ডিব্ৰুগড় বিশ্ববিদ্যালয় ৰেগিং বিৰ্তকঃ ৰাহুল চেত্ৰীসহ তিনিজনৰ জামিন
নিয়মীয়া বাৰ্তা, ১৪ ফেব্ৰুৱাৰী: বহু প্ৰতীক্ষাৰ অন্তত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ জঘন্য ৰেগিং কাণ্ডৰ অন্যতম মূল কাণ্ডাৰী বুলি অভিহিত প্ৰাক্তন ছাত্ৰ নেতা ৰাহুল চেত্ৰী সহ আন দুজনৰ আজি জামিন মঞ্জুৰ কৰে ডিব্ৰুগড়ৰ ন্যায়িক আদালতে।ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডত ৰাহুল চেত্ৰী মূল অভিযুক্ত বুলি অভিযোগ উঠাৰে পৰা তথা জঘন্য ৰেগিং কাণ্ড ফাদিল হোৱাৰে পৰা ৰাহুলে বিগত বৰ্ষৰ ২৭ নৱেম্বৰৰ পৰা ৰাহুল চেত্ৰীয়ে আত্মগোপন কৰি থকাৰ পাছত ৫ ডিচেম্বৰত তিনিচুকীয়া জিলাৰ লেখাপানী আৰক্ষী থানাত আত্মসমৰ্পণ কৰিছিল।পৰৱৰ্তী পৰ্যায়ত ডিব্ৰুগড় আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ইউ/এচ ১২০বি/৩৪১/৩৯৫/৩০৭/১৪৩ ধাৰাৰ অধীনত ৭২৯/২০২২ নং গোচৰত ৰাহুল চেত্ৰী সহ মুঠ সাতগৰাকী ছাত্ৰক কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল।আজি ন্যায়িক আদালতে ৰাহুল চেত্ৰী,প্ৰাণজিৎ বৰুৱা আৰু সীমান্ত হাজৰিকাৰ জামিন মঞ্জুৰ কৰে।ৰাহুলৰ অধিবক্তাই জনোৱা অনুসৰি ৰাহুলৰ জামিনৰ বাবে আৱেদন কৰা হৈছিল আৰু সেই মৰ্মে গোচৰ শুনানিৰ পাছত মহামান্য আদালতে জামিন মঞ্জুৰ কৰে।ৰাহুল মুল অভিযুক্ত হয় নে নহয়,সেয়া আদালতেহে বিচাৰ কৰিব বুলিও অধিবক্তা গৰাকীয়ে সদৰী কৰে।
ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।