নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়–কোকৰাঝাৰ-নলবাৰীৰ জিলা আয়ুক্ত বদলি

📌 ৰাজ্যিক প্রশাসনত সালসলনি

ষ্টাফ ৰিপ’ৰ্টাৰ, ২৩ জুলাই : ৰাজ্য চৰকাৰৰ পার্ছনেল বিভাগে আজি এক নির্দেশযোগে ৰাজ্যিক প্রশাসনত কিছু সালসলনি ঘটাইছে৷ ডিব্রুগড়, কোকৰাঝাৰ আৰু নলবাৰীৰ জিলা আয়ুক্ত বদলি কৰা হৈছে ৷ ডিব্রুগড়ৰ জিলা আয়ুক্ত বিশ্বজিৎ পেগুক গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিব হিচাপে বদলি কৰা হৈছে ৷ কোকৰাঝাৰৰ জিলা আয়ুক্ত বর্ণালী ডেকাক নলবাৰীৰ জিলা আয়ুক্ত হিচাপে বদলি কৰা হৈছে৷ পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ আয়ুক্ত বিক্রম কৈৰীক ডিব্রুগড়ৰ জিলা আয়ুক্ত হিচাপে বদলি কৰা হৈছে৷ বজালীৰ ভাৰপ্রাপ্ত অতিৰিক্ত জিলা আয়ুক্ত প্রদীপ কুমাৰ দ্বিবেদীক কোকৰাঝাৰৰ জিলা আয়ুক্ত হিচাপে বদলি কৰা হৈছে৷ বিশ্বনাথৰ অতিৰিক্ত জিলা আয়ুক্ত জয় শিৱানীক পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ আয়ুক্ত হিচাপে বদলি কৰা হৈছে৷ বোকাখাতৰ ভাৰপ্রাপ্ত অতিৰিক্ত জিলা আয়ুক্ত নেহা যাদৱক বিশ্বনাথৰ অতিৰিক্ত জিলা আয়ুক্ত হিচাপে বদলি কৰা হৈছে৷ নলবাৰীৰ জিলা আয়ুক্ত গীতুমণি ফুকনক জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অতিৰিক্ত সচিব হিচাপে বদলি কৰা হৈছে৷ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ যুটীয়া সচিব মৃদুল কুমাৰ দাসক বজালীৰ ভাৰপ্রাপ্ত অতিৰিক্ত জিলা আয়ুক্ত হিচাপে বদলি কৰা হৈছে৷

You might also like