নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতবিৰোধী শক্তি-ৰ হটবেড নামনি অসমৰ ধুবুৰী

বাংলাদেশী জেহাদী গোষ্ঠী আনছাৰ-উল্লাহ বাংলা টিম (চমুকৈ এবিটি)ৰ কেইবা গৰাকী সক্ৰিয় সদস্য আৰু এই ঘটনাই জিলাখনত এবিটিৰ শ্লিপাৰ চেল সক্ৰিয় থকাটো নিশ্চিত কৰা বুলিয়েই সন্দেহ কৰা হৈছে

ভাৰতবিৰোধী শক্তি-ৰ হটবেড নামনি অসমৰ ধুবুৰী

নিয়মীয়া বাৰ্তা, ৪ জুনঃ সম্প্ৰতি যোৰহাটৰ সেনা শিবিৰ ছামছুল ইছলাম নামৰ ৱেল্ডাৰ এগৰাকীক পাকিস্তানৰ চোৰাংচোৱা ৰূপে কাম কৰি থকাৰ সন্দেহত আটক কৰাৰ পিছত পুনৰ উচ্চাৰিত হৈছে ধুবুৰী জিলাৰ নাম।

উল্লেখ্য যে, ধৃত ছামছুলৰ গৃহ হ’ল ধুবুৰীৰ বিলাসীপাৰাৰ ঘাসবাৰীত। স্মৰ্তব্য যে, বিগত ২০২২ বৰ্ষৰ পৰা নামনি অসমৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী ধুবুৰী জিলাৰ বিভিন্ন অঞ্চলৰ পৰা কৰায়ত্ত হোৱা পোৱা গৈছে বাংলাদেশী জেহাদী গোষ্ঠী আনছাৰ-উল্লাহ বাংলা টিম (চমুকৈ এবিটি)ৰ কেইবা গৰাকী সক্ৰিয় সদস্য আৰু এই ঘটনাই জিলাখনত এবিটিৰ শ্লিপাৰ চেল সক্ৰিয় থকাটো নিশ্চিত কৰা বুলিয়েই সন্দেহ কৰা হৈছে।

ইপিনে, শেহতীয়াকৈ পাকিস্তানৰ চোৰাংচোৱাৰ সন্দেহত ধুবুৰী জিলাৰেই এজন লোক ভাৰতীয় সেনাৰ হাতত কৰায়ত্ত হোৱাৰ ঘটনাটো বিশেষ গুৰুত্বপূৰ্ণ বুলিয়েই কিন্তু বিবেচিত হৈছে। উল্লেখ্য যে, বিগত ২০২২ বৰ্ষৰ আগষ্ট মাহৰ প্ৰথম সপ্তাহত বিলাসীপাৰাৰ নায়েৰ আলগা ২য় খণ্ডৰ পৰা জহুৰা খাতুন নামৰ এবিটিৰ এগৰাকী দূৰ্ধৰ্ষ সদস্যা জালত পৰিছিল আৰক্ষীৰ।

ধৃত সেই বিবাহিত মহিলাগৰাকী বাংলাদেশৰ নাগৰিক তথা এবিটিৰ দূৰ্ধৰ্ষ সদস্য আবু তাল্লাহৰ পত্নী বুলি আৰক্ষীৰ তদন্তত উন্মোচিত হৈছিল। আনকি মহিলাগৰাকীৰ পৰা জব্দ কৰা মোবাইলৰ তথ্যই এবিটি সদস্যসকলে নিজৰ মাজত যোগাযোগৰ বাবে অত্যাধুনিক ডাৰ্ক ৱেব ব্যৱহাৰ কৰাৰ চাঞ্চল্যকৰ দিশো উঠি আহিছিল। আনহাতে, ২০২৩ বৰ্ষৰ ২৪ এপ্ৰিলৰ দিনা আৰক্ষীৰ অভিযানত ধুবুৰীৰ তিনিটাকৈ ভিন্ন ভিন্ন স্থানৰ পৰা জালত পৰিছিল ছফিকুল ইছলাম, মোজাহিদুল মণ্ডল আৰু বাদশা শেখ নামৰ তিনিগৰাকীকৈ এবিটি সদস্য।

ইয়াৰে ছফিকুল ইছলামৰ ঘৰ ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী বগুলামাৰীত। আনহাতে, আন দুই ধৃত এবিটি সদস্য মোজাহিদুল মণ্ডল আৰু বাদশা শেখৰ ঘৰ হ’ল ক্ৰমে ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তৰ সস্তাৰঘাট দ্বিতীয় খণ্ড আৰু টাকীমাৰীত। ২০২৩ বৰ্ষৰেই ২ মে’ৰ দিনা ধুবুৰী আৰক্ষীৰ জালত পৰিছিল নজৰুল ইছলাম নামৰ এজন সন্দেহজনক এবিটি সদস্য। ধৃত ইছলামৰ ঘৰ হ’ল ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী তথা ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী তিস্তাৰ পাৰ তৃতীয় খণ্ড গাওঁত।

আনহাতে, ২০২৩ বৰ্ষৰ ৫ আগষ্টৰ দিনা ধুবুৰী আৰক্ষীৰ এটি দলে ধুবুৰী জিলাৰ বিলাসীপাৰাৰ নায়েৰ আলগাৰ পৰা কৰায়ত্ত কৰা আব্দুছ শুকুৰ আলী নামৰ এবিটিৰ সক্ৰিয় মডিউল এটাৰ সদস্যজনৰ গৃহও ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তৰ টাকিমাৰী অঞ্চলত বুলি পোহৰলৈ আহিছিল। ফলত স্বাভাবিক ভাবেই কুখ্যাত জেহাদী গোষ্ঠী আল-কায়দা ইন ইণ্ডিয়ান চাব-কন্টিনেন্ট (চমুকৈ একিউআইএছ)ৰ অন্যতম অংশীদাৰ এবিটিয়ে অসম তথা উত্তৰ-পূৰ্বাঞ্চললৈ আহিবলৈ ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তৰ কেতবোৰ বিশেষ অঞ্চলক কৰিডৰ ৰূপে ব্যৱহাৰ কৰিছে নেকি বুলি জন্ম দিছে এক গুৰুত্বপূৰ্ণ প্ৰশ্নৰো।

উল্লেখ্য যে, এবিটিৰ চিফ তথা আধ্যাত্মিক নেতা মুফতি জছিমুদ্দিন ৰহমানী দৰাচলতে বাংলাদেশৰ ঢাকাৰ হাতেমবাগ মছজিদৰ এগৰাকী ইমাম আছিল। ২০১৩ বৰ্ষৰ ১২ আগষ্টৰ দিনা ৩০ সমৰ্থক সহ ৰহমানক দেশখনৰ বাৰগুনাৰ পৰা গ্ৰেপ্তাৰ কৰিছিল বাংলাদেশ আৰক্ষীয়ে।অৱশ্যে ইতিমধ্যে বাংলাদেশৰ অন্তবর্তীকালীন চৰকাৰৰ নিৰ্দেশত বাংলাদেশৰ কাশিমপুৰ হাই চিকিউৰিটি চেন্ট্ৰাল জেইলৰ পৰা জামিনত মুক্তি লাভ কৰিছে এবিটি প্ৰধান মুফতি জছিমুদ্দিন ৰহমানীয়ে।

You might also like