নিয়মীয়া বাৰ্তা, ২৫ এপ্ৰিল : আনছাৰুল বাংলা টিম (এবিটি)ৰ ধৃত তিনি সদস্যক আজি ধুবুৰী আদালতে ৮ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে। স্মৰ্তব্য যে, যোৱা ২৩ এপ্ৰিলৰ মাজনিশাৰ পৰা ২৪ এপ্ৰিলৰ পুৱতি নিশালৈ ধুবুৰীৰ তিনিটাকৈ পৃথক পৃথক অভিযান চলাই কুখ্যাত বাংলাদেশী জেহাদী গোষ্ঠী এবিটিৰ ধুবুৰী মডিউলৰ সৈতে জড়িত তিনিগৰাকীকৈ ব্যক্তিক কৰায়ত্ব কৰিছিল আৰক্ষীয়ে। আজি বিয়লিৰ ফালে তিনিওকে কটকটীয়া নিৰাপত্তাৰ ধুবুৰী আদালতত হাজিৰ কৰায় আৰক্ষীয়ে। আৰক্ষীয়ে ১০ দিনৰ বাবে নিজৰ জিম্মাত বিচাৰিছিল যদিও আদালতে তিনিওকে ৮ দিনৰ বাবে ধুবুৰী আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। স্মৰ্তব্য যে, ধৃত সেই এবিটি সদস্য তিনিগৰাকী হ’ল ধুবুৰী চহৰৰ পাৰ্শ্ববৰ্তী বগুলামাৰীৰ বাসিন্দা ছফিকুল ইছলাম (২৫), ভাৰত-বাংলাদেশ সীমান্তৰ সমীপৱৰ্তী সস্তাৰঘাট দ্বিতীয় খণ্ডৰ মোজাহিদুল মণ্ডল (২১) আৰু টাকীমাৰীৰ বাদশা শেখ। জানিব পৰা মতে, ৰাজ্যত পূৰ্বে আৰক্ষীৰ জালত পৰা এবিটি সদস্যৰ সৈতে ধৃত তিনিওৰে ধনৰ লেনদেন হোৱাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে। তিনিও বাংলাদেশী জেহাদী গোষ্ঠীটোত নতুন সদস্য ভৰ্তি কৰাৰ তৎপৰতা আৰম্ভ কৰিছিল বুলিও সন্দেহ কৰিছে আৰক্ষীয়ে। আনকি পশ্চিমবংগ, উত্তৰপ্ৰদেশ আদিকে ধৰি কেইবাখনো বহিঃ ৰাজ্যৰ সৈতে ত্ৰয়ীৰ সংযোগ থকা বুলিও সন্দেহ আৰক্ষীৰ। জানিব পৰা মতে, তিনিওৰে পৰা কিছু ইলেকট্ৰ’নিক সঁজুলিও জব্দ কৰিছে আৰক্ষীয়ে। উল্লেখ্য যে, ধৃত ছফিকুল ইছলাম ধুবুৰী জিলাৰ পাণবাৰীৰ এখন মাদ্ৰাছৰ সৈতে জড়িত আছিল। ইপিনে যোৱাকালিৰে পৰা ধুবুৰী সদৰ থানাত ধুবুৰী আৰক্ষীৰ শীৰ্ষ মহল, অসম আৰক্ষীৰ বিশেষ শাখাৰ উপৰিও বিভিন্ন কেন্দ্ৰীয় সংস্থাই এবিটিৰ ধৃত সেই তিনি সদস্যক শোধপোচ কৰি থকা বুলি প্ৰকাশ। অৱশ্যে তদন্তৰ খাতিৰত তিনিওৰে জেৰাত পোৱা কোনো তথ্য এতিয়ালৈ ৰাজহুৱা কৰা নাই আৰক্ষীয়ে।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী