নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুৱা নগৰীত পৰিণত নেতাই ধুবুনীৰ ইতিহাসেৰে সমৃদ্ধ ধুবুৰী

নিয়মীয়া বাৰ্তা, ২৭ অক্টোবৰ : নেতাই ধুবুনীৰ ইতিহাসেৰে সমৃদ্ধ  ধুবুৰী চহৰ ক্ৰমশঃ জুৱা নগৰীত পৰিণত হ’বলৈ লোৱাৰ অভিযোগ উঠিছে। ইতিমধ্যে ধুবুৰীৰ পাৰ্শ্বৱৰ্তী একাংশ দুৰ্গম অঞ্চলত  নাওখেল প্ৰতিযোগিতাৰ গইনা লৈ জুৱাৰ আড্ডা বহাৰ বাতৰিয়ে সংবাদ মাধ্যমৰ শীৰ্ষস্থান লাভ কৰিছে। সেয়াই কেৱল নহয়; ধুবুৰী চহৰৰ প্ৰান্তে প্ৰান্তে তীৰ নামৰ এবিধ জুৱাৰ ব্যাপক প্ৰচলন ঘটাও দেখা গৈছে। ইপিনে শেহতীয়াকৈ আগন্তুক কালীপূজাৰ গইনা লৈ  চহৰখনৰ  একাংশ প্ৰতিষ্ঠিত ক্লাবৰ উপৰি অন্যান্য স্থানতো তাচপাচৰ জুৱাৰ আড্ডা আৰম্ভ হোৱাৰ অভিযোগ উঠিছে। আনকি ধুবুৰী চহৰৰ এখন প্ৰতিষ্ঠিত হোটেলৰ এটা ৰূম ভাৰাত লৈ জুৱাৰী চক্ৰই জুৱাৰ আড্ডা আৰম্ভ কৰা বুলিও  চৰ্চিত হৈছে। আনকি অভিযোগ এয়াও যে বিগত কিছু বছৰৰ পৰা বন্ধ থাকিলেও শেহতীয়াভাৱে পুনৰ এণ্ডিং নামৰ এবিধ লটাৰীজাতীয় জুৱাৰো প্ৰচলন আৰম্ভ হৈছে ধুবুৰীত। চহৰখনৰ নৱপ্ৰজন্মৰ একাংশ যুৱকো আইপিএল, অনলাইন জুৱা, তীৰ আদি বিভিন্ন জুৱাৰ প্ৰতি আসক্ত হৈ পৰাটো অশনি সংকেত ৰূপে পৰিগণিত হৈছে। তাৰেই পৰিপ্ৰেক্ষিতত ধুবুৰীৰ  বিবেকৱান-সচেতন লোকে চহৰখনৰ পৰা সকলো ধৰণৰ জুৱা সমূলি উৎখাত হোৱাটো বিচাৰিছে আৰু বিষয়টোৰ ক্ষেত্ৰত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ হস্তক্ষেপ কামনা কৰিছে একাংশই। 

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like