নিয়মীয়া বাৰ্তা, ২৫ জুলাইঃ শাওণৰ পথাৰত এতিয়া কৰ্মব্যস্ত ধুবুৰীৰ কালাহাটৰ কৃষক–ৰোৱনীসকল। সোণগুটিৰে পথাৰ উপচোৱাৰ সপোন ৰচাত ব্যস্ত তেওঁলোক। ধানৰ কঠিয়া ৰোৱাৰ সমান্তৰালকৈ প্ৰতিবাৰৰ দৰে এইবেলিও অঞ্চলটোৰ কিচমত হাসদহ দ্বিতীয় খণ্ড অঞ্চলৰ গঞাঁ ৰাইজ এতিয়া নিজৰ নিজৰ শাক–পাচলিৰ বাগিচাৰ পৰিচৰ্য্যাত ব্যস্ত। পটল, মূলা, বেগেনা, ভেণ্ডি, লেচেৰা, জলকীয়া আদি বিভিন্ন শাক–পাচলিৰ খেতি কৰি অহা দীপক কুমাৰ ৰায়, সদানন্দ ৰায়, তৰুণ চন্দ্ৰ ৰায়, গজেন চন্দ্ৰ ৰায়কে ধৰি গাওঁখনৰ কৃষকসকলৰ বহুতোৰে বৰ্তমানে আহৰি নাই। প্ৰচণ্ড ৰ’দকো নেওচি নিজৰ নিজৰ খেতিপথাৰত ব্যস্ত সকলোৱে। ইয়াৰে মাজতে ফুল কবি, বন্ধা কবি, বিলাহী আদিকে ধৰি অন্যান্য পাচলিৰ খেতি কৰিবলৈ তৎপৰতাও আৰম্ভ হৈছে এওঁলোকৰ মাজৰ একাংশৰ। উল্লেখ্যে যে, কালাহাটৰ শাক–পাচলিৰ এক বিশেষ চাহিদা আছে ধুবুৰীকে ধৰি জিলাখনৰ বিভিন্ন প্ৰান্তৰ বজাৰত । পিছে একক প্ৰচেষ্টা আৰু গাঁঠিৰ ধন খৰচ কৰি শাক–পাচলিৰ খেতি কৰি অহা কিচমত হাসদহৰ দ্বিতীয় খণ্ড গাওঁৰ গৰিষ্ঠ ক্ষুদ্ৰ খেতিয়কৰ মনত কৃষি বিভাগৰ বিৰূদ্ধে আছে ক্ষোভ; কৃষি বিভাগৰ বহুল প্ৰচাৰিত বিভিন্ন বিভিন্ন আঁচনিৰ অধিকাংশই আজিলৈ তেওঁলোকক ঢুকি নেপোৱাৰো আছে অভিযোগ। অৱশ্যে ধুবুৰীস্থ বিভাগৰ মুখাপেক্ষী হৈ বহি নাথাকি এইসকল কৃষকে মুকলি বজাৰৰ পৰাই ক্ৰয় কৰে বিভিন্ন শাকপাচলিৰ বীজকে ধৰি প্ৰয়োজনীয় সাৰ আৰু ভিটামিন। অৱশ্যে বৰ্তমানে বজাৰত বিভিন্ন শাক–পাচলিৰ বীজৰ উৰ্ধমুখী দামক লৈ বিপাংত দৰিদ্ৰ আৰু মধ্যবিত্ত এইসকল কৃষকৰ বহুতেই। জানিব পৰা মতে, বৰ্তমানে বজাৰত ভেণ্ডিৰ বীজৰ দাম হৈছেগৈ কেজি প্ৰতি ৪ হাজাৰ টকা। অনুৰূপে কবিৰ ১০ গ্ৰামৰ বীজৰ পেকেটৰ দাম হৈছেগৈ ৪৫০–৫০০ টকা, জলকীয়াৰ বীজ ১০ গ্ৰাম ৫০০–৬০০টকা, বিলাহীৰ ১০ গ্ৰামৰ বীজৰ দাম ১৬০০ টকা, ১০ গ্ৰাম জিকাৰ বীজৰ দাম ৮০০ পৰা ১০০০ টকা, ভোলৰ বীজৰ ১০ গ্ৰাম পেকেটৰ দাম হৈছেগৈ বৰ্তমানে ৪০ ৰ পৰা ৮০ টকা। কেৱল বীজেই নহয়; বিভিন্ন সাৰ, যেনে ইউৰিয়া, চুপাৰ ফচফেট, ডিএপি, এনপকে আদিকে ধৰি শাক–পাচলিৰ পুষ্টিৰ বাবে লাগতিয়াল বিভিন্ন ভিটামিনো দামো হৈছে উৰ্ধমুখী।আনকি কৃষকৰ বাবে থকা জলসিঞ্চনৰ আঁচনি এখনো অঞ্চলটোত আজিলৈ কৃষি বিভাগে ৰূপায়িত হোৱা নাই বুলিও জনাইছে কিচমত হাসদহ দ্বিতীয় খণ্ড গাওঁৰ একাংশ কৃষিজীৱি ৰাইজে। ফলত খৰালিত নিজৰ নিজৰ খেতিডৰাত পানীৰ ব্যৱস্থা কৰিবলৈ হাবাথুৰি খাবলগীয়া হয় বুলিও জনাইছে গাওঁখনৰ দীপক, সদানন্দ, তৰুণ, গজেনকে ধৰি অঞ্চলটোৰ অইন কেইবাগৰাকী ভূক্তভোগী কৃষকে। ইয়াৰ মাজতে আকৌ অৰ্থ্যাৎ ২০২১ বৰ্ষত কৃষি বিভাগে ’চিজন’ প্ৰায় উকলাৰ সময়ত দিয়া বীজৰে শাক–পাচলিৰ খেতি কৰি উপযুক্ত ফলন নোপোৱাৰ পিছত বৰ্তমানে বিভাগটোলৈ অকণো ভৰসা নকৰা বুলিও পোনচাতেই মত প্ৰকাশ কৰিছে অঞ্চলটোৰ কেইগৰাকীমান কৃষকে। আনকি যোৱা বছৰ ম্যাদ উকলি যোৱা বীজ প্ৰদান কৰা বুলি ধুবুৰীস্থ কৃষি বিভাগৰ প্ৰতিও ক্ষোভো উজাৰে তেওঁলোকৰ একাংশই। আজি গাওঁখনত বাতৰি সংগ্ৰহ কৰিবলৈ উপস্থিত হোৱা এই প্ৰতিবেদকক প্ৰথমাৱস্থাত কৃষি বিভাগৰ গ্ৰামসেৱক বুলি ভৱা জগন্নাথ ৰায় নামৰ কৃষকগৰাকীৰ অকপট স্বীকাৰোক্তি, কাচিৎ হে হেনো বিভাগীয় গ্ৰাম সেৱকগৰাকীক গাওঁখনত দেখা পায় তেওঁ। শাক–পাচলিৰ খেতিয়কৰূপে দীৰ্ঘ বহু বছৰৰ অভিজ্ঞতাৰে পুষ্ট ৰায়ৰ স্পষ্ট মত, ‘’‘কাম নাই; থাকিও নাই ধুবুৰীৰ কৃষি বিভাগ। আমাৰ দৰে কৃষকৰ বাবে নহয়; ধনীৰ বাবেহে বিভাগটো। বিভাগে ভৰ্তুকী মূল্যত দিয়া ট্ৰেক্টৰ বা অন্যান্য সামগ্ৰী দিয়া হয় ধনীলোককহে।’’ অৱশ্যে কৃষি বিভাগৰ সহায়–সহযোগিতা অবিহনেই; একক প্ৰচেষ্টাৰ শাক–পাচলিৰ খেতি কৰি অহা ধুবুৰীৰ কালাহাটৰ কিচমত হাসদহ দ্বিতীয় খণ্ড অঞ্চলৰ কৃষক সকলৰ উৎপণ্ণ সামগ্ৰীৰ নাম আছে ধুবুৰীকে সমগ্ৰ জিলাখনতেই।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী