নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লক্ষ্মী পূজাৰ প্ৰাকমুহূৰ্তত ধুবুৰীৰ ফলমূলৰ বজাৰত মূল্যবৃদ্ধিৰ জুই

নিয়মীয়া বাৰ্তা, ২৭ অক্টোবৰঃ কেৱল শাক-পাচলিয়েই নহয়; এনিশাৰ ভিতৰত ফল-মূলৰ দামো আকাশলংঘী হৈ পৰা দেখা গৈছে ধুবুৰীত। লক্ষীপূজাৰ প্ৰাক মূহুৰ্তত আজি পূজাৰ বজাৰ-সমাৰ কৰিবলৈ ধুবুৰীৰ বজাৰত উপস্থিত হোৱা সৰ্বসাধাৰণ ৰাইজৰ মাজত শাক-পাচলিৰ সমান্তৰালকৈ ফল-মূলৰ দাম অকস্মাতে বৃদ্ধি পোৱাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰো। ধুবুৰীৰ বজাৰত বৰ্তমানে আপেলৰ দাম কেজি প্ৰতি ১২০ টকা। ঠিক অনুৰূপে, প্ৰতি কেজি নাচপতিৰ দাম ১৬০ টকা, ডালিম কেজি প্ৰতি ২০০ টকা, মধুৰি আম কেজি প্ৰতি ২৪০ টকা, মোচম্বি কেজি প্ৰতি ৬০ টকা, বাঙীৰ কেজি ৫০ টকা, আঙুৰ প্ৰতি কেজিত ২৮০ টকা আৰু এক কেজি মালভোগ কলৰ দাম হৈছে গৈ ৭০ টকা। আনহাতে বজাৰত বৰ্তমানে বাকলি এৰোৱা ৩টা নাৰিকলৰ দাম এশ টকা। আনহাতে পূজাৰ ঘটৰ সৰু আকাৰৰ নাৰিকল এটাৰ দাম হ’ল বৰ্তমানে হৈছেহি গাইপতি ৩০ টকাকৈ। এযোৰ কুঁহিয়াৰৰ দাম (আকাৰ ভেদে) হৈছে ৩০ ৰ পৰা ৪০ টকা। উল্লেখ্য যে, ফল-মূলৰ সমান্তৰালকৈ ধুবুৰীৰ বজাৰত বৃদ্ধি পাইছে ফুল, বেলপাত আদিকে ধৰি মাটিৰ চাকিৰ দামো। বৰ্তমানে বজাৰত এটা সৰু আকাৰৰ মাটিৰ চাকিৰ দাম হৈছে এটকা। ঠিক অনুৰূপে মজলীয়া আকাৰৰ চাকিৰ দাম বৃদ্ধি পাই হৈছেহি গাইপতি ২ টকাকৈ। উল্লেখ্য যে, যিকোনো পূজা-পাৰ্বণ আহিলেই ধুবুৰীৰ বজাৰত শাক-পাচলিকে ধৰি ফল-মূলৰো অভূতপূর্ব মূল্যবৃদ্ধি হোৱাটো এক স্বাভাৱিক পৰিঘটনাত পৰিণত হৈছে। কিন্তু উল্লেখনীয় যে, আজিলৈ বিষয়টো সন্দৰ্ভে প্ৰশাসন বা ধুবুৰীৰ অসামৰিক যোগান বিভাগে কোনো ধৰণৰ পদক্ষেপ লোৱা দেখা যোৱা নাই; আনকি বিষয়টো লৈ কোনো এগৰাকী জনপ্ৰতিনিধিও মাত-মতা দেখা নাই ৰাইজে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like