নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অতি শীঘেই ডিব্ৰুগড় মোহনবাৰী বিমান বন্দৰত নিশাৰ ভাগতো হ’ব বিমানৰ উৰণ আৰু অৱতৰণ!

  • বিমানবন্দৰৰ ৰাণৱেৰ দৈৰ্ঘ্য বৰ্তমানৰ ১৮৩০ মিটাৰৰ পৰা ২২৯০ মিটাৰলৈ বৃদ্ধি

নিয়মীয়া বাৰ্তা, ৪ মার্চ: উজনিৰ বিমান যাত্ৰীসকলৰ বাবে সুখবৰ।অতি শ্ৰীঘেই ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰৰ পৰা নিশাৰ ভাগতো বিমান উৰণ আৰু অৱতৰণ কৰিবলৈ সক্ষম হব।সুদীৰ্ঘকালৰ পাছত মোহনবাৰী বিমান বন্দৰত এনে সুবিধা উপলব্ধ হোৱাত স্বাভাৱিকতেই যাত্ৰীসকলৰ মাজত বহু আশাৰ সঞ্চাৰ হৈছে।জানিব পৰামতে ডিব্ৰুগড় বিমানবন্দৰৰ ৰাণৱেৰ দৈৰ্ঘ্য বৰ্তমানৰ ১৮৩০ মিটাৰৰ পৰা ২২৯০ মিটাৰলৈ বৃদ্ধি কৰা হৈছে আৰু ইয়াৰ কাম প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত। বহু আকাংক্ষিত ডিব্ৰুগড় বিমানবন্দৰৰ ৰাণৱে সম্প্ৰসাৰণ সম্পূৰ্ণ কৰাৰ বাবে,বৰ্তমানৰ ৰাণৱেটোক নতুনকৈ নিৰ্মাণ কৰা ৩৬৩ মিটাৰ অংশৰ সৈতে একত্ৰিত কৰাৰ ফলত মুঠ সম্প্ৰসাৰণ ৪৬০ মিটাৰলৈ বৃদ্ধি হৈছে।

অসামৰিক বিমান পৰিবহণৰ প্ৰয়োজনীয়তাৰ সুৰক্ষাৰ নিয়ম পূৰণ কৰি কাম আৰম্ভ কৰিবলৈ প্ৰথমে ৰাণৱেৰ ঘোষিত দৈৰ্ঘ্য ১৫০ মিটাৰ হ্ৰাস কৰি ৯০ মিটাৰ দৈৰ্ঘ্যৰ RESA (Runway Strip & Runway End Safety Area) আৰু ৬০ মিটাৰ দীৰ্ঘায়িত ৰাণৱে ষ্ট্ৰিপৰ ব্যৱস্থা কৰা হৈছিল। ইয়াৰ ফলত থ্ৰেছহ’ল্ড ১৫০ মিটাৰ স্থানান্তৰিত হয়।এই পৰিৱৰ্তন ২০২৩ চনৰ ২ আৰু ৩ মাৰ্চৰ মাজৰ নিশা কৰা হৈছিল আৰু সেই অনুসৰি পৰিৱৰ্তনৰ পিছত একত্ৰিত অংশত খনন আৰম্ভ কৰা হৈছিল।

ভিজুৱেল লেণ্ডিং এড (ৰাণৱে মাৰ্কিং, পিএপিআই – প্ৰিচিচন এপ্ৰ’চ পাথ ইনডিকেটৰ, থ্ৰেছহ’ল্ড লাইট, ৰাণৱে এজ লাইট আৰু এণ্ড লাইট) নতুন থ্ৰেছহ’ল্ড পজিচন অনুসৰি পুনৰ প্ৰান্তিককৰণ কৰা হৈছে যদিও,একত্ৰীকৰণৰ কামৰ সময়ছোৱাত ইনষ্ট্ৰুমেণ্ট লেণ্ডিং চিষ্টেম উপলব্ধ নহ’ব।সেই অনুসৰি বৈশিষ্ট্য আৰু নিষেধাজ্ঞাৰ পৰিৱৰ্তনসমূহ সকলো অপাৰেটৰক অৱগত কৰাৰ বাবে উপযুক্ত NOTAM (Notice to Airmen)ৰ জৰিয়তে আগতীয়াকৈ প্ৰকাশ কৰা হৈছে।চলিত বৰ্ষৰ ০৩ জুনলৈকে তিনি মাহৰ বাবে NOTAM জাৰি কৰা হৈছে যদিও বিমানবন্দৰ কৰ্তৃপক্ষই আশা কৰিছে যে আগতীয়াকৈ প্ৰস্তুতি চলাই আৰু বতৰ অনুকূল হলে অহা ৩০ এপ্ৰিলৰ ভিতৰত একত্ৰীকৰণ প্ৰকল্পটো সম্পূৰ্ণ হ’ব।এই প্ৰকল্প সম্পূৰ্ণ হোৱাৰ লগে লগে ডিব্ৰুগড় বিমানবন্দৰৰ ৰাণৱেৰ দৈৰ্ঘ্য বৰ্তমানৰ ১৮৩০ মিটাৰৰ পৰা ২২৯০ মিটাৰলৈ বৃদ্ধি পাব।

বিমানবন্দৰৰ বিষয়াসকলে কয় যে এই প্ৰকল্পই বিমান পৰিচালনাৰ সুৰক্ষা বৃদ্ধি কৰিব।লগতে
CAT-I লাইটিং চিষ্টেমৰ সৈতে কম দৃশ্যমানতাত বিমান চলাবলৈ সক্ষম হোৱাৰ উপৰিও বিমানখনৰ ওপৰত লোড পেনাল্টি হ্ৰাস কৰিব। সম্প্ৰতি বিমানবন্দৰটোত এয়াৰ ট্ৰেফিক কণ্ট্ৰল (এটিচি) টাৱাৰ নিৰ্মাণৰ কামো সমান্তৰালকৈ চলি আছে।নিশাৰ ভাগত ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰত বিমান উৰণ আৰু অৱতৰণ কৰাৰ পথ সুগম হোৱাৰ লগে লগেই বহু যাত্ৰীৰ আহ-যাহ বৃদ্ধি পোৱাৰ আশা কৰা হৈছে।

ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।

You might also like