নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ৰ বিচিপিএলত থলুৱাবিৰোধী নীতি : শ্ৰমিকৰ উত্তাল প্ৰতিবাদ

বিশেষ বাৰ্তা, ২২ ফেব্ৰুৱাৰীঃ ডিব্ৰুগড়ৰ লেপেটকটাস্থিত ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড (BCPL)ত উত্তাল প্ৰতিবাদ। বহিৰাগতক ৰঙা দলিচা পাৰি থলুৱা ঠিকাদাৰক বঞ্চিত কৰাত থলুৱা শ্ৰমিকে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। উল্লেখ্য যে অসমীয়া শ্ৰমিকৰ বিপৰীতে বিহাৰী আৰু মিয়া শ্ৰমিকক কাম দিয়াৰ বিৰুদ্ধে ক্ষুব্ধ শ-শ শ্ৰমিকে ক্ষোভিত হৈ প্ৰতিবাদ জনায়। শ্ৰমিকসকলে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে বিশেষকৈ “চাইন ষ্টাৰ’ নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানৰ মইমতালিৰ বাবেই থলুৱা ঠিকাদাৰ-শ্ৰমিককক বি চি পি এলত প্ৰকল্পত কৰ্ম জীৱন বিঘ্নিত কৰিছে বুলি ক্ষোভিত হৈ পৰে। অসম আন্দোলনৰ ৮৫৫জন শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত স্থাপিত অসম গেছ ক্ৰেকাৰ প্ৰকল্পত পুনৰবাৰ থলুৱা বিৰোধী নীতিৰ বিৰুদ্ধে  থলুৱা শ্ৰমিক আৰু ঠিকাদাৰে গভীৰ উদ্বেগ প্ৰকাশ কৰি থলুৱা বিৰোধী নীতিৰ বিৰুদ্ধে ঐক্যবদ্ধ ভাৱে প্ৰতিবাদ জনায়।প্ৰত্যক্ষ আৰু পৰোক্ষভাবে এক লক্ষ নিবনুৱা সংস্থাপিত হোৱাৰ সপোন দেখুওৱা BCPLত মাত্ৰ কেইশমান নিবনুৱা উপ-ঠিকাদাৰী প্ৰতিষ্ঠানৰ অধীনত সৰু সুৰা কাম কৰা স্থানীয় নিবনুৱা আৰু শ্ৰমিককো ভাতে মৰাৰ ষড়যন্ত্ৰ কৰিছে থলুৱা শ্ৰমিকক বঞ্চিত কৰাৰ অভিযোগ তুলি অনা অসমীয়া ঠিকাদাৰী লবীৰ বিৰুদ্ধে ঠিকাদাৰ আৰু শ্ৰমিক সকলে তীব্ৰ প্ৰতিবাদ জনায় অনা অসমীয়াৰ দপদপনি বন্ধ কৰিবলৈ অসম তথা কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি দাবী জনাইছে বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।একশক্তিশালী অনা-অসমীয়া লবিয়ে বহিৰাগতক ৰঙা দলিচা বঞ্চিত থলুৱা ঠিকাদাৰক অসমীয়া শ্ৰমিকৰ বিপৰীতে বিহাৰী আৰু মিয়া শ্ৰমিকক কাম দিয়াৰ বিৰুদ্ধে ক্ষুব্ধ শ-শ শ্ৰমিক সকলে ডিব্ৰুগড়ৰ লেপেটকটাস্থিত ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড (BCPL)ৰ প্ৰৱেশ দ্বাৰৰ সন্মুখত শ-শ থলুৱা শ্ৰমিকৰ উত্তাল প্ৰতিবাদ কৰে। উল্লেখ্য যে ‘চাইন ষ্টাৰ’ নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানৰ মইমতালিত অতিষ্ঠ হৈ পৰিছে থলুৱা ঠিকাদাৰ আৰু শ্ৰমিক সকল।BCPLত কলকাতাৰ Bridge & Roof Co (India) Ltd নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানৰ অধীনত যোৰহাটৰ Punjab Engineering Company আৰু বঙাইগাঁৱৰ Shine Star নামৰ দুটা উপ-ঠিকাদাৰী প্ৰতিষ্ঠানে মেকানিকেল বিভাগৰ এটা কামৰ ঠিকা লাভ কৰিছিল। ইয়াৰে Punjab Engineering Company ত স্থানীয় থলুৱা নিবনুৱাই শ্ৰমিক আৰু আন আন উপ-ঠিকাৰ কাম চোৱা-চিতা কাম কৰি আহিছিল। ৰহস্যজনকভানে কামৰ ৬০ শতাংশই কাম লাভ কৰাৰ বিপৰীতে বিহাৰী আৰু মিয়া শ্ৰমিক জডিত কৰি স্থানীয় নিবনুৱাক বঞ্চিত কৰি অহাৰ ফলত ক্ষোভৰ বহিঃপ্ৰকাশ ঘটে বুলি ক্ষুব্ধ শ্ৰমিকসকলে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আনকি এনেড়ক্ষেত্ৰত BCPL ৰ একাংশ বিষয়া-কৰ্মচাৰীয়ে হাত উজান দিয়াৰ গুৰুতৰ অভিযোগ প্ৰতিবাদকাৰীৰ। আনহাতে মাত্ৰ ৪০ শতাংশ কাম দিয়া Punjab Engineering Company ত জড়িত থলুৱা নিবনুৱাৰ প্ৰৱেশ পত্ৰ জব্দ কৰি ভাতে মৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। ইমানেই নহয় অসমীয়া নিবনুৱাক বিভিন্ন ভয় ভাবুকিৰ লগতে মাৰিবলৈও উদ্যত হোৱাৰ গুৰুতৰ অভিযোগ এইসকল প্ৰতিবাদকাৰীৰ। BCPL কৰ্তৃপক্ষই থলুৱা নিবনুৱা বিৰোধী নীতি প্ৰত্যাহাৰ নকৰিলে আৰু অসমীয়া বিৰোধী স্থিতি গ্ৰহণ কৰা ঠিকাদাৰী প্ৰতিষ্ঠানটোক নাকি নলগালে পৰিস্থিতি ভয়াৱহ হ’ব বুলি তীব্ৰ সকিয়নি প্ৰদান কৰিছে। এই সমগ্ৰ বিষয়টো অসম লোক সভাৰ ১৪গৰাকী সাংসদ, অসমৰ মুখ্যমন্ত্ৰী, অসম চৰকাৰৰ উদ্যোগ মন্ত্ৰীৰ প্ৰতিও হস্তক্ষেপ কামনা কৰিছে বুলি ক্ষুব্ধ শ্ৰমিক সকলে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। বি চি পি এল প্ৰকল্পত অনা অসমীয়াৰ দপদপনি নচলিব বুলিও হুংকাৰ প্ৰকাশ কৰি আজি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।অসমৰ জাতীয় দল সংগঠনকো এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিবলৈ ক্ষুব্ধ শ্ৰমিক সকলে আহ্বান জনায় বুলি সংবাদ মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰে।

প্ৰেৰক বিভাস দুৱৰা

You might also like