নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ত ৰাম মন্দিৰৰ প্রাণ প্ৰতিষ্ঠা অনুষ্ঠানত ভার্চুৱেলী যোগদান সর্বানন্দ সোণোৱালৰ

🔹 ৰাম মন্দিৰ সনাতনী সভ্যতা-সংস্কৃতি, সম্প্রীতি-মূল্যবোধৰ যুগমীয়া প্ৰতীক : সর্বানন্দ সোণোৱাল

বিশেষ বাৰ্তা, ২২ জানুৱাৰী : কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুস মন্ত্রী সর্বানন্দ সোণোৱালে আজি অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ সৈতে সংগতি ৰাখি ডিব্ৰুগড়ৰ থানা চাৰিআলিৰ হনুমান মন্দিৰ আৰু ৰামদেৱ মন্দিৰ দৰ্শন কৰে আৰু লগতে আউনীআটী শাখা সত্ৰ ভ্ৰমণ কৰি ভক্তিপ্ৰাণ ৰাইজৰ সৈতে ভার্চুৱেলী অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত যোগদান কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ‘স্বচ্ছ তীর্থ অভিযান’ৰ অংশ হিচাপে হনুমান মন্দিৰ আৰু ৰামদেৱ মন্দিৰত স্বচ্ছতা অভিযানত অংশগ্ৰহণ কৰা সময়ত স্থানীয় বিধায়ক প্রশান্ত ফুকনো উপস্থিত থাকে। এই সন্দর্ভত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে কয়- “অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পৱিত্ৰ ক্ষণত আমি দেশবাসী একত্ৰিত হোৱাৰ এই গৌৰৱোজ্জ্বল সময়ত আমাৰ মহান ৰাষ্ট্ৰক সংজ্ঞায়িত কৰা একতা আৰু সহিষ্ণুতাৰ ভাবনাক আঁকোৱালি ল’ব লাগিব। ৰাম মন্দিৰ কেৱল আস্থা-বিশ্বাসৰে প্ৰতীক নহয়, এয়া সনাতনী সভ্যতা-সংস্কৃতি, সম্প্রীতি আৰু মূল্যবোধৰ যুগমীয়া প্রতীক।

৫০০ বছৰৰ অপেক্ষাৰ অন্তত এই ঐতিহাসিক ক্ষণে প্ৰতিগৰাকী সনাতনীক আহ্লাদিত কৰিছে। ইয়াৰ সৈতে জড়িত হৈ আছে অলেখ ভক্তিপ্রাণ লোকৰ সংগ্ৰাম, কষ্ট, ত্যাগ আৰু প্ৰাণাহুতিৰ ইতিহাস। প্ৰভু শ্ৰীৰামচন্দ্ৰ অযোধ্যাত বিৰাজমান হোৱাৰ মাহেন্দ্র ক্ষণ উদযাপনৰ মাজেৰে অনাগত দিনবোৰত দেশক প্ৰগতিৰ নতুন শিখৰত উপনীত কৰিবলৈ সকলোৱেই পণ লওঁ আহক। প্রভু শ্ৰীৰামচন্দ্ৰৰ আশীৰ্বাদ সকলোৰে জীৱনত বৰ্তি থাকক আৰু মৰ্যাদা পুৰুষোত্তমৰ আশীর্বাদে ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্রাত সমর্পিত সেৱা আগবঢ়াই যাবলৈ সকলোকে উদ্বুদ্ধ কৰক, তাৰেই কামনা কৰিলোঁ। লগতে এই ঐতিহাসিক ক্ষণত পূর্ণোদ্যমে চামিল হৈ গৌৰৱোজ্জ্বল সময়ক উদযাপন কৰা ভক্তিপ্ৰাণ ৰাইজলৈ মোৰ আন্তৰিক ধন্যবাদ জনালোঁ।”

আনহাতে, অযোধ্যাত ভগৱান শ্ৰীৰামৰ প্ৰাণ প্ৰতিষ্ঠাৰ পাছতে ডিব্ৰুগড়ৰ ৰাজপথত প্ৰতিগৰাকী যাত্ৰীক মিঠাই খুৱাই, উল্লাস প্ৰদৰ্শন কৰে বিধায়ক প্ৰশান্ত ফুকনে। ৰাজপথত শ্ৰীৰামচন্দ্ৰৰ জয়, পৱন পুত্র হনুমানৰ জয় ধ্বনিৰে উৎসৱৰ দৰে পৰিৱেশ সৃষ্টি কৰে বিধায়কসহ বিজেপি কৰ্মীয়ে। বিজেপিৰ মণ্ডল কাৰ্যালয়ৰ সমীপত এলচিডিৰ বিশাল স্ক্ৰীন লগাই প্ৰাণ প্ৰতিষ্ঠাৰ প্ৰতিটো ক্ষণ উপভোগ কৰে বিধায়কগৰাকীয়ে। ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাক লৈ ডিব্ৰুগড়ত দেখা গ’ল বিশাল ৰেলী। প্ৰভু শ্ৰীৰামৰ জয়ধ্বনিৰে ডিব্ৰুগড়ৰ ৰাজপথত এইদৰে উৎসৱমুখৰ পৰিৱেশ সৃষ্টি কৰে।চহৰখনৰ অলিয়ে-গলিয়ে কেৱল শ্ৰীৰামৰ পূজা-অৰ্চনাৰ লগতে জিলাখনৰ বিভিন্ন প্ৰান্তত বিভিন্ন কাৰ্যসূচীৰে এক ৰামময় পৰিৱেশ।

প্ৰেৰক বিভাস দুৱৰা

You might also like