নিয়মীয়া বাৰ্তা, ২৪ আগষ্ট : কঠোৰ পৰিশ্ৰম, একাগ্ৰতা আৰু অধ্যৱসায়ৰ বলত যে যিকোনো অসাধ্যকে পৰাজয় কৰি জয়ী হব পাৰি, সেই কথা অৱশেষত প্ৰমাণ কৰি দেখুৱালে তিনিচুকীয়া জিলাৰ ডাঙৰী অঞ্চলৰ সৰু ধাদুম গাঁৱৰ ডিকী সোণোৱালে। আৰ্থিক অনাটনক প্ৰত্যাহ্বান জনাই তিনিচুকীয়া জিলাৰ ডাঙৰীৰ সৰু ধাদুম গাঁৱৰ জীয়ৰী তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰী ডিকী সোণোৱালে ৫০টা ভাষাত ৫০টা গীত পৰিৱেশন কৰি সন্মানীয় ইণ্ডিয়া বুক অৱ ৰেকৰ্ড আৰু এছিয়া বুক অৱ ৰেকৰ্ডত নাম খোদিত কৰা বতৰাই সমগ্ৰ ডাঙৰী অঞ্চলবাসীক উৎফুল্লিত কৰি তুলিছে ৷ উল্লেখ্য যে ডাঙৰীৰ সৰু ধাদুম গাঁৱৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ কৃষক ললিত সোণোৱাল আৰু মমি সোণোৱালৰ জীয়ৰী ডিকিয়ে বাল্য কালৰ পৰাই নানান বাধা-বিঘিনি অতিক্ৰমি সংগীতৰ চৰ্চা কৰি সুনাম আৰ্জিবলৈ সক্ষম হৈছিল ৷ ঘৰখনত আৰু গাঁওখনত সংগীত চৰ্চাৰ কোনো পৰিৱেশ নথকা স্বত্বেও স্হিতপ্ৰজ্ঞ ডিকীয়ে অধ্যায়নৰ সমান্তৰালভাৱে চলাই নিছিল সংগীতৰ চৰ্চা ৷ ৬ বছৰৰ পৰাই সংগীতৰ অ আ ক খ শিকা ডিকীয়ে প্ৰথম সংগীতৰ শিক্ষা গ্ৰহণ কৰিছিল ডাঙৰী অঞ্চলৰ সংগীত শিল্পী লিপিকা শইকীয়াৰ ওচৰত ৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰী ডিকিয়ে গানৰ মজলিছত পাৰদৰ্শিতা দেখুৱাই মহাবিদ্যালয় পয্যায়ত শ্ৰেষ্ঠ গায়িকাৰ সন্মান লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে বিশ্ববিদ্যালয়তো দুটাকৈ বৰ্ষৰ বাবে শ্ৰেষ্ঠ গায়িকাৰ সন্মান বুটলিবলৈ সক্ষম হৈছে ৷ ইতিমধ্যে একক কন্ঠৰ ৮টা আৰু দ্বৈত কন্ঠৰ ৫টা গীত বাণীবদ্ধ কৰি শ্ৰুোতা ৰাইজলৈ এৰি দি বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে উদীয়মান কন্ঠশিল্পী ডিকী সোণোৱালে ৷ প্ৰয়োজনীয় সা-সুবিধা অবিহনেই একান্ত নিজস্ব সাধনাৰ জৰিয়তে সংগীতৰ জগতখনত আৰোহণ কৰা ডিকী সোণোৱাল কেৱল সংগীততে জড়িত নাথাকি অনুষ্ঠান উপস্থাপন আৰু ঘোষিকা ৰূপেও সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ ডিকী সোণোৱালে জানিবলৈ দিয়া অনুসৰি, ইণ্ডিয়া বুক অৱ ৰেকৰ্ড আৰু এছিয়া বুক অৱ ৰেকৰ্ডত যোৱা ৭ আগষ্টত ৫০টা ভাষাত ৫০ গীত বাণীবদ্ধ কৰি সুকন্ঠী গায়িকাগৰাকীয়ে ইমেইলযোগে প্ৰেৰণ কৰিছিল ৷ ইয়াৰ স্বীকৃতি স্বৰূপেই ডিকী সোণোৱাললৈ প্ৰতিষ্ঠান দুটাৰ পৰা প্ৰমাণ-পত্ৰৰ লগতে উপহাৰৰ টোপোলা আহে ৷ডিকীয়ে জানিবলৈ দিয়া মতে আগত দিনত আন্তঃৰাষ্ট্ৰীয় আৰু বিশ্বত নাম অন্তৰ্ভুক্ত কৰাৰ প্ৰচেষ্টা চলাব বুলি প্ৰকাশ কৰিছে ৷ এগৰাকী উদীয়মান কন্ঠশিল্পীৰ এই স্বীকৃতিৰ বাতৰি বিয়পি পৰাৰ লগে লগে সুকন্ঠী গায়িকা ডিকী সোণোৱালক সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সভাপতি দেৱানন্দ চেলেং আৰু সম্পাদক পৰীক্ষিত সোণোৱালে উষ্ম অভিনন্দন জ্ঞাপন কৰি শিল্পীগৰাকীৰ উত্তৰোত্তৰ কামনা কৰিছে ৷ উদীয়মান গায়িকা গৰাকীক সোণোৱাল কছাৰী স্বায়ত্ত্বশাসিত পৰিষদৰ মূখ্য কায্যবাহী সদস্য টংকেশ্বৰ সোণোৱালেও অভিনন্দন জ্ঞাপন কৰি ডিকী সোণোৱালক সোণোৱাল কছাৰী সম্প্ৰদায়ৰ এক সম্পদ বুলি অভিহিত কৰিছে ৷ ইণ্ডিয়া বুক অৱ ৰেকৰ্ড আৰু এছিয়া বুক অৱ ৰেকৰ্ডত গানৰ মাধ্যমৰে নাম খোদিত কৰিবলৈ সক্ষম হোৱাত শদিয়া সমষ্টিৰ বিধায়ক বলীন চেতিয়া, হালালী যুৱ মঞ্চৰ সভাপতি বিপুল সোণোৱাল, সোণোৱাল কছাৰী সাহিত্য সভা আদিৰ লগতে বহু দল-সংগঠন আৰু ব্যক্তিবিশেষে ডিকী সোণোৱাললৈ সামাজিক মাধ্যমৰ যোগেৰে অভিনন্দন জ্ঞাপন কৰি উদীয়মান শিল্পীগৰাকীৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিছে ৷
প্ৰেৰক ঋতুপৰ্ণ সোণোৱাল