নিয়মীয়া বাৰ্তা ৩ অক্টোবৰঃ ৰাজ্য তোলপাৰ লগোৱা অসম আৰক্ষীৰ উপ–পৰিদর্শক (এছ আই) পদৰ পৰীক্ষাৰ বহু বিস্ফোৰক তথ্য সদৰী কৰিছে কেলেংকাৰিটোৰ অন্যতম মাষ্টাৰ মাইণ্ড দিবন ডেকাই৷ এছ আই পৰীক্ষা কেলেংকাৰিৰ মূল খলনায়ক কোন, এই কেলেংকাৰিত কোন কোন জড়িত, সেই সন্দর্ভত ক্রাইম ব্রাঞ্চৰ জেৰাত মুখ খুলিছে দিবন ডেকাই৷ কেলেংকাৰিটোত জড়িত বুলি দিছপুৰৰ একাংশ প্রভাৱশালী ৰাজনীতিক, ব্যক্তি আৰু আৰক্ষী বিষয়াৰ নাম লৈছে বিজেপিৰ সদ্যনিলম্বিত নেতা দিবন ডেকাই৷ ধৃত দিবন ডেকাৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীৰ এক সূত্রই জনোৱা মতে, দিছপুৰৰ একাংশ প্রভাৱশালী ৰাজনীতিকৰ অঙহী–বঙহী আৰু ঘনিষ্ঠক এছ আই পদত নিযুক্তি দিয়াৰ পৰিকল্পনা গ্রহণ কৰা হৈছিল৷ মুঠ ৫৯৭টা এছ আই পদৰ ভিতৰত দিছপুৰৰ এই প্রভাৱশালী ৰাজনীতিককেইজনৰ প্রার্থীয়ে চাকৰি পোৱাটো নিশ্চিত কৰিবলৈ বিশেষ পদক্ষেপ গ্রহণ কৰিবলৈ বিজেপি নেতা দিবন ডেকাক দায়িত্ব দিয়া হৈছিল৷ লিখিত পৰীক্ষাত উত্তীর্ণ নহ’লে চাকৰি দিয়াটো সম্ভৱ নহয় বাবে প্রভাৱশালী ৰাজনীতিক চক্রটোৰ প্রার্থীসকলৰ বাবে বিশেষ প্রশিক্ষণৰ ব্যৱস্থা কৰিবলৈ দিবন ডেকাক দায়িত্ব দিয়া হয়৷ এইক্ষেত্রত দিবন ডেকাক সহায় কৰিবলৈ দিছপুৰৰ এজন প্রভাৱশালী ৰাজনীতিকৰ অতি ঘনিষ্ঠ জনৈক ‘ফুকন’ উপাধিৰ লোকজনক কোৱা হৈছিল৷ সেইমর্মে এছ আই পৰীক্ষাৰ প্রশ্নকাকত ছপোৱাৰ উপ–ঠিকা লাভ কৰা দিবন ডেকাই দিছপুৰৰ প্রভাৱশালী চক্রটোৰ প্রার্থীক লিখিত পৰীক্ষাত উত্তীর্ণ কৰাবলৈ আগতীয়াকৈ প্রশ্নকাকত সংগ্রহ কৰে৷ দিবনে যাতে আগতীয়াকৈ প্রশ্নকাকত সংগ্রহ কৰিব পাৰে, তাৰ ব্যৱস্থা কৰি দিয়ে দিছপুৰৰ চক্রটোৱে৷ ইয়াৰ পাছতে দিবনে দিছপুৰৰ চক্রটোৰ প্রার্থীসকলৰ বাহিৰেও আন একাংশ প্রার্থীক টকাৰ বিনিময়ত প্রশ্নকাকত বিক্রী কৰাৰ পৰিকল্পনা কৰে৷ সেইমর্মে বিতর্কিত বিজেপি নেতাজনে প্রশ্নকাকত বিক্রীৰ বাবে এছ আই পদৰ চাকৰি প্রার্থী বিচাৰিবলৈ দালাল নিয়োগ কৰে৷ আৰক্ষীৰ সূত্রটোৱে লগতে জনোৱা মতে, এই উদ্দেশ্যে দিবন আৰু সহযোগীকেইজনে চাকৰিৰ বাবে প্রশিক্ষণ দিয়াৰ ব্যৱস্থা কৰাৰ বিষয়ে ছ’চিয়েল মিডিয়াযোগে ঘোষণা কৰে৷ অসম চৰকাৰৰ বাবে প্রয়োজনীয় প্রশিক্ষণ কেন্দ্রৰ ব্যৱস্থা কৰা হ’ব বুলি প্রতিশ্রুতি দি ইয়াৰ সুবিধা ল’বলৈ দিবন ডেকাই ছ’চিয়েল মিডিয়াযোগে আহ্বান জনায়৷
ইয়াৰ পাছতে দিবনে প্রার্থীক প্রশিক্ষণ দিয়াৰ ব্যৱস্থা কৰে মহানগৰীৰ গণেশগুৰিৰ থেংক ইউ লজত৷ আনহাতে, মহানগৰীৰ বেতকুছিস্থিত ভার্গৱ গ্রেণ্ড হোটেলত আন একাংশ প্রার্থীক নির্দিষ্ট পৰীক্ষাৰ পূর্বে নিশা নির্দিষ্ট এজেণ্টৰ জৰিয়তে প্রশ্ণকাকত যোগান ধৰে৷ উক্ত নিশা হোটেলত থকা চাকৰি প্রার্থীসকলক উত্তৰ লিখা থকা প্রশ্নকাকত যোগান ধৰি মুখস্থ কৰিবলৈ দিয়ে৷ আনহাতে, পুৱা পৰীক্ষাৰ পূর্বে উত্তৰ লিখা থকা প্রশ্নকাকতসমূহ বেলেগ দুজন লোকে ঘূৰাই লৈ আহে৷ সূত্রটোৱে জনোৱা মতে, দিছপুৰৰ প্রভাৱশালী চক্রটোৱে দিয়া প্রার্থীসকলক বাদ দি বাকী প্রার্থীসকলৰ পৰা ৬ লাখৰ পৰা ১০ লাখ টকা পর্যন্ত দিবন ডেকা এণ্ড কোম্পানীয়ে সংগ্রহ কৰে৷
সূত্রটোৱে লগতে জনোৱা মতে, এই প্রশ্নকাকত বিক্রীৰ পৰিকল্পনা সন্দর্ভত আৰক্ষীৰ অৱসৰপ্রাপ্ত মহাপৰিদর্শক পি কে দত্তৰ লগত দিবন ডেকাই আলোচনা কৰে৷ কমিছনৰ বিনিময়ত পি কে দত্তই এছ আই পদৰ চাকৰি বিক্রীৰ পৰিকল্পনা কার্যকৰী কৰাৰ বাবে সন্মত হয়৷ পৰৱর্তী সময়ত প্রার্থীৰ পৰা সংগ্রহ কৰা ধনৰ ভাগ–বাটোৱাৰা কৰাক লৈ দুর্নীতিৰ সম্রাট হিচাপে অভিযুক্ত পি কে দত্তৰ সৈতে দিবন ডেকাৰ সংঘাত হয়৷ দিবন ডেকাই আৰক্ষীৰ জেৰাত কুখ্যাত পি কে দত্তই প্রতাৰণা কৰা বুলি স্বীকাৰোক্তি দিয়া বুলি আৰক্ষীৰ সূত্রটোৱে জানিবলৈ দিয়ে৷ জেৰাত দিবনে দাবী কৰে যে এছ আই পৰীক্ষা কেলেংকাৰিৰ মূল নায়ক পি কে দত্ত৷ এইক্ষেত্রত আত্মপক্ষ সমর্থন কৰি বিতর্কিত প্রাক্তন বিজেপি নেতাজনে দাবী কৰা মতে, পি কে দত্তই চাকৰি কেলেংকাৰি কার্যকৰী কৰিবলৈ সন্মত নোহোৱা হ’লে তেওঁ এই দুষ্কার্য সংঘটিত কৰিব নোৱাৰিলেহেঁতেন৷ সূত্রটোৰ মতে, দিবন ডেকাৰ ম’বাইলৰ কল লিষ্টত সর্বাধিক জনৈক ফুকন উপাধিৰ ব্যক্তিজনৰ নাম আছে৷
উল্লেখ্য যে ধৃত দিবন ডেকাই জেৰাত পি কে দত্তহে এছ আই কেলেংকাৰিৰ মূল নায়ক বুলি দাবী কৰিছে৷ দিছপুৰৰ আৰু কোন কোন প্রভাৱশালী ৰাজনীতিক, ৰাজনীতিকৰ ঘনিষ্ঠ ব্যক্তি তথা আৰক্ষী বিষয়া জড়িত আছে, সেয়া পোহৰলৈ আহিব৷ ইপিনে, এছ আই পদৰ পৰীক্ষাৰ প্রশ্ণকাকত ছপোৱাৰ উপ–ঠিকা লাভ কৰা আন দুই ঠিকাদাৰ প্রাঞ্জল বৰুৱা আৰু বাবুল আলীক এইপর্যন্ত উক্ত কেলেংকাৰি সন্দর্ভত সোধা–পোছা নকৰাক লৈ প্রশ্ণ উত্থাপন হৈছে৷ সেয়ে আৰক্ষীৰ তদন্ত দিবন ডেকা আৰু পি কে দত্ততে শেষ হ’ব নেকি বুলিও প্রশ্ণ উঠিছে৷