নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বানৰ সুযোগ লৈ ন ন পদ্ধতিৰে গৰু সৰবৰাহ বাংলাদেশলৈঃ পোনছাটেই অস্বীকাৰ ধুবুৰী-দক্ষিণ শালমাৰা মানকাচৰ জিলা আৰক্ষীৰ শীৰ্ষ মহলৰ

নিয়মীয়া বাৰ্তা, ২৯ জুনঃ বানৰ সুযোগ লৈ অসমৰ পৰা বাংলাদেশলৈ চোৰাংকৈ গো সৰবৰাহৰ সৈতে জড়িত চক্ৰসমূহৰ তৎপৰতা বৃদ্ধি পাইছে নেকি বুলি একাংশ মহলত এক চৰ্চা আৰম্ভ হোৱা পোৱা গৈছে। আগন্তুক ঈদৰ বাবে বাংলাদেশত সৃষ্টি হোৱা গোধনৰ চাহিদা আৰু ব্ৰহ্মপুত্ৰকে ধৰি ইয়াৰ উপনৈ সমূহৰ জলস্তৰ ফেনেফুটুকাৰে বাঢ়িব লোৱাৰ পৰিপ্ৰেক্ষিতত এয়া এক গুৰুত্বপূৰ্ণ প্ৰশ্নৰূপেও চিহ্নিত হৈছে। উল্লেখ্য যে, পূৰ্বৰ ধুবুৰী জিলা তথা অধুনা ধুবুৰী আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলাৰে বাংলাদেশৰে আছে ৬১ কিলোমিটাৰৰ উন্মুক্ত নদী সীমান্ত। এনে প্ৰেক্ষাপটত জিলা দুখনৰ দূৰ্গম অঞ্চলেদু নদীৰ সোঁতত উটুৱাই অথৱা কলগছৰ ভূৰেৰে বাংলাদেশলৈ চোৰাং গৰু সৰবৰাহ কৰাৰ সৈতে জড়িত থকা পূৰ্বৰ চক্ৰ এটা পুনৰ সক্ৰিয় হৈ পৰাৰ সম্ভাৱনা নোহোৱা নহয় বুলিয়েই মত প্ৰকাশ কৰা পোৱা গৈছে একাংশই। স্মৰ্তব্য যে, ২০১৯ চনৰৰ ৫ মাৰ্চৰ দিনা তদানীন্তন কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে  ধুবুৰীৰ ভাৰত–বাংলাদেশ সীমান্তৰ অতি দূৰ্গম বৰ্মনপাৰা সীমান্ত নীৰিক্ষণ চকী (বিওপি)ত উপস্থিত হৈ সীমান্ত নীৰিক্ষণৰ এক অত্যাধুনিক পদ্ধতি শুভাৰম্ভ কৰিছিল৷ “কম্প্ৰিহেনচিভ ইনটিগ্ৰেডেড বোৰ্ডাৰ মেনেজমেন্ট চিচটেম” ( চি. আই.বি.এম.চি.) নামৰ এক আঁচনীৰ অধীনত নিৰ্মাণ কৰি উলিওৱা বোল্ড-ক্যুইট নামৰ অত্যাধুনিক সেই পদ্ধতিৰ সহায়ত ধুবুৰীৰ বিন্নাচৰাৰ পৰা মানকাচৰৰ শিশুমাৰালৈ প্ৰায় ৬১ কিলোমিটাৰ দৈৰ্ঘ্যৰ ভাৰত-বাংলাদেশ  নদীসীমান্তত এক কটকটীয়া নিৰাপত্তা বেহু গঢ়ি তোলা সম্ভৱ হ’ব বুলিও দাৱী কৰিছিল সীমান্ত সুৰক্ষা বাহিনী (বি এছ এফ)য়ে৷ কিন্তু উক্ত ব্যৱস্থাপনা স্থাপন কৰাৰ পিছতো এতিয়াও আৰক্ষী আৰু বিএছএফৰ অভিযানত ধুবুৰী আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তাইদি চোৰাংকৈ সৰবৰাহ কৰিবলৈ অনা বহু পশুধন জব্দ  হোৱাৰ সমান্তৰালকৈ গো সৰবৰাহকাৰীও কৰায়ত্ব হোৱা প্ৰত্যক্ষিত হৈছে। ফলত স্বাভাৱিক ভাৱেই অত্যাধ্যুনিক সেই ‘‘স্মাৰ্ট ফেঞ্চিং’’ ব্যৱস্থাপনা ভাৰত–বাংলাদেশ সীমান্তত সক্ৰিয় গো সৰবৰাহকাৰীসকলক নাকী লগোৱাৰ বাবে যথেষ্ট নহয় বুলিয়েই প্ৰতীয়মান হৈছে। উল্লেখনীয় যে, পূৰ্বে ধুবুৰী জিলাৰ আগমনি থানাৰ অন্তৰ্গত গৌৰ ঝাপুসাবাৰীৰ পাৰ্শ্বৱৰ্তী কালজানী নদীৰ এটা বিশেষ অঞ্চলকে ধৰি দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ কেতবোৰ বিশেষ অঞ্চলৰ পৰা নদীপথেৰে কলগছৰ ভূৰত বান্ধি বাংলাদেশলৈ গৰু সৰবৰাহ কৰাৰ উদাহৰণ নথকা নহয়। ফলত স্বাভাৱিক ভাৱে আগন্তুক ঈদৰ বাবে বাংলাদেশত থকা চাহিদা আৰু বানৰ সুযোগ লৈ পুনৰ পূৰ্বৰ দৰে অনুৰূপ পন্থাৰে বাংলাদেশলৈ গৰু সৰবৰাহ আৰম্ভ হৈছে নেকি বুলি এক প্ৰশ্নৰ উদয় হৈছে। অৱশ্যে বৰ্তমানে কলগছৰ ভূৰ অথৱা নদীৰ সোঁতত উটুৱাই দি পূৰ্বৰ সেই পদ্ধতিৰে গৰু সৰবৰাহ হৈ নাই বুলি পোনছাটেই অস্বীকাৰ কৰিছে ধুবুৰী আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলা আৰক্ষীৰ শীৰ্ষ মহলে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like