জিলা প্ৰশাসনৰ নিৰ্দেশকো কাৰ্য্যকৰী নকৰে আৰক্ষীয়েঃ চিণ্ডিকেট ৰাজত ত্ৰস্তমান ডিব্ৰুগড়!
- অবৈধ বাচ আস্থানৰ এক বৃহৎ পুজি, সংশ্লিষ্ট বিভাগলৈ!
- ডিব্ৰুগড় পৌৰসভাৰ পৃষ্ঠপোষকতাৰ অভিযোগ!
নিয়মীয়া বাৰ্তা, ১৩এপ্ৰিলঃ স্বয়ং আৰক্ষীৰ সন্মুখতে ডিব্ৰুগড়ত চিণ্ডিকেট কাণ্ডাৰীৰ টিঘিলঘিলনীয়ে সকলোৰে চকু কপালত তুলিছে।তাতোকৈয়ো আচৰিত কথা যে এই চিণ্ডিকেটৰাজ, ডিব্ৰুগড় পৌৰসভাৰ পৃষ্ঠপোষকতাতে হোৱাৰ গুৰুতৰ অভিযোগ উথাপিত হৈছে।মুঠৰ ওপৰত বৈধ-অবৈধ সকলোতে চিণ্ডিকেটৰাজৰ দপদপনি।সংশ্লিষ্ট প্ৰশাসনৰ লগতে সাধাৰণ প্ৰশাসনো ধৃতৰাষ্ট্ৰৰ ভূমিকা পালন কৰাত সকলোকে ভবাই তুলিছে।ডিব্ৰুগড় চহৰৰ মাজ মজিয়াৰ ফুলবাগানত ব্যাপক যান-জঁটৰ সৃষ্টি কৰি ৩৭ নং ৰাষ্ট্ৰীয় পথৰ ওপৰতে বাচ ৰখোৱা স্থান হিচাপে ব্যৱহাৰ কৰি আহিছে যদিও ডিব্ৰুগড় পৌৰসভা নিচুপ হৈ হাত সাবতি বহি আছে।
চহৰখনৰ মাজেদি যোৱা বে-চৰকাৰী বাচ,ট্ৰেভেলাৰ, উইংগাৰ আদি যানবাহনবোৰ দীৰ্ঘ কালৰে পৰা গুৰুদ্বাৰৰ সন্মুখত ব্যাপক যান-জটৰ স্বৃষ্টি কৰি পথৰ ওপৰতে পাৰ্কিং কৰি আহিছে।সেয়ে ৰাইজৰ অভিযোগৰ ভিত্তিত যোৱা ১৭ মাৰ্চ তাৰিখে ডিব্ৰুগড় জিলা পৰিবহন বিষয়াই সংশ্লিষ্ট যান বাহন সন্থা সমূহলৈ চিঠি নং ডি টি অ’/ডি বি আৰ/৫৬৯৫/২০২৩ মৰ্মে এক নিৰ্দেশ জাৰি কৰি তৎকালে কাৰ্য্যকৰী হোৱাকৈ ফুলবাগানৰ সেই ঠাইডোখৰ বাচ ষ্টপেজ হিচাবে ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰি ডিব্ৰুগড় মূৰুলীধৰ বাচ আস্থানলৈ স্থানান্তৰৰ নিৰ্দেশ দিয়ে।উক্ত আদেশৰ প্ৰতিলিপি জিলা পৰিবহন বিষয়াই ডিব্ৰুগড় জিলা উপায়ুক্ত আৰু জিলা আৰক্ষী অধীক্ষকলৈও প্ৰেৰণ কৰে।পৰিবহন বিষয়া গৰাকীৰ এই পদক্ষেপক সৰ্বসাধাৰণ ৰাইজে আদৰণি জনাইছিল আৰু আশা কৰিছিল যে, বেচৰকাৰী অবৈধ বাচ ষ্টপেজটো ইয়াৰ পৰা উঠি গ’লে সৰ্বসাধাৰণ ৰাইজে যানজটৰ সমস্যাৰ পৰা কিছু হ’লেও সকাহ পাব। কিন্তু মূৰত সকলো ফুটুকাৰ ফেনলৈ ৰূপান্তৰিত হ’ল। জিলা প্ৰশাসনৰ আদেশ যি আৰক্ষী লোকে কাৰ্য্যকৰী কৰিব লাগে, সেই আৰক্ষীয়েই বাচ ষ্টপেজ হিচাবে ব্যৱহাৰ কৰা যান বাহন সমূহৰ পৰা নিৰ্ধাৰিত মাননী গোপনে সংগ্ৰহ কৰি অবৈধ বাচ ষ্টপেজটো ব্যৱহাৰ কৰি থাকিবলৈ সহযোগীতাহে আগবঢ়োৱা দেখা গল। অৰ্থাৎ বাচ ষ্টপেজটো আজি পৰ্যন্ত নাঁতৰিল আৰু সমস্যাও একেই থাকিল।অভিযোগ অনুসৰি এই অবৈধ বাচ আস্থানৰ পৰা এক বৃহৎ পুজি,কেইটামান সংশ্লিষ্ট বিভাগে নিয়মীয়াকৈ লাভ কৰি থকাৰ বাবেই,আজি পৰ্যন্ত কোনেও নাকি লগাব পৰা নাই।এতিয়া জিলা উপায়ুক্ত আৰু জিলা আৰক্ষী অধীক্ষকে এই ক্ষেত্ৰত কি বিহিত ব্যৱস্থা গ্ৰহণ কৰে,তালৈ ৰাইজে আশাৰে বাট চাই ৰৈছে।
ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।