নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ গুৱাহাটীৰ দৌলগোবিন্দৰ দৌল উৎসৱত দিহিং সত্ৰলৈ বিশাল শোভাযাত্ৰা ভক্তৰ

নিয়মীয়া বাৰ্তা, ২১ মাৰ্চঃ উত্তৰ গুৱাহাটীৰ  ঐতিহাসিক মহাপ্ৰভু শ্ৰীশ্ৰী দৌল গোবিন্দ  মন্দিৰত  পূৰ্বৰ পৰম্পৰা অক্ষুণ্ণ ৰাখি এইবাৰো মহা আৰম্বৰেৰে  পাঁচ দিনিয়াকৈ দৌল উৎসৱৰ  আয়োজন কৰা হৈছিল। উল্লেখ্য যে  ক’ৰোনা মহামাৰীৰ কাৰণে যোৱা দুটা বছৰ  এই দৌল উৎসৱ বন্ধ ৰখা হৈছিল । দুটা বছৰ বিৰতিৰ পিছত এইবাৰ পাঁচ দিনীয়াকৈ পালন কৰা দৌল উৎসৱত  লোকে লোকাৰণ্য হৈ পৰে। উল্লেখযোগ্য যে মহাপ্ৰভু দৌল গোবিন্দ মন্দিৰৰ  এই দৌল উৎসৱৰ প্ৰথম দিনা  অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব‌‌‌ শৰ্মায়ো  প্ৰভুৰ  শ্ৰীচৰণত পূজা অৰ্চনা কৰি  ৰাইজৰ আৰু ৰাজ্যখনৰ মঙ্গলৰ বাবে প্ৰভূৰ আশীৰ্বাদ গ্ৰহণ কৰে।  উৎসৱৰ আটাই কেইদিন  ভক্ত সকলে গায়ন বায়ন, নাম প্ৰসঙ্গ, হোলি গীত আদিৰে মুখৰিত কৰি তুলি ভক্তিৰসৰ নিজৰা বোৱাই ৰাখিছিল। আজি উৎসৱৰ অন্তিম দিনা পুৰ্বৰ পৰম্পৰা অনুসৰি  প্ৰায় শহস্ৰাধিক ভক্তই মহাপ্ৰভুৰ  থাপনা লৈ দৌল গোবিন্দ মন্দিৰৰ পৰা উত্তৰ গুৱাহাটী দিহিং সত্ৰলৈ গায়ন-বায়ন ,ধুলীয়া- খুলীয়া , গীত-নৃত্যৰে  এটা বিশাল শোভাযাত্ৰা কৰি  অন্যাণ্য বৰ্ষৰ দৰে গোঁসাই ঘূৰুৱা পৰ্ব পালন কৰে । গোসাঁই ঘুৰোৱা সময়ত  ৰাষ্টাত সকলো ভক্তপ্ৰান ৰাইজে প্ৰত্যেকৰ ঘৰে ঘৰে নঙলা মূখত কলপুলি পুতি ধূপ, ধুনা, চাকি, নৈবদ্য আদিৰে মহা প্ৰভূক আদৰণি জনাই প্ৰভুৰ আশীৰ্বাদ গ্ৰহণ কৰে। শেষত প্ৰভূক স্নান কৰোৱাৰ লগতে সকলো শোভাযাত্ৰাকাৰী ৰাইজে স্নান কৰি নিশাৰ ভাগত প্ৰভূক পুনৰ গায়ন-বায়ন , গীত-নৃত্য আৰু ধুপ ধুনাৰে মূল বিগ্ৰহত প্ৰতিষ্ঠা কৰে।
প্ৰেৰক মুনীন ডেকা

You might also like