নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰখৰ ৰ’দতো ডিব্ৰুগড় চহৰত হঠাৎ বান! 

🔹 ৰাষ্ট্ৰীয় ঘাইপথ খান্দিলে পৌৰ নিগমে

বিশেষ বাৰ্তা, ১৮ জুলাই : ডিব্ৰুগড় চহৰত হঠাৎ বান। লাগিল চৌদিশে হুৱাদুৱা। বন্ধ কৰি দিয়া হ’ল চহৰৰ মাজেৰে যোৱা ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ। বিচ্ছিন্ন হ’ল যোগাযোগ। এক হাহাকাৰ পৰিস্থিতি চহৰখনত। উপায়হীন হৈ পৰিল ডিব্ৰুগড়ৰ পৌৰ নিগম। হঠাতে এই বৃহৎ জলৰাশি আহিল ক’ৰ পৰা। কৃত্ৰিম বানপানীৰ ফলত আজি হঠাৎ অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হ’ল ডিব্ৰুগড়ত। বৰষুণ নিদিয়া সত্ত্বেও প্ৰখৰ ৰ’দৰ মাজতেই হঠাৎ দুপৰীয়া ভাগত বৃদ্ধি পাবলৈ ধৰিলে ডিব্ৰুগড়ৰ চহৰ সুৰক্ষা নলাৰ জলপৃষ্ঠ। গংগাপাৰা, জ্যোতি নগৰৰ একাংশৰ ঘৰে ঘৰে সোমাবলৈ ধৰে পুনৰ পানী। ৰাইজৰ মাজত হাহাকাৰ লাগিল। কাৰণ বিচাৰি হুৱাদুৱা লাগিল জিলা প্ৰশাসন আৰু পৌৰ নিগমৰ মাজত। সকলো ব্যস্ত হৈ পৰিল কাৰণ বিচাৰিবলৈ। শেষতহে উৰহী গছৰ ওৰ ওলাল। অৱশেষত সিদ্ধান্ত ল’লে চহৰখনৰ নালিয়াপুল এলেকাত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ খান্দিবলৈ। ডিব্ৰুগড় চহৰৰ নালিয়াপুল অঞ্চলৰ মাজেৰে পাৰ হৈ যোৱা অতি ব্যস্ত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথে ডিব্ৰুগড় চহৰ সুৰক্ষা নলাৰ পানী প্ৰবাহত এক বৃহৎ অৱৰোধৰ সৃষ্টি কৰিছে। যাৰ ফলত হঠাতে পানী উফন্দি বাগৰি কাষৰীয়া অঞ্চলত প্ৰৱেশ কৰাত স্থানীয় বাসিন্দাসকল আতংকিত হৈ পৰে। দিনৰ প্ৰায় ১.১৫ বজাত নেইনা চিনেমা হলৰ সমীপত বৰষুণ নথকা সত্ত্বেও গংগাপাৰা এলেকা, এ টি ৰোডকে ধৰি কেইবাটাও স্থানীয় অঞ্চল আধা ঘণ্টাৰ ভিতৰতে পানীত ডুব যায়। অভাৱনীয় পানী জমা হোৱাৰ ফলত জনসাধাৰণৰ মাজত কৰ্তৃপক্ষৰ বিৰুদ্ধে ভীষণ ক্ষোভৰ সৃষ্টি হৈ প্ৰতিবাদ সাব্যস্ত কৰে।উল্লেখ্য যে ঘটনাৰ মাত্ৰ কেইদিনমান আগতে ১০ দিনতকৈও অধিক সময় পানীত ডুব যোৱাৰ পিছত অৱশেষত সেই একেটা অঞ্চল শুকাই গৈছিল। কিন্তু আজি ঘটনাৰ পুনৰাবৃত্তি ঘটাত ব্যাপক হৈ-চৈৰ সৃষ্টি হয়। প্ৰশাসনে প্ৰাথমিক তদন্তৰ অন্তত উপলব্ধি কৰে যে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ তলেৰে পাৰ হৈ যোৱা ডিটিপিৰ নলাৰ এটা মাটিৰ তলৰ কালভাৰ্ট বন্ধ হৈ পৰাৰ ফলতে হঠাতে পথটোৰ ওপৰত পানী বাগৰি পৰে। সেয়ে ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰকে ধৰি বিষয়াসকলে ততাতৈয়াকৈ সেই স্থানলৈ যায় আৰু পৌৰ নিগমৰ কৰ্মীসকলক ঘাইপথ খান্দি ডিটিপিৰ নলাত থকা অৱৰোধ পৰিষ্কাৰ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে। এক্সকেভেটৰৰ সহায়ত উক্ত পথছোৱা খনন কৰা হয়, যাৰ ফলত আবদ্ধ পানী মুক্তভাৱে বৈ যাব পৰা হয় আৰু পানী জমা হোৱা পৰিস্থিতিৰ পৰা উপশম ঘটে। কিন্তু পুনৰুদ্ধাৰৰ কামৰ বাবে পথ বন্ধ হোৱাৰ ফলত মেৰামতি সম্পূৰ্ণ নোহোৱালৈকে নালিয়াপুলত (নেইনা চিনেমা হলৰ ওচৰত) চহৰৰ মাজেৰে যোৱা ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত যাতায়াত ব্যাহত হ’ব। ইফালে, ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ গ্ৰেহাম বজাৰ তিনিআলি আৰু এ এম চি লিংক ৰোডৰ পৰা যাতায়াতৰ পথ ডাইভাৰ্ট কৰা হৈছে। যাতায়াত পৰিচালনা আৰু বিকল্প পথ গ্ৰহণ কৰা বাহনসমূহৰ বাবে সুচল যাতায়াতৰ বাবে যান-বাহন আৰক্ষী মোতায়েন কৰা হৈছে। মটৰচাইকেল আৰোহীক পথ প্ৰদৰ্শন আৰু বেমেজালি কম কৰিবলৈ চিহ্ন আৰু বেৰিকেড স্থাপন কৰা হৈছে। স্বাভাৱিকতে নালিয়াপুলত ৰাষ্ট্ৰীয় ঘাইপথৰ ড্ৰেইনৰ ওপৰত পথ নিৰ্মাণ সম্পূৰ্ণ নোহোৱালৈ স্বাভাৱিক যাতায়াত সম্পূৰ্ণৰূপে বন্ধ হোৱাটো নিশ্চিত।

প্ৰেৰক বিভাস দুৱৰা

You might also like