নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঠশালাৰ ভগৱতী ক্ষেত্ৰত শ্ৰীকৃষ্ণ ৰাস মন্দিৰৰ নিৰ্মাণৰ শুভাৰম্ভ

  • ১কৌটি টকাৰ অনুদান মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ

নিয়মীয়া বাৰ্তা, ৩ ফেব্ৰুৱাৰীঃ পাঠশালাৰ ভগৱতী ক্ষেত্ৰত আজি ২ কৌটি ৩০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হবলগীয়া শ্ৰীকৃষ্ণৰ ৰাস মন্দিৰৰ নিৰ্মাণ কাৰ্য্যৰ শুভৰাম্ভ কৰা হয়৷ পাঠশালাৰ ভগৱতী ক্ষেত্ৰত আয়োজন কৰা এক মাঙ্গলিক অনুষ্ঠানৰ পিছত মন্দিৰ নিৰ্মাণৰ শিলান্যাস স্থাপন কৰে ৰাস উদযাপন সমিতি বিষয়ববীয়া, স্থানীয় ৰাইজৰ লগতে কেবিনেট মন্ত্ৰী তথা স্থানীয় বিধায়ক ৰণজিৎ কুমাৰ দাস আৰু ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফনী তালুকদাৰে৷ এই উদ্দেশ্য ভগৱতী ক্ষেত্ৰত ৰাস মহোৎসৱ উদযাপন সমিতিৰ সভাপতি ভূপেন্দ্ৰ নাথ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে পাঠশালাত শ্ৰীকৃষ্ণৰ ৰাস মন্দিৰটো নিৰ্মাণ হলে অঞ্চলটোৰ ৰাইজৰ এটি বহুদিনীয়া অভাৱ পূৰণ হব বুলি উল্লেখ কৰে৷ ইতিমধ্য মন্দিৰটো নিৰ্মাণৰ বাবে অঞ্চলটোৰ ৰাইজে বহুতো কষ্ট স্বীকাৰ কৰিছে বুলি মন্তব্য কৰি তেওঁ কয় যে অসম মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মায়ো প্ৰথম অৱস্থাৰ পৰাই মন্দিৰটো নিৰ্মাণত যথেষ্ট গুৰুত্ব প্ৰদান কৰিছিল আৰু মূখ্যমন্ত্ৰীৰ পুজিৰ পৰা মন্দিৰ নিৰ্মাণৰ বাবে ১কৌটি টকাৰ অনুদান দিয়াৰ বাবে মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাক সমষ্টিবাসীৰ হৈ ধন্যবাদ জ্ঞাপন কৰে৷ আনহাতে কেবিনেট মন্ত্ৰী দাসে নিজেও মন্দিৰটো নিৰ্মাণৰ বাবে তেওঁৰ তৰফৰ পৰা ৫০ লাখ টকাৰ বৰঙনি প্ৰদান কৰিব বুলি ৰাস উদযাপন সমিতিক প্ৰতিশ্ৰুতি প্ৰদান কৰে৷ আনহাতে ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফনীধৰ তালুকদাৰে অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্দিৰ নিৰ্মাণৰ বাবে তেওঁৰ ফালৰ পৰাও ৫ লাখ টকা প্ৰদান কথা ভাষণত উল্লেখ কৰে৷ আৱাহন থিয়েটাৰৰ প্ৰতিষ্ঠাপক প্ৰয়োজক কৃষ্ণ ৰয়, পাঠশালা ৰাস মহোৎসৱ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি গিৰীশ পাটগিৰি, যুটীয়া সম্পাদক বুদুল তালুকদাৰ আৰু কিশোৰী পাটগিৰি, উপদেষ্টা মদন ৰয়, জিতেন তালুকদাৰ, পাঠশালা পৌৰ সভাৰ পৌৰপতি জলি চৌধুৰী, উপ পৌৰপতি ৰাতুল ৰয়, বজালী জিলা পৰিষদৰ সভাপতি ৰঞ্জিত শালৈকে আদিকৰি শতাধিক ৰাইজ উপস্থিত থকা সভাত পাঠশালা বজাৰ কমিটিৰ সভাপতি গিৰিধৰ চৌধুৰী, বিজেপিৰ বজালী জিলা সমিতিৰ সভাপতি নগেন চৌধুৰী আৰু ৰাসোৎসৱ সমিতিৰ সভাপতি ভুপেন্দ্ৰ শৰ্মাই পাঠশালাৰ ভগৱতী ক্ষেত্ৰত নিৰ্মাণ হবলগীয়া এই ৰাস মন্দিৰটো পৰ্য্যটকৰ বাবে এক আকৰ্ষণীয় ৰূপত নিৰ্মাণ কৰা হব বুলি জানিবলৈ দিয়ে আৰু বাকী ব্যয় হবলগীয়া ধনসমূহ ৰাইজৰ দান বৰঙনিৰে সংগ্ৰহ কৰা হব বুলিও উল্লেখ কৰে৷

 

প্ৰেৰকঃ কল্যাণ কলিতা

You might also like