নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাংবাদিক গ্রেপ্তাৰ: ধুবুৰীৰ আৰক্ষী অধীক্ষক–ডিএফঅ’ক বদলি

নিয়মীয়া বাৰ্তা, ১৮ জুলাইঃ  সাংবাদিক ৰাজীৱ শর্মাক গ্রেপ্তাৰ কৰা ঘটনাটোক লৈ ৰাজ্যজুৰি প্রতিক্রিয়া অব্যাহত থকাৰ সময়ত সমগ্র ঘটনাক্রমৰ তদন্ত কৰিবলৈ  ধুবুৰীত উপস্থিত হয় অসম আৰক্ষীৰ আইন–শৃংখলা এডিজিপি জি পি সিং৷ দুপৰীয়াৰ ভাগত উপস্থিত হোৱাত ধুবুৰীস্থিত আৰক্ষীৰ অতিথিশালাত পূর্বৰে পৰা উপস্থিত থকা ৱেষ্টার্ন ৰেঞ্জৰ ডিআইজি ৰৌণক আলী হাজৰিকাসহ ধুবুৰীৰ আৰক্ষী অধীক্ষক যুৱৰাজ আৰু অন্যান্য শীর্ষ আৰক্ষী বিষয়াৰে এক বৈঠকত মিলিত হয় এডিজিপি সিঙে৷ পিছত তাৰ পৰা পোনে পোনে ধুবুৰী সদৰ থানাত উপস্থিত হৈ পুনৰায় এঘণ্টাৰো অধিক সময়জুৰি এক বৈঠকত অংশ লয় এডিজিপি সিঙে৷ পিছত সাংবাদিকৰ আগত এডিজিপি সিঙে মুখ্যমন্ত্রী আৰু ডিজিপিৰ নির্দেশমর্মে গোটেই ঘটনাৰ প্রাথমিক তদন্ত কৰিবলৈ অহা বুলি সদৰী কৰে৷

আনহাতে, সাংবাদিকজনৰ বিৰুদ্ধে ধুবুৰী সদৰ থানাত ৰুজু হোৱা গোচৰটোৰ কিবা পদ্ধতিগত ভুল আছিল নেকি অথবা গোচৰটো ৰুজু হোৱাৰ আঁৰত কিবা উদ্দেশ্য লুকাই আছিল নেকি, এই গোটেই ঘটনাক্রমৰ প্রাথমিক অনুসন্ধান চলাই পোৱা তথ্য মুখ্যমন্ত্রী আৰু ডিজিপিক অৱগত কৰিব বুলি জানিবলৈ দিয়ে জি পি সিঙে৷ এডিজিপিগৰাকীয়ে মুখ্যমন্ত্রীৰ নির্দেশমর্মে ডিজিপিয়ে গোচৰটোৰ তদন্তৰ ভাৰ ইতিমধ্যে চিআইডিক অর্পণ কৰা বুলিও জানিবলৈ দিয়ে৷ এয়া আজি ধুবুৰী আৰক্ষীক তেওঁ অৱগত কৰা বুলি সদৰী কৰে৷ আনহাতে, সাংবাদিকগৰাকীৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰটোৰ সম্পর্কীয় নহ’লে ধুবুৰীৰ বন প্রাধিকৰণ বিষয়াগৰাকীৰ বিৰুদ্ধে উত্থাপিত কেইটামান অভিযোগৰ তদন্ত কৰিবলৈ ডিজিপিয়ে ভিজিলেঞ্চ আৰু এণ্টি কৰাপচন ব্রাঞ্চক নির্দেশ দিয়াৰ বিপৰীতে ধুবুৰী আৰক্ষীৰ বিগত দুবছৰৰ ঘটনাক্রমৰ তদন্ত কৰিবলৈ স্পেছিয়েল ইনভেষ্টিগেচন টীম গঠন কৰাৰ সিদ্ধান্ত লোৱা বুলি জানিবলৈ দিছে সিঙে৷ এডিজিপি সিঙে সাংবাদিক শর্মাৰ পিতৃ বিয়োগত দুখ প্রকাশ কৰে৷

ইয়াৰ পাছতে শীর্ষ আৰক্ষী বিষয়া সিঙে ডি আই জি ৰৌণক আলী হাজৰিকাক লগত লৈ সাংবাদিক ৰাজীৱ শর্মাৰ বাসগৃহলৈ গৈ সমগ্র বিষয়টোৰ সঠিক তদন্ত কৰা হ’ব বুলি পৰিয়ালক জানিবলৈ দিয়ে৷ তেওঁ শোকসন্তপ্ত পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰে৷ স্মর্তব্য যে যোৱা ১৫ জুলাইৰ নিশা প্রায় ২টা মান বজাত সাংবাদিক ৰাজীৱ শর্মাক জিলাখনৰ গৌৰীপুৰস্থ বাসগৃহৰ পৰা আৰক্ষী গ্রেপ্তাৰ কৰিছিল৷ ইফালে, দুর্ভাগ্যজনকভাৱে ৰাজীৱ শর্মা ধুবুৰী সদৰ থানাৰ লকআপত থকাৰ সময়ত কালি দিনৰ ভাগত তেওঁৰ অসুস্থ পিতৃ সুধীন শর্মাই (৬৪) নিজৰ গৌৰীপুৰস্থিত বাসগৃহত শেষনিশ্বাস ত্যাগ কৰে৷ ধুবুৰী ডিএফ’ই ধন দাবী সন্দর্ভত দাখিল কৰা এক এজাহাৰ মর্মে ধুবুৰী সদৰ থানাত ভাৰতীয় দণ্ডবিধিৰ ৩৮৯, ৩৮৪, ৩৮৫, ৩৫৪ আৰু ৫০৬ ধাৰাত ৯০৩/২০২০ নম্বৰত ধুবুৰী সদৰ থানাত এটা গোচৰ পঞ্জীয়ন কৰে৷ এই গোচৰ সংক্রান্তত সাংবাদিকজনক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছিল যদিও কালিয়েই বিয়লিৰ ভাগত ধুবুৰী আদালতে তিনি দিনৰ বাবে অন্তর্ৱর্তীকালীন জামিন প্রদান কৰে৷

আৰক্ষী অধীক্ষক–ডিএফঅ’ক বদলি

ধুবুৰীৰ সাংবাদিক ৰাজীৱ শর্মাক দুপৰ নিশা গ্রেপ্তাৰ কৰাৰ ঘটনাই সৃষ্টি কৰা প্রতিক্রিয়াৰ ফলস্বৰূপে আজি ৰাজ্য চৰকাৰে  ধুবুৰীৰ আৰক্ষী অধীক্ষকক বদলি কৰে৷ ৰাজ্য চৰকাৰৰ গৃহ বিভাগে  এক নির্দেশযোগে ধুবুৰীৰ আৰক্ষী অধীক্ষক যুৱৰাজক লিগিৰীপুখুৰীস্থিত প্রথম অসম আৰক্ষী বেটেলিয়নৰ কমাণ্ডেণ্ট হিচাপে বদলি কৰা হৈছে৷

আনহাতে, চৰাইদেউৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্রক ধুবুৰীৰ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া হৈছে৷ ইফালে, বিশেষ শাখাৰ আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্রক চৰাইদেউৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে৷ ইফালে, সাংবাদিক ৰাজীৱ শর্মাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা ধুবুৰীৰ ডি এফ অ’ বিশ্বজিৎ ৰয়কো বদলিৰ নির্দেশ দিছে ৰাজ্য চৰকাৰে৷ সেই অনুসৰি বিশ্বজিৎ ৰয়ক বন বিভাগৰ বশিষ্ঠত থকা জেনেটিক চেল সংমণ্ডললৈ বদলি কৰা হৈছে৷ আনহাতে, জেনেটিক চেল ডিভিজনত থকা ডি এফ অ’ পি ভি ট্রিম্বাক ধুবুৰীৰ ডি এফ অ’ হিচাপে বদলি কৰা হৈছে৷

You might also like