নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ৰ লেজাই দীঘলীয়াত শোকাৱহ ঘটনা! ৰঙালীৰ উচাহৰ মাজতে উদণ্ড বাইকৰ খুন্দাত নিহত এজন!

 

  • বাইকসহ তিনি আৰোহী পৰিলগৈ খালত!

নিয়মীয়া বাৰ্তা, ১৭এপ্ৰিল: ৰঙালীৰ উচাহৰ মাজতে উদণ্ড বাইকৰ খুন্দাত এজন লোক নিহত হোৱা ঘটনাই ব্যাপক চাঞ্চল্যৰ স্বৃষ্টি কৰিছে।কেৱল সেয়াই নহয়,উদণ্ড বাইক চালকে নিয়ন্ত্ৰন হেৰুৱাই বাইকসহ পৰিলগৈ খালত।
জানিব পৰা মতে ডিব্ৰুগড় জিলাৰ বৰবৰুৱা আৰক্ষী থানাৰ অধীনৰ লেপেটকটা আৰক্ষী চকীৰ অন্তৰ্গত লেজাই দীঘলীয়া গাৱ়ত উক্ত শোকাৱহ দূৰ্ঘটনা সংঘটিত হৈছে।ঘটনাৰ বিবৰণী অনুসৰি ৰঙালী বিহুৰ আনন্দ মাজতে উদণ্ড তীব্ৰ বেগী বাইকৰ খুন্দাত লেজাইৰ দীঘলীয়া গাঁৱৰ কেশৱ ভৰলুৱা (৫৫) নামৰ লোক জনৰ মৃত্যু হোৱাৰ। গুৰুতৰ অভিযোগ উঠিছে।উল্লেখ্য যে কেশৱ ভৰলুৱাই পৰহি সন্ধিয়া চুবুৰীয়া ঘৰলৈ বিহু খাবলৈ বুলি ওলাই গৈছিল।তেনে সময়তে তিনি উদণ্ড যুৱক উঠি যোৱা বাইক এখনে খুণ্ডা মৰাৰ ফলত বহু দূৰৈত চিটিকি পুখুৰীত পৰে আৰু পানীৰ পৰা উঠিব নোৱাৰি তাতেই পৰি মৃত্যু হয় বুলিও পৰিয়ালে দাবী কৰে।আনহাতে তীব্ৰ বেগত অহা বাইকখনেও দুৰ্ঘটনা সংঘটিত কৰি চালকে নিয়ন্ত্ৰন হেৰুৱাই কেশৱ ভৰলুৱা পৰি ৰোৱা পুখুৰীতে পৰেগৈ।সেই সময়ত নাতি দূৰৈত হুচৰী গাই থকা এটা দলৰ দৃষ্টি গোচৰ হোৱাত লগে-লগে ঢপলিয়াই আহি বাইক আৰু চালকসহ দুই আৰোহীক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে প্ৰেৰণ কৰে।কিন্তু তেতিয়া লৰাকেইজনে এবাৰলৈও কোৱা নাছিল যে তেওঁলোকে এজন মানুহক খুন্দিয়াই উক্ত পুখুৰীত পৰিছিল।ইফালে কেশৱ ভৰলুৱাক, ঘৰৰ মানুহে বিচাৰ খোচাৰ কৰি থকা সময়তে কালি পুৱা ঘৰৰ সন্মুখত থকা পুখুৰীত,য’ত বাইকসহ তিনি আৰোহী পৰিছিল;উক্ত পুখুৰীতে ভৰলুৱাক মৃত অৱস্থাত উদ্ধাৰ হয়।তেতিয়াই অঞ্চলটোত এক তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় আৰু কানাই পাংগিং ,বাবু চেতিয়া,আৰু কৃষ্ণ চেতিয়া নামৰ তিনি উদন্ত বাইক আৰোহীৰ তীব্ৰ খুণ্ডাত নিৰীহ কেশৱ ভৰলুৱাৰ কৰুণ মৃত্যু হয় বুলি স্থানীয় ৰাইজে অভিযোগ কৰে।ইফালে স্থানীয় ৰাইজৰ অভিযোগ মতে দুৰ্ঘটনাত গুৰুতৰ ভাবে আঘাট পোৱা ভৰলুৱা, পুখুৰী পৰা উঠি আহিব নোৱাৰি পুখুৰীতে পৰি মৃত্যু হয়।এই সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পাছতে অঞ্চলটোত উতপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।আনহাতে ঘটনা সংঘটিত কৰা এজন যুৱকক আটক কৰি সোধ-পোচ অব্যাহত ৰখাৰ লগতে দুৰ্ঘটনা সংঘটিত কৰা বাইক খনো আৰক্ষীয়ে জব্দ কৰে।ঘটনাৰ লগত জৰিত এজন নাবালক চিকিৎসাধীন হৈ থকাৰ বিপৰীতে আন এজন যুৱক পলাতক বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে এই ক্ষেত্ৰত বিশেষ অনুসন্ধান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।আনহাতে লেজাই দীঘলীয়া, বৰদৈবাম, কলাখোৱা, দেৱান বাৰী আদি অঞ্চলৰ স্থানীয় ৰাইজে সন্মিলিত হৈ কালি দোষীক আটক কৰিবলৈ আৰক্ষীক দাবী জনাইছে।আৰক্ষীৰ প্ৰকৃত তদন্তৰ পাছতহে সকলো ঘটনা পৰিস্ফুট হব বুলিও ৰাইজে আশা প্ৰকাশ কৰিছে।

ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।

You might also like