ডিব্ৰুগড়ত বাল্য বিবাহৰ বিৰুদ্ধে ৮৩ টা গোচৰ ৰুজুঃ আটক ৫
নিয়মীয়া বাৰ্তা, ৩ ফেব্ৰুৱাৰী: ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছতেই বাল্যবিবাহৰ বিৰুদ্ধে তৎপৰ হৈছে অসম আৰক্ষী৷ৰাজ্যজুৰি আৰক্ষী তীব্ৰতৰ অভিযানৰ লগতে ডিব্ৰুগড়তো বাল্য বিবাহৰ বিৰুদ্ধে থানাই থানাই ৰুজু হৈ থকা গোচৰৰ বিৰুদ্ধে অভিযান চলাইছে ডিব্ৰুগড় আৰক্ষীয়ে।ডিব্ৰুগড়ত বৰ্তমানলৈকে ৮৩ টা গোচৰ পঞ্জীয়ন হোৱাৰ লগতে শীঘ্ৰেই আৰু বহুতো জালত পৰাৰ সম্ভাৱনা আছে।ইতিমধ্যে ডিব্ৰুগড় আৰক্ষীয়ে ৫ জনক গ্ৰেপ্তাৰ কৰাৰ কথা সদৰী কৰি আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰাই কয় যে পঞ্জীয়ন হৈ থকা সকলো গোচৰৰ পৰীক্ষা কৰা হৈছে।ইতিমধ্যে ডিব্ৰুগড়,নাহৰকটীয়া,খোৱাং,টিংখাং আৰু বৰবৰুৱা আৰক্ষী থানাৰ অধীনত থকা গোচৰৰ বিৰুদ্ধে অভিযান চলোৱাৰ লগতে জিলাৰ পঞ্চায়তৰ সম্পাদক সকলক বাল্যবিবাহ বিৰোধী অভিযানৰ দায়িত্ব অৰ্পণ কৰা হৈছে।তেওঁলোকে যিকোনো বাল্যবিবাহৰ সন্দৰ্ভত অৱগত হলে আৰক্ষী প্ৰশাসনক অৱগত কৰাৰ লগতে এই দিশত চোকা নজৰ ৰাখিব।উজনিত বিশেষকৈ বাল্য বিবাহ,লৰা আৰু ছোৱালীয়ে পলায় বিবাহত বহিছে।সেয়ে এনে ক্ষেত্ৰত পণ্ডিত বা কাজি বা মৌলবী জৰিত নাই।১৪ বছৰৰ তলৰ হলে পচক’ আইনত গ্ৰেপ্তাৰ হৈ আজীৱন কাৰাবাস থকাৰ লগতে বাল্য বিবাহত দৰাৰ দুবছৰৰ অধিক পৰ্যন্ত জেল হব পাৰে বুলি আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰাই সদৰী কৰে।স্বাভাবিকতেই বাল্যবিবাহক কেন্দ্ৰ কৰি বহু লোকৰ নিদ্ৰা হৰণ হোৱাৰ লগতে বহুতে আত্মগোপন কৰাৰ বাতৰিও আহিছে।
ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।