নিয়মীয়া বাৰ্তা, ১৫ ডিচেম্বৰঃ বিগত কিছুদিনৰ পৰা স্তব্ধ হৈ পৰা ধুবুৰীৰ নদী বন্দৰটোৰ অচলাবস্থাৰ অবসান ঘটা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, বৰ্তমানে বন্দৰটোত পুনৰ আৰম্ভ হৈছে স্বাভাৱিক কাম-কাজ। উল্লেখ্য যে, ভাৰত, ভূটান আৰু বাংলাদেশৰ মাজত হোৱা এক বুজাবুজিৰ আধাৰত ভূটানৰ পৰা অহা শিল ধুবুৰীৰ এই নদী বন্দৰৰ পৰা বৰলুইতেৰে পঠিওৱা হৈছিল বাংলাদেশৰ চিলমাৰী নদী বন্দৰলৈ। প্ৰথমাৱস্থাত নদী বন্দৰটোৰ কাম-কাজ স্বাভাবিক ভাবেই চলি আছিল যদিও বিগত ২৫ আগষ্টৰ পৰা ভাৰতীয় জল প্ৰাধিকৰণে নদী বন্দৰটোৰ পৰিচালনা আৰু তত্বাবধানৰ অপাৰেটৰ ৰূপে মুম্বাইৰ মেচাৰ্ছ এ টু জেড এক্সিম নামৰ এটা প্ৰতিষ্ঠানক দায়িত্ব দিয়াৰ পিছৰে পৰা বন্দৰটোত লাহে লাহে সৃষ্টি হ’বলৈ লৈছিল বিভিন্ন জটিলতাৰ। নদী বন্দৰটোৰ দায়িত্ব পোৱাৰ পিছত মেচাৰ্ছ এ টু জেড এক্সিমে লোডিং/আনলোডিং চাৰ্জ বৃদ্ধি কৰি ৩০০ টকাৰো অধিক কৰিছিল। মূলতঃ এই বিষয়টোলৈ নদী বন্দৰটোৰ সৈতে জড়িত চিএনএফ আৰু এক্সপোৰ্টাৰ সকল ক্ষুব্ধ হৈ পৰিছিল। লাহে লাহে নদী বন্দৰটোৰ তত্বাবধায়কৰ দায়িত্বত থকা প্ৰতিষ্ঠান আৰু ৰপ্তানীকাৰক সকলৰ মাজৰ সম্পৰ্ক ইমানেই তিক্ত হৈ পৰিছে যে দুয়ো পক্ষই পৰস্পৰৰ বিৰূদ্ধে ধুবুৰী সদৰ থানাত এজাহৰো দাখিল কৰিছিল। পিছলৈ গৈ মেচাৰ্ছ এ টু জেডে নদী বন্দৰটোত স্বেচ্ছাচাৰিতা চলাই থকাৰ অভিযোগ তুলি বাংলাদেশলৈ শিল প্ৰেৰণ কৰা বন্ধ কৰি দিছিল চিএনএফ আৰু ৰপ্তানীকাৰক সকলে। আনকি বিগত ২৯ নৱেম্বৰৰ দিনা বিষয়টো লৈ তদন্ত চলাবলৈ ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ উপাধ্যক্ষ সুনীল কুমাৰ সিঙৰ নেতৃত্বত বিনায়ক আজাদ (কাৰিকৰী) আৰু আঞ্চলিক সঞ্চালক (গুৱাহাটীৰ) এ চেলভা কুমাৰৰ এটি তিনিজনীয়া দল উপস্থিত হৈছিল ধুবুৰীত। জানিব পৰা মতে, স্থানীয় চিএনএফ আৰু ৰপ্তানীকাৰকৰ দাবি মানি লৈ মেচাৰ্ছ এ টু জেড এক্সিমে পূৰ্বৰ নিৰিখ হ্ৰাস কৰি লোডিং/আন-লোডিং চাৰ্জ ২২০ টকা কৰাৰ লিখিত প্ৰতিশ্ৰুতি দিয়ে। তাৰপিছত দীৰ্ঘ অচলাবস্থাৰ অৱসান ঘটাই বিগত ১২ ডিচেম্বৰৰ পৰা ধুবুৰীৰ এই নদী বন্দৰটোৰে পুনৰ আৰম্ভ হৈছে আন্তৰ্জাতিক বাণিজ্য।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী