নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আলোচনা-চক্ৰত ভাষণ প্ৰদান দিগন্ত বিশ্ব শৰ্মাৰ

বিশেষ বাৰ্তা, ১২ জুনঃ সাহিত্য অকাডেমি আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যুটীয়া উদ্যোগত স্বাধীনতাৰ অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি আয়োজন কৰা “ভাৰতৰ স্বাধীনতা আন্দোলনলৈ অসমীয়া সাহিত্যৰ বৰঙণি” শীৰ্ষক দুদিনীয়া আলোচনা চক্ৰৰ আজি শুভ উদ্বোধন কৰা হয়। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইন্দিৰা মিৰি সভাকক্ষত আয়োজন কৰা উদ্বোধনী সভাত আলোচনা চক্ৰখনি উদ্বোধন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ জিতেন হাজৰিকাই। সভাৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰি বিশিষ্ট সাহিত্যিক, সাহিত্য অকাডেমিৰ ফেল’ প্রাধ্যাপক নগেন শ‍ইকীয়াই ভাৰতৰ ভাষিক বৈচিত্ৰ্যৰ মাজেৰে স্বাধীনতা আন্দোলনৰ দৰে বহুমাত্রিক বিষয়ৰ বিশিষ্টতা আলোচনাৰ বাবে অকাডেমিয়ে কৰা প্ৰয়াস প্ৰশংসা কৰে।সাহিত্য অকাডেমিৰ সম্পাদক কে শ্ৰীনিৱাস ৰাওৱে তেওঁৰ আদৰণি ভাষণত অসমীয়া সাহিত্যৰ জগতত লক্ষ্মীনাথ বেজবৰুৱাৰ পৰা আৰম্ভ কৰি জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভাৰ ৰচনাত উন্মেষিত স্বাধীনতা আন্দোলনৰ বিভিন্ন বিষয় সন্দৰ্ভত বিশদ আলোচনা কৰে। সাহিত্য অকাডেমিৰ অসমীয়া ভাষা উপদেষ্টা সমিতিৰ সমন্বয়ক দিগন্ত বিশ্ব শৰ্মাই তেওঁৰ আদৰণি ভাষণত বৈদিক যুগৰ পৰা প্ৰৱাহিত হৈ থকা ৰাষ্ট্ৰীয় চেতনাৰ মনন আৰু সাহিত্যৰ পাতত তাৰ বিশেষ আলোচনা সম্পর্কে সাৰগৰ্ভ বক্তব্য আগবঢ়ায়।তেওঁ কয়—শ্ৰী অৰবিন্দই ভাৰতীয় সাহিত্য,সংস্কৃতি,সভ্যতাত এক যুগান্তকাৰী প্ৰভাৱ বিস্তাৰ কৰিছিল। আলোচনা চক্ৰখনিৰ মূখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰি বিশিষ্ট সাহিত্যিক ৰীতা চৌধুৰীয়ে উল্লেখ কৰে যে অসমীয়া সাহিত্যই জাতীয় চেতনাৰ জাগৰণৰ যি বৈচিত্রময় ৰূপ সেয়া কেৱল আন্দোলনৰ বিৱৰণতে সীমাবদ্ধ কৰি নাৰাখি লোককথাৰ প্ৰসংগ হিচাপে সাধাৰণ জনতাৰ মাজলৈ আগবঢ়াই লৈ গৈছিল। সাহিত্য অকাডেমিৰ উপ- সভাপতি প্রাধ্যাপক কুমুদ শৰ্মাই সভাপতিৰ ভাষণত শংকৰদেৱৰ সময়ৰ পৰাই জোনাকী যুগলৈকে অসমীয়া ভাষা সাহিত্যই ভাষিক চেতনাৰ জাগৰণ তথা উন্নতিৰ যোগেদি দেশপ্ৰেমৰ চেতনা কেনেদৰে সুদৃঢ় কৰিছিল সেই বিষয়ে বিশেষ আলোকপাত কৰে। সাহিত্য অকাডেমিৰ আঞ্চলিক সম্পাদক দেবেন্দ্ৰ দেৱেশে আঁত ধৰা সভাখনত শলাগৰ শৰাই আগবঢ়ায় ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা আসনৰ প্ৰাধ্যাপক অৰ্পণা কোঁৱৰে। আলোচনা চক্ৰৰ প্ৰথম দিনাৰ দুটা পৰ্বত বিশিষ্ট সাহিত্যিক বিনীতা বৰা দেৱচৌধুৰী, বিশিষ্ট সাংবাদিক মৃণাল তালুকদাৰ, শিক্ষাবিদ ডঃ সব্যসাচী মহন্ত, শিক্ষাবিদ ডঃ সৌমাৰজ্যোতি মহন্ত, বিশিষ্ট গল্পকাৰ মনোজ কুমাৰ গোস্বামী আৰু সাহিত্যিক ডঃ মালিনীয়ে গৱেষণা পত্ৰ পাঠ কৰে। অসমীয়া গীত আৰু কাব্য সাহিত্যত স্বাধীনতা সংগ্ৰামৰ ৰূপ শীৰ্ষক প্ৰথম পৰ্বৰ সঞ্চালক হিচাপে বিশিষ্ট সাহিত্যিক ডঃ কৰবী ডেকা হাজৰিকা উপস্থিত থাকে। অসমীয়া কল্প সাহিত্যত স্বাধীনতা আন্দোলনৰ প্ৰসংগ বিষয়ক দ্বিতীয় পর্বটি সাহিত্যিক ডাঃ অপূর্ব কুমাৰ শ‍ইকীয়াই সঞ্চালনা কৰে। দুদিনীয়া এই আলোচনা চক্ৰৰ দ্বিতীয় দিনটিত অসমীয়া নাট্য সাহিত্য আৰু কাকত আলোচনীৰ পাতত স্বাধীনতা আন্দোলনৰ প্ৰসংগ বিষয়ক কেইবাখনো গৱেষণা পত্ৰ পাঠ কৰা হ’ব বুলিও জানিব পৰা গৈছে।

প্ৰেৰক বিভাস দুৱৰা

You might also like