নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড় বিমানবন্দৰক চাওলুং চুকাফা নামকৰণৰ প্ৰস্তাৱ পৱিত্ৰ মাৰ্ঘেৰিটাৰ

🔴সদনত পৱিত্ৰ মাৰ্ঘেৰিটাৰ বৰঅসমৰ স্ৰষ্টাৰ ওপৰত ভাষণ

🔴নৰেন্দ্ৰ মোদী-ড০ হিমন্ত বিশ্ব শৰ্মাৰ শলাগ

বিশেষ বাৰ্তা, ১৪ ডিচেম্বৰঃ অসমবাসীৰ এক গুৰুত্বপূৰ্ণ দিন। কিয়নো আজি প্ৰথমবাৰৰ বাবে সংসদত আলোচিত হ’ল বৰ অসমৰ খনিকৰ চাওলুং চ্যুকাফাৰ শৌৰ্য-বীৰ্য-প্ৰজ্ঞাৰ কথা।আহোমৰ ৬০০ বছৰীয়া ৰাজত্বৰ কথা। বিৰোধীৰ প্ৰচণ্ড হূলস্থুলৰ মাজতো এই সম্পৰ্কে গুৰুত্বপূৰ্ণ ভাষণ দিয়ে ৰাজ্যসভাৰ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাই। ৰাজ্যসভাত পুৱা এঘাৰ বজাৰ পৰা বিয়লি চাৰি বজালৈকে এই বিষয়ে ভাষণ ৰাখে সাংসদগৰাকীয়ে। সাংসদগৰাকীয়ে সংসদত কৰা প্ৰস্তাৱ অনুসৰি ডিব্ৰুগড় বিমানবন্দৰৰ নাম চাওলুং চ্যুকাফাৰ নামেৰে নামকৰণ কৰি অসমীয়া জাতিৰ পিতৃপুৰুষজনাক সন্মান প্ৰদান কৰা হওক। সাংসদগৰাকীয়ে কয় যে সন্মানীয় অধ্যক্ষ মহোদয়, আজি এই পৱিত্ৰ সদনত মই আমাৰ দেশৰ এনে এগৰাকী মহান কিন্তু অজানা মহাবীৰৰ বিষয়ে কিছু কথা কব খুজিছোঁ, যাৰ গৌৰৱগাথা আছিল মহামতি সম্ৰাট অশোক আৰু চন্দগুপ্ত মৌৰ্যৰ সমপৰ্যায়ৰ ৷ আজি মই সদনত নাম উল্লেখ কৰিব খোজা এই বীৰগৰাকী আমাৰ দেশৰ পূব প্ৰান্তত ভাৰতবৰ্ষৰ ইতিহাসতে একেলেথাৰিয়ে সৰ্বাধিক সময়ৰ বাবে বৰ্তি থকা সাম্ৰাজ্য প্ৰতিষ্ঠা কৰাৰ অম্লান কীৰ্তিৰ অধিকাৰী ৷ তেওঁ হৈছে চাউলুং চ্যুকাফা ৷ ত্ৰয়োদশ শতিকাতে চাউলুং চ্যুকাফাই আহোম সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। এই সাম্ৰাজ্যই সাম্প্ৰতিক ভাৰতৰ উত্তৰ পূব প্ৰান্তক এসময়ত ৬০০ বছৰ ধৰি শাসন চলাইছিল ৷ ইতিহাসবিদসকলৰ মতে চ্যুকাফাই পূব দিশৰ তদানীন্তন মাও প্ৰদেশৰ পৰা আহি অসমত প্ৰৱেশ কৰিছিল ৷ বীৰ চ্যুকাফাই নিজ ৰাজ্যৰ পৰিসৰ শক্তিৰে বৃদ্ধিৰ পৰিৱৰ্তে সৰ্বসাধাৰণৰ হৃদয় জয় কৰাতহে অধিক গুৰুত্ব আৰোপ কৰিছিল ৷ যাৰ বাবে ম্যুং-ডুং-চ্যুন খান অৰ্থাৎ সোণালী ভূমি সৃষ্টিৰ উদ্দেশ্যে তেওঁ সৰগ বা স্বৰ্গৰ পৰা নামি আহিছিল বুলি পৰৱৰ্তী সময়ত এক প্ৰবাদ গঢ়ি উঠে ৷ আৰু এই প্ৰবাদ মতেই তেওঁ সেই সোণালী ভূমি প্ৰতিষ্ঠা কৰিছিল, যি ভূখণ্ড বৰ্তমান সময়ত অসম হিচাপে পৰিচিত ৷ যিসময়ত এই ভাৰতভূমিত লুণ্ঠনকাৰী চুলতান আৰু বাদশ্বাহসকলে উত্তৰ দিশে এখনৰ পিছত আনখন চহৰ আৰু এখনৰ পিছত আনখন গাঁও ধ্বংসস্তুপত পৰিণত কৰিছিল, তেনে সময়তে চ্যুকাফাই স্থানীয় শাসক আৰু জনগোষ্ঠীসমূহৰ মাজত সম্পৰ্ক স্থাপনেৰে সম্প্ৰীতি আৰু সমিলমিলৰ নীতি আকোঁৱালি লৈছিল ৷ চ্যুকাফাই তেওঁৰ অসীম শক্তি আৰু সামৰিক সামৰ্থক নিজ সাম্ৰাজ্য বিস্তাৰৰ বাবে ব্যৱহাৰ কৰা নাছিল ৷ বৰং মৰাণ, বৰাহী আৰু নগাৰ দৰে স্থানীয় জনগোষ্ঠীৰ সৈতে তেওঁ স্থাপন কৰিছিল আন্তৰিক সম্পৰ্ক ৷ তেওঁৰ এই অনন্য পদক্ষেপেই পৰৱৰ্তী সময়ত মহান অসমীয়া জাতিৰ পৰিচয়ক গঢ় দিয়ে ৷ সাংসদগৰাকীয়ে চাওলুং চুকাফাৰ নেতৃত্ব সন্দৰ্ভত কয়, চাওলুং চ্যুকাফাৰ অসাধাৰণ নেতৃত্ব, অনন্য প্ৰশাসনিক দক্ষতা তথা সামৰিক সামৰ্থই পৰৱৰ্তী কেইবাদশকজুৰি আহোম সাম্ৰাজ্যৰ পথ প্ৰদৰ্শন কৰি গৈছিল ৷ এই আহোম সাম্ৰাজ্যই এটা সময়ত ইমানেই প্ৰবল শক্তিৰূপে আত্মপ্ৰকাশ কৰিছিল যে ভাৰতবৰ্ষৰ সিংহভাগ অঞ্চল অধিকাৰ কৰা মোগলসকলকো আহোমে ১৭বাৰকৈ পৰাভূত কৰিবলৈ সক্ষম হৈছিল ৷ আহোমৰ বিষয়ে সকলোকে জনোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী ড。হিমন্ত বিশ্ব শৰ্মাই দেশৰ অন্য প্ৰান্তৰ জনসাধাৰণক আহোম ৰাজশাসনৰ বিষয়ে অৱগত কৰোৱাৰ আন্তৰিক প্ৰচেষ্টা আৰু পদক্ষেপৰ কথাও উল্লেখ কৰে ৷ ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদানৰ অৰ্থে আহোম ৰাজবংশৰ সমাধিস্থলী চৰাইদেউৰ নাম মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ মনোনয়ন প্ৰেৰণ কৰিছে বুলিও অৱগত কৰে।

#বাৰ্তা ডেস্ক

You might also like