নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জলবন্দী জনতাৰ পথ অৱৰোধ : আজিও অপৰিৱৰ্তিত ডিব্ৰুগড়

বিশেষ বাৰ্তা, ১৯ জুলাইঃ অভাৱনীয়, অকল্পনীয়, অবিশ্বাস্য। ডিব্ৰুগড় বুৰ গৈ থাকিল প্ৰায় এপষেকৰ অধিক সময়। কিন্তু সেই আবদ্ধ পানী নিষ্কাশন কৰিবলৈকে নতুনকৈ গঠন হোৱা ডিব্ৰুগড় পৌৰ নিগমক বাৰুকৈয়ে এসেকা দিলে। ডিব্ৰুগড় চহৰ মহানগৰলৈ পৰ্যবেশিত হোৱাৰ সময়তে যেন লাগিল এক বৃহৎ কেনা। পৌৰ নিগমৰ মেয়ৰ,সদস্যসকলে শপত গ্ৰহণৰ দুদিন পাছতেই ডিব্ৰুগড় চহৰ বুৰিল কৃতিম বানত। চহৰখনৰ ২২টা ৱাৰ্ডৰ সকলো জনতা জলবন্দী হল। এনেদৰেই প্ৰায় ১৫/২০ দিন থকাৰ পাছত অঞ্চল বিশেষে পানী শুকাইছিল যদিও কালি সকলোকে হতবাক কৰি পুনৰ স্বৃষ্টি হয় অভাৱনীয় কৃতিম বান। এই বানত বুৰ যায় চহৰৰ মাজেৰে যোৱা ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ। বিছিন্ন হল যোগাযোগ। এক হাহাকাৰ পৰিস্থিতি চহৰখনত। উপায়হীন হৈ পৰিল ডিব্ৰুগড়ৰ পৌৰনিগম। হঠাতে হোৱা কৃত্ৰিম বানপানীৰ ফলত এক অভাৱনীয় পৰিস্থিতিৰ স্বৃষ্টি হল ডিব্ৰুগড়ত। কোনো ধৰনৰ বৰষুণ নথকা সত্বেও, প্ৰখৰ ৰদৰ মাজতেই হঠাৎ কালি দুপৰীয়া ভাগত বৃদ্ধি হয় ডিব্ৰুগড়ৰ চহৰ সুৰক্ষা নলাৰ জলপৃষ্ঠ।গংগাপাৰা, জ্যোতি নগৰ, কাউৰীপট্টীৰ একাংশৰ ঘৰে ঘৰে সোমাবলৈ ধৰে পুনৰ পানী। সেই পানী আজিও অপৰিৱৰ্তিত ৰূপত আছে। কালি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি যোৱা চহৰৰ সুৰক্ষা নলাৰ ওপৰৰ এক অংশ ডিব্ৰুগড়ৰ পৌৰ নিগমৰ প্ৰশাসনে এক্সেভেটৰৰ সহায়ত এৰুৱাই পেলাই। ফলত পানী হুৰহুৰাই ববলৈ ধৰে। ক্ষতিগ্ৰস্ত অঞ্চলৰ ৰাইজে আশা কৰিছিল যে নিশাৰ ভিতৰত পানী শুকাই পৰিব। কিন্তু সকলোকে হতবাক কৰি পানী কমাতকৈ কিছু বৃদ্ধি পোৱাত ৰাইজ ক্ষোভিত হৈ আজি জ্যোতি নগৰ অঞ্চলত পথ অৱৰোধ কৰে।জলবন্দী হৈ থকা স্থানীয় ৰাইজে মেডিকেল কলেজৰ দিশৰ পৰা গংগাপাৰালৈ প্ৰৱেশ কৰা জ্যোতি নগৰ অঞ্চলত(অৰুণাচল গেষ্ট হাউচৰ সন্মুখত) অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।বহু সময় পথ অৱৰোধ কৰাত জিলা প্ৰশাসনৰ হৈ পূৱ ৰাজহ চক্ৰ বিষয়া উপস্থিত হৈ ৰাইজক আস্বস্ত কৰাৰ পাছতহে প্ৰতিবাদী ৰাইজে অৱৰোধ প্ৰত্যাহাৰ কৰে। ডিব্ৰুগড় চহৰৰ নলিয়াপুল অঞ্চলৰ মাজেৰে পাৰ হৈ যোৱা অতি ব্যস্ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ তলৰে যোৱা ডিব্ৰুগড় চহৰ সুৰক্ষা নলাৰ পানী চলাচলত এক বৃহৎ অৱৰোধৰ সৃষ্টি কৰিছিল। হঠাৎ বৃহৎ জলৰাশিৰ লগতে মেটেকা উটি আহি নালিয়াপুলৰ ড্ৰেইনত আৱদ্ধ হৈ পৰে।যাৰ ফলত হঠাতে পানী উফন্দি বাগৰি কাষৰীয়া অঞ্চলত প্ৰৱেশ কৰাত স্থানীয় বাসিন্দাসকল আতংকিত হৈ পৰে। কালি দিনৰ প্ৰায় ১.১৫ বজাত নেইনা চিনেমা হলৰ সমীপত বৰষুণ নথকা সত্ত্বেও জ্যোতি নগৰ,গংগাপাৰা এলেকা, এ টি ৰোডকে ধৰি কেইবাটাও স্থানীয় অঞ্চল আধা ঘণ্টাৰ ভিতৰতে পানীত ডুব যায়।অভাৱনীয় পানী জমা হোৱাৰ ফলত জনসাধাৰণৰ মাজত কতৃপক্ষৰ বিৰোধে ভীষণ ক্ষোভৰ স্বৃষ্টি হৈ প্ৰতিবাদ সাব্যস্ত কৰে।উল্লেখ্য যে দীৰ্ঘ সময় ধৰি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতি কৰি থকাৰ বাবেও পথটো ওখ হৈ পৰে যদিও ড্ৰেইনৰ তলিভাগ চাফা নকৰাৰ ফলত আৰ্ৱজনাৰে ভৰি পৰি আজিৰ এই অৱস্থাৰ স্বৃষ্টি হোৱা বুলিও অভিযোগ উঠিছে।ইফালে ডিব্ৰুগড় পৌৰ নিগমৰ উপ মেয়ৰ উজ্জ্বল ফুকনে সংবাদ মাধ্যমক কয় যে চহৰ সুৰক্ষা নলাটোৰ দায়িত্বত ইএণ্ডডি বিভাগ আছিল। আজি কিছু দিনৰ পূৰ্বেহে ডিব্ৰুগড় পৌৰ নিগমক ইয়াৰ দায়িত্ব দিছে।সেয়ে আমি যিমান পাৰো নলাটো ছাফা কৰিছো।নলাৰ চাৰিফুট তলত থকা কালৰ্ভাটতো এতিয়াও পানীৰ তলত আছে।সেয়ে কালৰ্ভাটতো উঠোৱাৰ পাছতহে ইয়াৰ প্ৰকৃত কাৰণটো ফাদিল হব বুলি উপ মেয়ৰ ফুকনে কয়।ইফালে আজি দ্বিতীয় দিনৰ বাবেও ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ বিচিন্ন হৈ আছে।চহৰখনৰ গাভৰু পথাৰ তিনি আলিৰ পৰা গ্ৰেহেম বজাৰ তিনি আলিলৈ(মেডিকেল তিনি আলি) ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণৰূপে বন্ধ থকাৰ লগতে নালিয়াপুলত বিচিন্ন হোৱা ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত মানুহ পাৰ হব পৰাকৈ কেৱল এখন লোহাৰ দলং স্থাপন কৰা হৈছে।তিনিচুকীয়াৰ পৰা ডিব্ৰুগড় হৈ যাব লগীয়া যাত্ৰীবাহী বাছ সমূহ কলেজ ৰোড হৈ ৰেডক্ৰচ ৰোডেৰে আহি ফুলবাগানত উপস্থিত হৈ শিৱসাগৰ অভিমুখে যাব পাৰিব।তেনেদৰেই শিৱসাগৰৰ পৰা অহা যাত্ৰীবাহী বাছসমূহ মেডিকেল তিনিআলি হৈ পল্টন বজাৰ হৈ সেউজপুৰ হৈ তিনিচুকীয়ালৈ যোৱাৰ সুবিধা কৰা হৈছে।

প্ৰেৰক বিভাস দুৱৰা

You might also like