নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিক্ষার্থীক বিজ্ঞানৰ সৈতে খোজ মিলাই আগুৱাই যোৱাৰ আহ্বান মুখ্যমন্ত্রীৰ

ডিব্রুগড় জিলা বিজ্ঞান কেন্দ্রৰ আধাৰশিলা, ক্ষুদ্র চাহ উদ্যোগীক পট্টা প্রদান সর্বানন্দ সোণোৱালৰ

নিয়মীয়া বাৰ্তা ৯ ফেব্ৰুৱাৰীঃ ‘অন্ধবিশ্বাস, কুসংস্কাৰ বিৰাজমান হৈ থাকিলে সমাজ আগুৱাই যোৱাত বাধাৰ প্রাচীৰ হৈ থিয় দিয়ে৷ বাধাৰ প্রাচীৰ আঁতৰাই সমাজ আগুৱাই নিবলৈ বিজ্ঞানৰ আশ্রয় ল’বই লাগিব৷’ আজি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে ডিব্রুগডৰ খনিকৰত জিলা বিজ্ঞান কেন্দ্রৰ আধাৰশিলা স্থাপন আৰু ক্ষুদ্র চাহ খেতিয়কক ভূমিপট্টা প্রদান কৰি এই মন্তব্য কৰে৷ ছাত্র–ছাত্রীসকলক বিজ্ঞানৰ সৈতে খোজ মিলাই আগুৱাই যোৱাৰো আহ্বান জনায় মুখ্যমন্ত্রীগৰাকীয়ে৷ ১৬.৫০ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ কৰিবলগীয়া ডিব্রুগড জিলা বিজ্ঞান কেন্দ্রটোৰ আধাৰশিলা স্থাপন অনুষ্ঠানত সর্বানন্দ সোণোৱালে আৰু কয় যে বিজ্ঞানৰ সৈতে উন্নয়নৰ যাত্রাত আগুৱাই যাবই লাগিব৷ ইয়াৰ বাবে চিন্তাশক্তিও বৃদ্ধি কৰি ধ্যান–ধাৰণা সলনি কৰিব লাগিব৷ বর্তমান বিজ্ঞান প্রযুক্তিৰ যুগ৷ পৰম্পৰাগত পদ্ধতিৰে নিজৰ জীৱন গঢ়াৰ বাবে চিন্তা কৰি থাকিলে এই প্রতিযোগিতাৰ পৃথিৱীত সফলতাৰে উন্নতি হ’ব নোৱাৰি৷ প্রযুক্তিবিদ্যাৰ সহায় লৈ প্রাকৃতিক সম্পদৰ সঠিক ব্যৱহাৰৰ লগতে মানৱ সম্পদৰো বৃদ্ধি কৰিব লাগিব৷ মানুহৰ মাজত লুকাই থকা শক্তিক বিজ্ঞানৰ দ্বাৰা উজ্জ্বীৱিত কৰিব লাগিব৷ বিজ্ঞানৰ সৈতে নিবিড সম্পর্ক গঢ়ি তোলাৰ আহ্বান জনাই মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে বিজ্ঞানসন্মত ধ্যান–ধাৰণাৰে দেশত প্রৱর্তন কৰা নতুন নীতি, আঁচনি সন্দর্ভৰ কথাও উল্লেখ কৰে৷ ছইল হেল্থ কার্ড প্রৱর্তনৰ জৰিয়তে কৃষকসকলক শক্তিশালী বৈজ্ঞানিক চেতনা প্রদান কৰা বুলি মন্তব্য কৰে৷ ইয়াৰ উপৰি ডিজিটেল মাধ্যমেৰে হিতাধিকাৰীলৈ ধন হস্তান্তৰ কৰাৰ ব্যৱস্থা প্রৱর্তন কৰাৰ ফলত মধ্যভোগীৰ ৰাজত্ব নোহোৱা হ’ল বুলিও দোহাৰে সোণোৱালে৷ তদুপৰি বিজ্ঞান প্রযুক্তিৰ সহায় লৈয়েই প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে যি আত্মনির্ভৰশীল ৰাষ্ট্রৰ সপোন দেখিছে সেই দিশত আগুৱাই যাবলৈ সক্ষম হোৱা বুলি উল্লেখ কৰি কয় যে দেশত নিজাকৈ ক’ভিড ভেক্চিন আৱিষ্কাৰ কৰা হৈছে৷

ক’ভিড ভেক্চিন আৱিষ্কাৰ আত্মনির্ভৰশীল ভাৰতৰে উদাহৰণ৷ কৃষকসকলেও কৃষিভূমি বিজ্ঞানসন্মত পদ্ধতিৰে পৰীক্ষা–নিৰীক্ষা কৰিলে অধিক সুফল লাভ কৰিব৷ তেওঁ লগতে বিজ্ঞান প্রযুক্তিৰ সৈতে সন্তানক পৰিচয় কৰাই দিবলৈও অভিভাৱকসকলৰ প্রতি আহ্বান জনায়৷ একেটা অনুষ্ঠানতে জিলাখনৰ ৪৭১গৰাকী ক্ষুদ্র চাহ খেতিয়কলৈ আগবঢ়োৱা হয় ভূমিপট্টা৷ অসমত চাহ আৱিষ্কাৰ দুশ বছৰ পূর্বেই আৰম্ভ হৈছিল যদিও থলুৱা তথা খিলঞ্জীয়া অসমীয়াই চাহ খেতি বা চাহ উদ্যোগ আৰম্ভ কৰা ৪০ বছৰমানহে হৈছে বুলি দোহাৰে মুখ্যমন্ত্রীগৰাকীয়ে৷ যোৱা ৪০ বছৰতো বিগত চৰকাৰসমূহে ক্ষুদ্র চাহ খেতিয়কসকলক ভূমিপট্টা প্রদান কৰিবলৈ কোনো আগ্রহ প্রকাশ নকৰিলে বুলি সর্বানন্দ সোণোৱালে কটাক্ষ কৰে৷ আমাৰ অসম, আমাৰ মাটি, আমাৰ অধিকাৰ সদায় সুৰক্ষিত হ’ব লাগিব৷ কিন্তু ক্ষুদ্র চাহ খেতিয়কসকলৰ অভাৱ, মর্মবেদনা পূর্বৰ কোনো এখন চৰকাৰে হূদয়ংগম নকৰিলে৷ ইয়াৰ উপৰি মৰাণৰ বিধায়ক হৈ থাকোতেই চাহ খেতিয়কক ভূমিপট্টা প্রদান সন্দর্ভত তেওঁ বিধানসভাত প্রস্তাৱ উত্থাপন কৰিছিল বুলিও দোহাৰে৷ ইপিনে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কালি ঢ়েকীয়াজুলিত অসমৰ চাহৰ বিৰুদ্ধে যি ষডযন্ত্র হোৱা বুলি সাৱধানবাণী শুনাইছে তাক গুৰুত্বসহকাৰে লোৱা বুলি উল্লেখ কৰি সোণোৱালে কয় যে অসমৰ চাহ উদ্যোগৰ বিৰুদ্ধে হোৱা ষডযন্ত্র মষিমূৰ কৰিব লাগিব৷ ৰাজ্যখনৰ চাহ খেতিয়কসকলৰ লগত আমাৰ চৰকাৰ আছে৷ আমি কেতিয়াও বিপদত পৰিবলৈ নিদিওঁ৷ ইপিনে সদৌ অসম ক্ষুদ্র চাহ খেতিয়ক সন্থাই উত্থাপন কৰা দাবীসমূহ যেনে ক্ষুদ্র চাহ খেতিয়কৰ জৰীপ কৰা, সাৰ যোগান ধৰা, চাহ খেতিয়কৰ শিক্ষামূলক ভ্রমণ আদি বিষয়বিলাক বিবেচনা কৰি আছে বুলিও ভাষণ প্রসংগত উল্লেখ কৰে সোণোৱালে৷ ৰাজ্যখনৰ ৩ লাখ ৬৫ হাজাৰ পৰিয়ালক এই পর্যন্ত ভূমিপট্টা প্রদান কৰাৰ কথাও অনুষ্ঠানত উল্লেখ কৰে তেওঁ৷

উক্ত অনুষ্ঠানত জলসম্পদ, অসম চৰকাৰৰ বিজ্ঞান আৰু প্রযুক্তি বিভাগৰ মন্ত্রী কেশৱ মহন্তই ভাষণ প্রদান কৰি বিজ্ঞানে অসমত জোৱাৰ আনিব বুলি উল্লেখ কৰি কয় যে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে বিজ্ঞানমনষ্কতা গঢ়ি তুলিবলৈ বিশেষ পদক্ষেপ লৈছে৷ অসমৰ ২২খন জিলাত বিজ্ঞান কেন্দ্র নির্মাণৰ ব্যৱস্থা কৰা হৈছে৷ বিজ্ঞানৰ ক্ষেত্রখনৰ কাৰণে এনে পদক্ষেপ লোৱা অসমেই হ’ব ভাৰতবর্ষৰ প্রথমখন ৰাজ্য৷ ইয়াৰ উপৰি ডিব্রুগড জিলা বিজ্ঞান কেন্দ্রৰ লগতে এটা তাৰকাগৃহ নির্মাণৰ পৰিকল্পনা কৰা হৈছে বুলিও জানিবলৈ দিয়ে মন্ত্রী কেশৱ মহন্তই৷ ইপিনে তৃণমূল পর্যায়লৈকে বিজ্ঞান প্রযুক্তিবিদ্যাৰ ধ্যান–ধাৰণাৰ প্রসাৰ ঘটাবলৈ ব্যৱস্থা গ্রহণ কৰা বুলি উল্লেখ কৰি যোৱা ৫৩ বছৰত এইক্ষেত্রত বিগত চৰকাৰে যিমান টকা খৰচ কৰিলে বর্তমানৰ চৰকাৰে যোৱা পাঁচ বছৰতে সিমান টকা খৰচ কৰিছে বুলি সদৰী কৰে তেওঁ৷ অসমীয়া জাতি জীয়াই ৰাখিবলৈ হ’লে মাটি থাকিবই লাগিব আৰু চৰকাৰে মাটিপট্টা প্রদানত যুগান্তকাৰী সিদ্ধান্ত লোৱা বুলি উল্লেখ কৰে কেশৱ মহন্তই৷ অনুষ্ঠানত ৰাজহ মন্ত্রী যোগেন মহনে ৰাজ্য চৰকাৰে ২৩ বিঘা ভূমিপর্যন্ত ক্ষুদ্র চাহ খেতিয়কক বিঘাইপতি এক হাজাৰ টকাকৈ প্রিমিয়াম ধার্য কৰি ভূমি অধিকাৰ প্রদান কৰা বুলি মন্তব্য কৰে৷ ৭৫ বিঘা ভূমিলৈকে ক্ষুদ্র চাহ খেতিয়কক আবণ্টন দিয়া বুলি উল্লেখ কৰি মন্ত্রী যোগেন মহনে কয় যে কেৱল ডিব্রুগড জিলাতে ২০১৬ চনৰ পৰা ২০২০ চনলৈকে ৫,৪৭২জন খিলঞ্জীয়া আৰু চলিত বর্ষত ৮,৭৪৪গৰাকী হিতাধিকাৰীক সামৰি লোৱা হৈছে৷ অনুষ্ঠানত অসম চৰকাৰৰ বিজ্ঞান প্রযুক্তি বিভাগৰ সচিব হেমেন দাসে আর্যভট্ট বিজ্ঞান কেন্দ্রসমূহৰ বাবে এগৰাকী নডাল অফিচাৰ নিয়োগ কৰিলে অধিক লাভান্বিত হ’ব পৰা যাব বুলি মুখ্যমন্ত্রীৰ দৃষ্টিগোচৰ কৰে৷

ইয়াৰ উপৰি অন্ধবিশ্বাস, কু–সংস্কাৰ দূৰ কৰিবলৈ কালিৰে পৰা ঠায়ে ঠায়ে ৰাইজমেল অনুষ্ঠিত কৰা বুলি ভাষণ প্রসংগত উল্লেখ কৰে৷ ডিব্রুগড জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই আদৰণি ভাষণ প্রদান কৰা উক্ত অনুষ্ঠানত সাংসদ প্রদান বৰুৱা, বিধায়ক প্রশান্ত ফুকন, বিমল বডা, নৰেন সোণোৱাল, ৰিতুপর্ণ বৰুৱা, তেৰছ গোৱালা, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ মুখ্য কার্যবাহী দীপু ৰঞ্জন মাক্রাৰীকে ধৰি বিভিন্ন নিগম নিকায় বিষয়ববীয়াসকলে অংশগ্রহণ কৰে৷ নিয়মীয়া বার্তা, দুলীয়াজান ঃ অসম চৰকাৰৰ অধীনস্থ লাভজনক উদ্যোগ প্রতিষ্ঠান অসম গেছ কোম্পানীয়ে আজি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ গৃহ চহৰ ডিব্রুগড় জিলাৰ বিন্ধাকটা মুলুক গাঁৱত পাইপযোগে ঘৰুৱা গেছ যোগানৰ শুভাৰম্ভ কৰে৷ উদ্বোধন কৰা অনুষ্ঠানত ২৫টাকৈ পৰিয়ালৰ গৃহত ঘৰুৱা গেছ যোগান ধৰা হয়৷ অনাগত সময়ত গাঁওখনৰ প্রায় ১২০টা পৰিয়ালৰ গৃহ সামৰি পাইপযোগে ঘৰুৱা গেছৰ যোগান ধৰা হ’ব বুলি জানিবলৈ দিছে অসম গেছ কোম্পানীয়ে৷ উল্লেখ্য যে অসম চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগৰ উদ্যোগত বন্যপ্রাণী স্বাস্থ্য আৰু গৱেষণা প্রতিষ্ঠানৰ আজি আধাৰশিলা স্থাপন উপলক্ষে বিন্ধাকটা মুলুক গাঁৱত উপস্থিত হোৱা মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ যোগেদি অসম গেছ কোম্পানীয়ে পাইপযোগে ঘৰুৱা গেছ যোগান আঁচনিৰ শুভ উদ্বোধন কৰাৰ লগতে একেটা অনুষ্ঠানতে মুখ্যমন্ত্রীৰ হাতত অসম গেছ কোম্পানীৰ ২০১৯–২০ বিত্তীয় বর্ষৰ লভ্যাংশ ৫ কোটি ৭ লাখ ৪৩ হাজাৰ ৪৭০ টকা চেকযোগে প্রদান কৰা হয়৷ অসম গেছ কোম্পানীৰ পৰিচালন সঞ্চালক কুলচন্দ্র স্বর্গীয়াৰী, অধ্যক্ষ বলীন চেতিয়া, উপাধ্যক্ষ ইন্দ্র গগৈ, কোম্পানীৰ মানৱ সম্পদ আৰু প্রশাসন বিভাগৰ মহাপ্রবন্ধক দীপক চেতিয়া ফুকনে চেক প্রদান কৰাৰ মুহূর্তত খাদ্য আৰু সংসাধনৰ ৰাজ্যিক মন্ত্রী ৰামেশ্বৰ তেলী, পৰিৱেশ আৰু বন, মীন আৰু আবকাৰী বিভাগৰ মন্ত্রী পৰিমল শুক্লবৈদ্য, স্থানীয় বিধায়ক বিনোদ হাজৰিকা, সাংসদ প্রদান বৰুৱা, দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালা, লাহোৱালৰ বিধায়ক ঋতুপর্ণ বৰুৱা উপস্থিত থাকে৷

You might also like