত্ৰী। ভৱিষ্যতে এগৰাকী সফল ব্যৱসায়ী হোৱাৰ এক ব্যতিক্ৰমী চিন্তাৰ এইগৰাকী মেধাৱী ছাত্ৰই আগলৈ গৈ উচ্চতৰ মাধ্যমিকত বিজ্ঞান শাখাত পঢ়িব বুলি মনস্থ কৰিছে। কেৱল ফাৰহান আছিফ আৰবীয়াই নহয়, এইবেলিৰ মেট্ৰিকত বিদ্যালয়খনৰ ১০০% উত্তীৰ্ণতাৰ হাৰেৰে উজলি উঠিছে ধুবুৰীৰ এই ব্ৰহ্মপুত্ৰ জাতীয় বিদ্যালয়খন। উল্লেখ্য যে, এইবেলি মেট্ৰিকত ধুবুৰী জিলাৰ মুঠ ২১,১৬১ পৰীক্ষাৰ্থীৰ ১৩,৪০৬ গৰাকী উত্তীৰ্ণ হৈছে। ইয়াৰে ৩,৩৮০ গৰাকীয়ে প্ৰথম বিভাগ, ৭,১৭৭ গৰাকীয়ে দ্বিতীয় বিভাগ আৰু ২,৮৪৯ গৰাকীয়ে তৃতীয় বিভাগ লাভ কৰিছে। এইবেলিৰ মেট্ৰিক পৰীক্ষাত জিলাখনৰ উত্তীৰ্ণৰ হাৰ হৈছে ৬৩.৩৫% ।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like