বিশেষ বাৰ্তা, ৪ অক্টোবৰঃ পুনৰ অশনি সংকেত ডিব্ৰুগড় চহৰবাসীলৈ। ডিব্ৰুগড়ত পুনৰ ভয়াৱহ গৰাখহনীয়া আৰম্ভ হৈছে। প্ৰায় ৩০ মিটাৰ ইতিমধ্যেই ব্ৰহ্মপুত্ৰৰ বুকত জাহ গৈছে।কেৱল সেয়াই নহয়, ভালেকেইটা বাসগৃহ নৈৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে যদিও সংশ্লিষ্ট বিভাগ কুম্ভকৰ্ণ নিদ্ৰাত। উজাগৰী নিশা কটাইছে স্থানীয় ৰাইজে। মথাউৰিৰ পাৰতে চপৰা-চপৰকৈ খহিছে নৈৰ গৰা। উটি-ভাহি গৈছে বহু গছ-গছনিৰ লগতে এখন বাঁহনি বাৰী। এইবাৰ ডিব্ৰুগড় চহৰখনৰ মোহনাঘাট অঞ্চলত ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ গৰাখহনীয়াই নিদ্ৰা হৰণ কৰিছে ডিব্ৰুগড়বাসীৰ। ভয়ংকৰ খহনীয়াৰ ফলত ডিব্ৰুগড় প্ৰধান সুৰক্ষা বান্ধ পালেহি ব্ৰহ্মপুত্ৰ। জলসম্পদ বিভাগে জিঅ’বেগ আৰু পকী-পাৰ্কোপাইনৰ জৰিয়তে খহনীয়া ৰোধ কৰিবলৈ চেষ্টা কৰিছিল যদিও সকলো যেন ফুটুকাৰ ফেনত পৰিণত খহনীয়াত ইতিমধ্যে সকলো উটি গৈছে। খহনীয়াস্থলীত ইতিমধ্যেই কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰামেশ্বৰ তেলী, জলসম্পদ মন্ত্ৰী পীয়ূষ হাজৰিকা উপস্থিত হৈ পৰিদৰ্শন কৰি গৈছিল যদিও খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত বিশেষ সফল হোৱা নাই জলসম্পদ বিভাগ। জলসম্পদ বিভাগৰ খহনীয়া ৰোধৰ নামত কেৱল প্ৰহসনমূলক কাৰ্য তথা ভেঁকো-ভাওনা। সংশ্লিষ্ট বিভাগে ইটা জপা দি জি’অবেগ জাপি ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ খহনীয়া প্ৰতিৰোধৰ প্ৰচেষ্টা চলাইছিল যদিও বিজ্ঞানসন্মতভাবে প্ৰতিৰোধৰ ব্যৱস্থা নকৰাৰ কুফল আজি পৰ্যন্ত ৰাইজে ভুগিব লগাত পৰিছে।যাৰ বাবে ডিব্ৰুগড় নগৰবাসীয়ে আজি বিনিদ্ৰ ৰজনী কটাব লগাত পৰিছে। ডিব্ৰুগড়ৰ মোহনাঘাটৰ এই স্থানতে ইতিপূৰ্বে চাৰিটা বাসগৃহ খহনীয়াত জাহ গৈছিল। এতিয়া পুনৰ এনেদৰে আজিও খহনীয়া অব্যাহত আছে একে স্থানতে। চলিত বৰ্ষতে চহৰৰ কয়লা ঘাটৰ এক বিস্তীৰ্ণ অঞ্চলত ভয়ানক গৰাখহনীয়াই সুৰক্ষা বান্ধৰ পৰা প্ৰায় ২০০ মিটাৰ খহাই নিয়াৰ ফলত সমগ্ৰ চহৰখনৰ বাবেই এক আতংকময় পৰিৱেশৰ স্বৃষ্টি হৈছিল।সেই সময়ত চান্দমাৰিৰ পৰা কয়লা ঘাটলৈকে ভয়ানক গৰাখহনীয়া হৈছিল। আনহাতেদি আজি চহৰৰ সুৰক্ষা বান্ধৰ কাষতে অৱস্থিতি গ্ৰহণ কৰা ব্ৰহ্মপুত্ৰৰ এনে ভয়াৱহ গৰাখহনীয়াক লৈ এতিয়া স্বাভাবিকতেই চিন্তিত হৈ পৰিছে ডিব্ৰুগড়বাসী।
প্ৰেৰক বিভাস দুৱৰা