ডিব্ৰুগড়ত আলফা স্বাধীনৰ দুৰ্ধৰ্ষ সদস্য ৰঞ্জিত অসমক গ্ৰেপ্তাৰ
বিশেষ বাৰ্তা, ২২ ফেব্ৰুৱাৰীঃ নিষিদ্ধঘোষিত সংগঠন আলফা স্বাধীনৰ এজন দুৰ্ধৰ্ষ সদস্যক ডিব্ৰুগড়ত আজি গ্ৰেপ্তাৰ কৰা হয় বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ। আলফা স্বাধীনৰ সদস্য অৰ্থাৎ বিক্ৰমজিৎ চেতিয়া ওৰফে বিক্ৰম গগৈ ওৰফে ৰঞ্জিত অসম চিকিৎসাজনিত কাৰণত আত্মসমৰ্পণ কৰা বুলি জানিব পৰা গৈছে। তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমান্ত ওচৰত চাবুৱা আৰক্ষী ওচৰত আত্মসমৰ্পণ কৰে আলফাৰ সদস্য গৰাকীয়ে।অৱশ্যে আত্মসমৰ্পণৰ সময়ত কোনো মৰণাস্ত্ৰ জমা দিয়া নাই। ২০১৮ চনৰ জুলাইত যোগদান কৰিছিল চাবুৱাৰ যুৱকজনে।এই সন্দৰ্ভত ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰাই সংবাদ মাধ্যমৰ আগত কয় যে উক্ত যুৱকজনে পৰিয়ালৰ জৰিয়তে আত্মসমৰ্পণ কৰাৰ কথা অৱগত কৰিছিল আৰু সেই মৰ্মে সকলো খবৰ,গতিবিধিৰ ওপৰত আমি ন’জৰ ৰাখিছিলো। শেষত চাবুৱা আৰক্ষীয়ে যুৱকজনক চমজি লোৱাৰ পাছত ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। যুৱকজনৰ ওপৰত কোনো থানাত কিবা গোচৰ আছে নেকি? সেই বিষয়েও পৰীক্ষা কৰা হব বুলি সদৰী কৰে।কালি অসম-অৰুনাচলৰ দুৰ্গম সীমান্তত তিনিগৰাকী লোকক আলফাই গুলীয়াই হত্যা কৰাৰ ভুৱা বাতৰি প্ৰচাৰ হোৱাৰ পাছত যোৱা নিশা এগৰাকী দুৰ্ধৰ্ষ আলফাৰ সদস্যই আত্মসমৰ্পণ কৰি,পৰৱৰ্তী পযায়ত গ্ৰেপ্তাৰ হোৱা ঘটনাই বেছ তাৎপৰ্য বহন কৰিছে।
প্ৰেৰক বিভাস দুৱৰা