নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্যতিক্ৰমী চিন্তাধাৰাৰে সমন্বয় উৎসৱ উদযাপনঃ জনগোষ্ঠীয় বাৰেৰহনীয়া নৃত্য প্ৰদৰ্শনৰ

বিশেষ বাৰ্তা, বৰগাং, ২৬ এপ্ৰিলঃ বিশ্বনাথ জিলাৰ অন্যতম বিহালী মোনাবাৰী  চাইনিং গ্ৰীণ আছিয়ানা ৱেলফেয়াৰ ফাউণ্ডেচনৰ সৌজন্যত আৰু বিহপুখুৰী যুৱক সংঘ তথা মোনাবাৰী আটছাৰ সহযোগত ১০ ব’হাগত দিনজোৰা কাৰ্যসূচীৰে ব’হাগ বিহুৰ লগত সংগতি ৰাখি এক ব্যতিক্ৰমী চিন্তাধাৰাৰে সমন্বয় উৎসৱ উদযাপন কৰা হয়। ১০ গৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা ১০ খন পতাকা (বিহুৱান) উত্তোলন কৰাৰ পাছত বিয়লিৰ পৰা বিহু, ঝুমুৰ, বড়ো, দেউৰী,  মিচিং, নেপালী, চমলপুৰীয়া আৰু চুবুৰীয়া ৰাজ্য অৰুণাচলৰ গালং জনগোষ্ঠীৰ শিল্পীসকলে অংশগ্ৰহণ কৰি তেওঁলোকৰ লোকনৃত্যসমূহ প্ৰদশৰ্ন সমন্বয় বাৰ্তা প্ৰেৰণ কৰে। ইয়াৰ পাছতে সন্ধিয়া আৰম্ভ হোৱা সাংস্কৃতিক আৰু সম্বৰ্ধনা অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰি মঞ্চ মুকলি কৰে বিশ্বনাথ জিলাৰ নৱনিযুক্ত উপায়ুক্ত মুনীন্দ্ৰ নাতেই।

ইয়াৰ পিছতে মঞ্চত ১০ গৰাকী বিশিষ্ট ব্যক্তিক বিপুল সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সমবৰ্ধিত ব্যক্তিসকল হৈছে বোলছবি জগতৰ ভোটাতৰা নিপন গোস্বামী, অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰী, জনপ্রিয় কণ্ঠ শিল্পী সাজন নায়ক, মানস ভগৱতী, পাপৰি শইকীয়া, মিনি ভট্টাচাৰ্য, লোকশিল্পী বিনোদ খনাল, হামিদা খাটুন, যোগেশ্বৰ টংলা আৰু ৰোহিত লুইত। কেউগৰাকীকে গামোচা, শৰাই, চেলেং, স্মাৰক আৰু একোখনকৈ মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়।

You might also like