নিয়মীয়া বাৰ্তা, ৪ জুলাইঃ মহিলা এগৰাকীক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগত ধুবুৰীৰ বি এন কলেজ নগৰ আৰক্ষী চকীৰ এছআই হৰেন্দ্ৰ চন্দ্ৰ বিশ্বাসক নিলম্বন কৰা হোৱা বুলি জানিব পৰা গাছে। জানিব পৰা মতে, আৰক্ষী বিষয়াগৰাকীয়ে মোবাইলত গালিগালাজ কৰাৰ অভিযোগ তুলি ধুবুৰী আৰক্ষীৰ শীৰ্ষ মহলক এক অভিযোগ দিছিল এগৰাকী মহিলাই। অভিযোগকাৰিণী মহিলাগৰাকী পশ্চিমবংগৰ জলপাইগুৰি আদালতৰ এগৰাকী কৰ্মচাৰী। আৰক্ষীয়ে আজি বিয়লিৰ ফালে ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত এছআই হৰেন্দ্ৰ বিশ্বাসৰ স্বাস্থ্য পৰীক্ষা কৰাই সুৰাসক্ত অৱস্থাত থকা পায়। অৱশেষত আজি নিশা আৰক্ষী বিষয়াগৰাকীক নিলম্বন কৰাৰ সমান্তৰালকৈ তেওঁৰ বিৰূদ্ধে বিভাগীয় ভাৱে কাৰ্য্যব্যৱস্থা লোৱা হ’ব বুলি জানিব পৰা গৈছে।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী