নিয়মীয়া বাৰ্তা, ১৪ অক্টোবৰঃ আজি মহালয়া। দূৰ্গতনাশিনী দেৱী দুৰ্গাৰ মৰ্ত্যলৈ যাত্ৰা কৰাৰ আজিৰ এই বিশেষ দিনটোত দেৱীক আদৰিবলৈ আজি পুৱাৰে পৰা ধুবুৰীত সৃষ্টি হয় এক উখল মাখল পৰিৱেশ। দীৰ্ঘ বহু বছৰৰ পৰা চলি অহা পৰম্পৰা অক্ষুণ্ণ ৰাখি আজি পুৱা ধুবুৰীৰ ঐতিহ্যমণ্ডিত টাউন ক্লাৱৰ উদ্যোগত আয়োজিত হয় মহালয়া উপলক্ষে এক বিশেষ শোভাযাত্ৰা। ক্লাবটোৰ সদস্য সকলে অংশ লোৱা সেই বৰ্ণাঢ্য শোভাযাত্ৰাত এখন সুসজ্জিত ট্ৰাকৰ ওপৰত স্থানীয় শিল্পীসকলে পৰিৱেশন কৰা চণ্ডীপাঠৰ সুৰে ধুবুৰী চহৰৰৰ ৰাজপথ ৰজনজনাই তুলে। আনহাতে, অইন অইন বছৰৰ দৰে আজি পুৱা ধুবুৰী কালীবাৰী প্ৰাংগনত মহালয়া উপলক্ষে আয়োজিত হয় আন এক বিশেষ সাংস্কৃতিক কাৰ্যসূচী। কালীবাৰী মন্দিৰ কৰ্তৃপক্ষ আৰু নৃত্যাঙ্গন নামৰ এটি সাংস্কতিক গোষ্ঠীৰ উদ্যোগত আয়োজিত সেই কাৰ্যসূচীত শিশু শিল্পী সকলে পৰিৱেশন কৰা “নবৰূপত দশভূজা” শীৰ্ষক এক নৃত্যনাটিকাই মন মুহিব লৈ সক্ষম হয় উপস্থিত সকলোৰে। ইয়াৰোপৰি ধুবুৰী চহৰৰ মাজমজিয়াৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত “ঝংকাৰ বিট ডেন্চ গ্ৰুপ” নামৰ সাংস্কৃতিক গোষ্ঠী এটাৰ উদ্যোগত মহালয়া উপলক্ষে অনুষ্ঠিত হয় দৃষ্টিনন্দন এক সাংস্কৃতিক কাৰ্যসূচীও।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী