নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনি বছৰে মেৰামতি নহ’ল মৰাপাগলাদিয়াৰ বানে ছিঙা গ্ৰাম্য পথৰ

নিয়মীয়া বাৰ্তা, ২৫ জুলাই : বিগত তিনিটা বছৰে বানে ছিঙি নিয়া নলবাৰী জিলাৰ পশ্চিম ষাঠিকুছিৰ এটি গ্ৰাম্য পথৰ মেৰামতি নোহোৱাত বৃহত্তৰ অঞ্চলবাসী ৰাইজে যাতায়াতৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ’ব লগা হোৱাত অঞ্চলবাসী ৰাইজ ক্ষুব্ধ হৈ পৰিছে ৷ উল্লেখ্য যে বিগত ২০২০ বৰ্ষত মৰাপাগলাদিয়া নৈৰ প্ৰলয়ংকৰী বানে নলবাৰী জিলাৰ বৰমা বিধানসভা সমষ্টি আৰু ৪৬ নং পূব নামবৰভাগ গাঁও পঞ্চায়তৰ অন্তৰ্গত বৰমা-কৈঠালকুছি লোকনিৰ্মাণ পথৰ পৰা ষাঠিকুছি নপাৰা, সাৰাপাৰা হৈ কৈঠালকুছি গড়বেৰ আৰু বালি কৈহাটীপাৰা সংযোগী গ্ৰাম্য পথটোৰ বহু অংশ ছিঙি নিছিল ৷ ফলস্বৰূপে সেই দিন ধৰি বৰ্তমানলৈ কৈহাটীপাৰা, গড়বেৰ আৰু পশ্চিম ষাঠিকুছিৰ ৰাইজে যাতায়াতৰ ক্ষেত্ৰত যমৰ যাতনা ভুগি আহিছে৷ বৃহত্তৰ অঞ্চলসমূহৰ ৰাইজে বেপাৰ-বাণিজ্যৰ বাবে বিদ্যালয়-মহাবিদ্যালয় নাইবা চিকিৎসা আদিৰ বাবে তথা বহিঃজগতৰ লগত যোগাযোগ ৰক্ষা কৰাৰ এইটোৱে হ’ল প্ৰধান পথ ৷ কিন্তু বিগত ২০২০ বৰ্ষৰ মৰাপাগলাদিয়া নৈৰ বলিয়া বানে অঞ্চলসমূহৰ ৰাইজৰ যাতায়াতৰ একমাত্ৰ গ্ৰাম্য পথটোত থকা একমাত্ৰ কাঠৰ দলংখনৰ দুয়োটা মূৰ খহাই নি পথটোৰ প্ৰায় আধা কিলোমিটাৰ অংশ বানে ছিঙি নিয়াৰ ফলত পথটোৰে যাতায়াত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছিল ৷ পিছত অৱশ্যে পথটোৰ ছিঙা অংশখিনিত অৰ্থাৎ দলঙৰ দুয়োমূৰে ৰাইজে দুখন বাঁহৰ দলং নিৰ্মাণ কৰি তথা মাজে-সময়ে বাঁহৰ দলং দুখন মেৰামতি কৰি অঞ্চলসমূহৰ ছাত্ৰ-ছাত্ৰী আৰু ৰাইজে বিপজ্জনকভাৱে কোনোমতে যাতায়াত কৰি আহিছিল যদিও চলিত বৰ্ষৰ বানে বাঁহৰ দলং সম্পূৰ্ণ ৰূপে উটুৱাই লৈ যোৱাৰ পাছত  পথটোৰে যাতায়াত সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰে৷ ফলত বৰ্তমান অঞ্চলসমূহৰ ৰাইজে ভীষণ অসুবিধাৰ সন্মুখীন হৈছে৷ আনফালে উক্ত পথটো মেৰামতিৰ ক্ষেত্ৰত আজিলৈকে কোনো এটি বিভাগে গুৰুত্ব প্ৰদান নকৰাৰ গুৰুতৰ অভিযোগ তোলে স্থানীয় একাংশ ৰাইজে ৷ গতিকে উপায়হীন অঞ্চলসমূহৰ ৰাইজে এতিয়া শীঘ্ৰে বানে বিধ্বস্ত কৰা গ্ৰাম্য পথটো মেৰামতি কৰি যাতায়াতৰ উপযোগী কৰি তুলিবলৈ আহ্বান জনাইছে৷
 প্ৰেৰক শৈলেন বৰ্মন
You might also like