নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৰ্মচাৰীৰ অভাৱত ধুবুৰীৰ জিলা পুথিভঁৰালত অচলাৱস্থা

নিয়মীয়া বাৰ্তা, ২১ মাৰ্চঃ প্ৰয়োজনীয় কৰ্মচাৰীৰ অভাৱত ধুবুৰীস্থিত জিলা পুথিভঁৰালত প্ৰায় অচলাৱস্থাৰ উদ্ভৱ হোৱাক লৈ স্থানীয় গ্ৰন্থপ্ৰেমীৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এসময়ত পঢ়ুৱৈ আৰু গ্ৰন্থপ্ৰেমীৰ উপস্থিতিত গিজগিজাই থকা এই পুথিভঁৰালত বৰ্তমানে বিৰাজ কৰিছে এক নিমাওমাও পৰিৱেশ। বৰ্তমানে মাথো চাৰিগৰাকী কৰ্মচাৰীৰে চলিছে দীৰ্ঘ ইতিহাসৰ সাক্ষী এইখন চৰকাৰী পুথিভঁৰাল। এই পুথিভঁৰালত বৰ্তমানে কৰ্মৰত হৈ আছে মাথো চাৰিগৰাকী কৰ্মচাৰী। এওঁলোকৰ এগৰাকী গ্ৰন্থাগাৰিক, নিম্ন বৰ্গৰ এগৰাকী পিয়ন, এগৰাকী চকিদাৰ আৰু ঝাৰুদাৰ এগৰাকী। জানিব পৰা মতে, দীৰ্ঘ বহু বছৰৰ পৰাই ধুবুৰীৰ এই জিলা পুথিভঁৰালত নাই উচ্চ বৰ্গৰ সহায়ক, নিম্ন বৰ্গৰ সহায়ক, সহকাৰী গ্ৰন্থাগাৰিক, কাৰিকৰী সহায়ক, কাউন্টাৰ এটেনডেন্ট আৰু বুক বাইণ্ডাৰ। ইপিনে, ধুবুৰীৰ জিলা পুথি ভঁৰালৰ বৰ্তমানৰ গ্ৰন্থাগাৰিকগৰাকীয়ে মাহৰ অধিকাংশ দিন ধুবুৰীৰ নিজ কৰ্মস্থলীত উপস্থিত নাথাকাৰো এক অভিযোগ আছে। অৱশ্যে ধুবুৰীস্থ এই জিলা পুথিভঁৰালৰ উপৰি বঙাইগাঁও জিলাৰ অভয়াপুৰিৰ মহকুমা পুথিভঁৰালৰ দায়িত্বতো আছে তেওঁ। উল্লেখ্য যে, ১৯৫৬ চনতেই ধুবুৰী এই পুথিভঁৰালস্থাপিত হৈছিল। ১৯৮৫ চনৰ ২৮ জানুৱাৰীৰ দিনা ধুবুৰীৰ ১নং ৱাৰ্ডত নতুনকৈ নিৰ্মিত এটা দুমহলীয়া ভৱনত আৰম্ভ হোৱা এই পুথিভঁৰালত প্ৰায় ৮০ হাজাৰৰো অধিক গ্ৰন্থ থকা বুলি প্ৰকাশ। প্ৰাক্ স্বাধীনোত্তৰ কালৰ তথ্য সম্বলিত বহু আপুৰুগীয়া গ্ৰন্থও আছে এইখন পুথিভঁৰালত। কিন্তু উপযুক্ত লোকবল তথা ৰক্ষণাবেক্ষণৰ অভাৱত ধুবুৰীৰ এই জিলা পুথি ভঁৰালৰ বহু মূল্যৱান গ্ৰন্থ উৱলিব লোৱা দেখা গৈছে। ফলত স্বাভাৱিক ভাৱেই এই ঘটনাই ধুবুৰীৰ গ্ৰন্থপ্ৰেমী ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি কৰিছে আৰু দাৱী উঠিছে পুথিভঁৰালৰ খালী থকা পদবোৰ অনতিপলমে পূৰণ কৰাৰ । লগতে এই পুথিভঁৰালত থকা মূল্যৱান গ্ৰন্থসমূহ ৰক্ষণাবেক্ষণৰ ব্যৱস্থা লোৱাৰ লগতে ইয়ালৈ অহা দৈনিক পঢ়ুৱৈৱে পাবল’গীয়া সা–সুৱিধাসমূহ যথাযথ ভাৱে প্ৰদান কৰাৰ বাবে বিভাগীয় কৰ্তৃপক্ষই তৎকালে ব্যৱস্থা লোৱাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে সচেতন ৰাইজে।

প্ৰেৰক অমিতাভ  চক্ৰৱৰ্তী

You might also like