🔹 ৰিক্সাচালক-ঠেলাচালকৰে অন্তৰংগ বাৰ্তালাপ কেন্দ্ৰীয় মন্ত্ৰীৰ
বিশেষ বাৰ্তা, ৮ অক্টোবৰ : কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ত ৰিক্সাচালক, ঠেলাচালকসকলক লগ কৰি তেওঁলোকৰ খা-খবৰ লয় আৰু অন্তৰংগ বাৰ্তালাপত মিলিত হয়। লগতে তেওঁলোকৰ সৈতে একেলগে পুৰী-চবজিও খায়। ৰিক্সাচালক, ঠেলাচালকসকলৰে অন্তৰংগ বাৰ্তালাপত মিলিত হৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়- “আমাৰ লক্ষ্য- অন্ত্যোদয়াৰ জৰিয়তে সমাজৰ সৰ্বস্তৰৰ লোকৰ সম-বিকাশ, সম-মৰ্যাদা সুনিশ্চিত কৰা। সমাজ জীৱনৰ এক অবিচ্ছেদ্য অংশ ৰিক্সাচালক, ঠেলাচালকসকলৰ কষ্ট, কৰ্মোদ্যমে জীৱনৰ এক গভীৰ অৰ্থ বহন কৰি আহিছে। শাৰদীয় দুৰ্গোৎসৱৰ বতৰত তেওঁলোকক লগ পাই আপ্লুত হ’লোঁ আৰু তেওঁলোকৰ সৈতে কথা-বতৰা পাতি দুৰ্গাপূজাৰ আন্তৰিক শুভেচ্ছা জনালোঁ। খাটি খোৱা এইসকল সৰল মনৰ লোকৰ সৈতে একেলগে পুৰী-চবজি খোৱাৰ সময়কণে মোৰ ল’ৰালিৰ স্মৃতি সজীৱ কৰি তুলিলে।”