নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মস্কোলৈ ডিব্রুগড়ৰ উশ্বু খেলুৱৈ কাশ্যপী

🔹 মস্কো উশ্বু ষ্টাৰ চেম্পিয়নশ্বিপত দেশৰ হৈ প্রতিনিধিত্ব কৰিব কাশ্যপী সোণোৱালে

বিশেষ বার্তা, ৩১ মে’ : ৰাছিয়াৰ মস্কোত অনুষ্ঠিত হ’ব লগা মস্কো উশ্বু ষ্টাৰ চেম্পিয়নশ্বিপত দেশৰ হৈ প্রতিনিধিত্ব কৰাৰ বাবে ডিব্রুগডৰ পৰা ৰাওনা হৈছে কাশ্যপী সোণোৱাল৷ ডিব্রুগড কদমণি ৰেৱা আগৰৱালা পথ নিৱাসী জয়ন্ত সোণোৱাল আৰু চিংকুমণি সোণোৱালৰ কন্যা তথা ডিব্রুগড সম্পূর্ণ কেন্দ্রীয় বিদ্যালয়ৰ অষ্টম শ্রেণীত অধ্যয়নৰত কাশ্যপী সোণোৱালে ২–৬ মে’ত উত্তৰাখণ্ড ডেৰাডুনৰ ৰায়পুৰত অনুষ্ঠিত বাছনি পৰীক্ষাত অংশগ্রহণ কৰি মস্কোত হ’ব লগা মস্কো উশ্বু ষ্টাৰ চেম্পিয়নশ্বিপৰ বাবে ভাৰতীয় দলৰ বাবে নির্বাচিত হৈছিল৷ উল্লেখ্য যে কাশ্যপী সোণোৱালে ইতিমধ্যে ডিব্রুগডৰ লগতে ৰাজ্যৰ বিভিন্ন প্রান্তত আৰু পঞ্জাব, কলকাতা, ঝাৰখণ্ড, হিমাচল প্রদেশ, মণিপুৰ, শ্বিলং, উত্তৰাখণ্ড আদিৰ উপৰি চীন, ৰাছিয়া আদিত অংশগ্রহণ কৰি সোণ, ৰূপৰ পদক অর্জন কৰিবলৈ সক্ষম হৈছিল৷ ইয়াৰ পূর্বে খেলুৱৈগৰাকীয়ে ২০২২ত মস্কোত অনুষ্ঠিত আন্তঃৰাষ্ট্রীয় প্রতিযোগিতাতো দেশৰ হৈ প্রতিনিধিত্ব কৰি চতুর্থ স্থান লাভ কৰিবলৈ সক্ষম হৈছিল৷ খেলুৱৈগৰাকীয়ে এইবাৰো দেশৰ হৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ’ব বুলি সকলোৱে আশা কৰাৰ লগতে ডিব্রুগড জিলা উশ্বু সন্থাৰ সভাপতি ড০ শশীকান্ত শইকীয়া আৰু সম্পাদক
তথা প্রশিক্ষক মমী কছাৰীসহ ক্রীড়া সংগঠকে শুভেচ্ছা জ্ঞাপন কৰিছে৷

You might also like