নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড় জিলা সাংবাদিক সন্থাৰ বিশ্ব পৰিৱেশ দিৱস

বিশেষ বাৰ্তা, ৫জুনঃ বিশ্ববাসীক পৰিৱেশৰ প্রতি সজাগ কৰি তোলা তথা সকলো মানুহে পৰিৱেশ সংৰক্ষণ কৰি পৃথিৱীক সুস্থিৰ কৰি ৰখাৰ উদ্দেশ্যে ডিব্ৰুগড়ত আজি সাংবাদিক সংগঠন ‘বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সহযোগত, ডিব্ৰুগড় জিলা সাংবাদিক সন্থাৰ উদ্যোগত পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস। জিলা সাংবাদিক সন্থাৰ সম্পাদক মনজিৎ বৰাই আঁত ধৰা কাৰ্যসূচীত বিশ্ব পৰিৱেশ দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে বিশিষ্ট তথা জেষ্ঠ সাংবাদিক বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠাপক সভাপতি ৰাজীৱ বৰগোহাঞি আৰু উপ-সভাপতি বিভাস দুৱৰাই। আনহাতে এটা পনিয়ল পুলি ৰোপণেৰে বৃক্ষৰোপণৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে জিলা সভাপতি বিপিন শৰ্মাই।ডিব্ৰুগড় জিলা সাংবাদিক সন্থাৰ কাৰ্যালয় প্ৰাংগণত অনুষ্ঠিত হোৱা কাৰ্যসূচীত উপস্থিত সকলোৱে লেটেকু, পনিয়ল, আমলখি, শিলিখা, মধুৰিআম, আম বিভিন্ন ফলমূলৰ পুলি ৰোপণ কৰে। জিলা সাংবাদিক সন্থাৰ সহকাৰী সম্পাদক মুক্তামণি হাজৰিকা, বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক ৰাতুল গোহাঁই, জেষ্ঠ সাংবাদিক কৰুণা ফুকন, হোমেন ফুকন, জিতেন্দ্ৰ শ্ৰীবাস্তৱ, সন্দীপ আগৰৱাল, ধনটি শইকীয়া, সন্তোষ যাদৱ, দীনেশ দাস, ইফতিকাৰ হুছেইন, বাসু দেৱনাথ,ছানাৱাজ আহমেদ,সুজয় চৌধুৰী,গৌৰৱ ফুকনসহ জিলাখনৰ বিভিন্ন প্ৰান্তৰ সাংবাদিকসকল উপস্থিত থাকে।

প্ৰেৰক বিভাস দুৱৰা

You might also like