বিশেষ বাৰ্তা, ২১ এপ্ৰিলঃ অসম আৰু অসমীয়া জাতীয় জীৱনৰ আয়ুস ৰেখা তথা বাপতিসাহোন বহাগ বিহু মানেই অসমীয়াৰ প্ৰাণ। হাজাৰ দুখ-কষ্ট হলেও,এই বিহুত এপাক ককাল ঘূৰাই নচাৰ সকলোৰে মন থাকে।ইয়াৰ ব্যতিক্ৰম নহয় ডিব্ৰুগড়ৰ সাংবাদিকসকল। দৈনিক ন-ন তথ্যৰে পুৱাৰে পৰা নিশা এপৰলৈ ৰাজ্য তথা দেশবাসীক প্ৰতিটো মুহূৰ্তৰ বতৰা দি থাকি ২৪ ×৭ দিনেই অত্যন্ত ব্যস্ত হৈ থকা সাংবাদিকসকলে তেঁওলোকৰ কৰ্মব্যস্ততাৰ মাজতে চতুৰ্দশ বছৰৰ বাবে জুৰিলে হুঁচৰি। পৰম্পৰাগত বিহু নামেৰে,গৃহস্থৰ কুশল মঙ্গল কামনা, আশীৰ্বাদেৰে জাতীয় জীৱনৰ পৰম্পৰা ৰক্ষাৰ প্ৰচেষ্টাত এইবছৰো ডিব্ৰুগড়ৰ সাংবাদিকসকলক দেখা গ’ল সাংবাদিকৰ ঘৰে ঘৰে হুঁচৰি জোৰা। উল্লেখ যে ডিব্ৰুগড় সদৰৰ দুটাকৈ প্ৰেছ ক্লাব ক্ৰমে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাব আৰু ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সমূহ বিষয়ববীয়া তথা সদস্যই একত্ৰিত হৈ এইদৰে বিগত তেৰ বছৰ ধৰি সাংবাদিকসকলৰ চোতালে চোতালে জুৰি আহিছে হুঁচৰি। সম্পূৰ্ণ জাতীয় সাজ-পাৰ পৰিধান কৰি, ঢোল-পেঁপা, বাঁহী আৰু পৰম্পৰাগত বিহু নাম জুৰি সন্ধিয়া হুঁচৰি জোৰিছে সাংবাদিকসকলৰ পদুলিত। একতাৰ এনাজৰী, সংস্কৃতিৰ ভাতৃত্ববোধেৰে ইলেক্ট্ৰিকনিক আৰু প্ৰিণ্ট মিডিয়াৰ জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সমূহ সাংবাদিক এক হৈ ২০১০ চনৰ পৰা ধাৰাবাহিকভাবে সাংবাদিকসকলৰ বাকৰিত হুঁচৰি পৰিবেশন কৰি পৰম্পৰা অব্যাহত ৰাখিছে এনেদৰে। বিগত দুটা বৰ্ষত ক’ৰোনা মহামাৰী তথা ল’কডাউনৰ বাবে হুঁচৰিৰ ধাৰাবাহিকতাত ব্যাঘাট জন্মিছিল যদিও পৰম্পৰা ধৰি ৰাখিছিল সাংবাদিক সকলে।পুনৰ সকলো সাংবাদিকে কঁকালত টঙালি বান্ধি দিনৰ দিনটো ব্যস্ততাৰ মাজত থকাৰ পাছত, নিশা অলপ সময় উলিয়াই আজিৰ পৰা বিহুত মতলীয়া হৈ পৰিছে। সাংবাদিকৰ পদূলিত জুৰা হুঁচৰিৰ মুখৰিত পৰিবেশ প্ৰত্যক্ষ কৰা বাবে বহু লোকৰ সমাগম হোৱা দেখা যায়। এক আশা আৰু চিন্তাৰ খোৰাক যোগাবলৈকে সাংবাদিকসকলে নিশা এপৰলৈকে হুঁচৰি গোৱাৰ পাছত সংগৃহীত ধনৰাশি “সাংবাদিক কল্যাণ সমিতি” নামেৰে বেংকৰ একাউন্ট জমা ৰাখি বিভিন্ন সময়ত সাংবাদিকৰ আপদকালীন সময়ত সহায়ো কৰি আহিছে। জেষ্ঠ সাংবাদিক সঞ্জীৱ নন্দীক সভাপতি, সুৰজ দত্তক সম্পাদক আৰু ৰাতুল গোহাঁইক ধনভড়ালী হিচাপে লৈ “সাংবাদিক কল্যাণ সমিতি” গঠন কৰি ধনৰাশি বেংকত ৰাখি ইতিমধ্যেই ভালেকেইজন সাংবাদিকক আকস্মিক দুর্ঘটনা তথা আপদকালীন সময়ত চিকিৎসাৰ বাবে এককালীন সাহায্য প্ৰদান কৰা হৈছে। ডিব্ৰুগড়ৰ সাংবাদিক সকলৰ এনে প্ৰচেষ্টা স্বাভাৱিকতে ৰাজ্যৰ সংবাদ মহলত এক নজিৰ সৃষ্টি কৰি আহিছে। সাংবাদিকসকলৰ এনে প্ৰচেষ্টাক ডিব্ৰুগড়বাসীয়ে ভূয়সী প্ৰশংসা কৰা লগতে বিভিন্ন ধৰ্ম, জাতি, জনজাতিৰ মাজত গঢ় লোৱা ভাতৃত্ববোধ আৰু এনাজৰীৰ শিকলিডাল অক্ষুন্ন ৰখাৰ কামনা কৰিছে ডিব্ৰুগড়বাসীয়ে।
প্ৰেৰক বিভাস দুৱৰা