পুলকজ্যোতি বৰা, ঢকুৱাখনা, ২২ মে’ : প্ৰকৃতিয়ে কাৰো বাধা নামানে অপ্ৰতিৰোধ্য প্ৰকৃতিৰ চিৰপ্ৰবাহমান ধাৰাবাহিকতা।ঋতুৰ পৰিৱৰ্তনৰ লগে লগে সলনি হৈছে প্ৰকৃতিৰ ৰং।সংগোপনে প্ৰকৃতিয়ে লৈছে ন-ৰূপ,ন-সাজেৰে ৰঙীন হৈ উঠিছে প্ৰকৃতি।জীপাল হ’বলৈ আৰম্ভ কৰিছে ধৰণী। গছ-বিৰিখত কুঁহিপাত মেলাৰ পাচতেই এতিয়া ডাল ভৰি ফুলিছে নানাৰঙী ফুল৷ প্ৰকৃতিৰ সাজোন-কাচোনে মন-প্ৰাণ হৰিছে সকলোৰে।সেউজীয়া অসমভূমিত এতিয়া চৌপাশে দেখা গৈছে ফুলৰ মেলা৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে খেয়ালী প্ৰকৃতিয়ে সপোন ৰচিছে ঢকুৱাখনাৰ নিৰ্মল আকাশত৷নীলা আকাশত যেন ফুল বাচিছে প্ৰকৃতিয়ে।এতিয়া এজাৰ ফুলাৰ বতৰ। বেজাৰ লগাবলৈ নহয়, মনৰ অৱসাদ আতৰাবলৈকে যেন এতিয়া গছ ভৰি ফুলি উঠিছে এজাৰৰ হেজাৰ পাঁহি। এজাৰৰ ৰঙেৰে বেঙুনীয়া হৈ পৰিছে আকাশ।প্ৰকৃতিৰ নিজ নিজ সৌন্দৰ্য্য সম্ভাৰেৰে ঢৰাৰ বুকু ৰঙীন কৰি তোলা বসন্ত ঋতুতে এজাৰ ফুলে আৰু অধিক অপৰূপ কৰি তোলে ।সমগ্ৰ আকাশ পৰিণত হৈছে এখন বেঙুণীয়া চাদৰলৈ। চাৰিকড়ীয়া পাৰৰ দুয়োপাৰে আকাশ শুৱনি কৰি ফুলা এজাৰে সৃষ্টি কৰিছে মনোমোহা পৰিৱেশৰ। আকাশ ভৰি ফুলা এজাৰৰ হেজাৰ হেজাৰ পাহিয়ে ৰঙীন কৰি তুলিছে ধৰাৰ বক্ষ ৷প্ৰকৃতিৰ বুকুত নিয়ম অনুসৰিয়েই আকাশ উপচাই ফুলি উঠা এজাৰ ফুলে উন্মনা কৰি তুলিছে বহুতক। প্ৰকৃতিয়ে দুহাত উজাৰি ঢালি দিয়া ঢকুৱাখনাৰ চাৰিওফালৰ অপৰূপ দৃশ্যই মুহিছে প্ৰকৃতিপ্ৰেমীক৷ প্ৰকৃতিৰ এই বিনন্দীয়া ৰূপে প্ৰেৰণা যোগায় কবি-গীতিকাৰক৷ এই এজাৰক লৈ বহু কবিয়ে লিখিছে কবিতা, শিল্পীয়ে গুণগুণাইছে গীত ।এজাৰ ফুলা দেখি হয়তো কোনোৱে গাইছে ‘এজাৰ ফুলা দেখি বেজাৰ কিয় লাগে…’। পথ-পথাৰ উপচি ফুলি উঠা এজাৰ ফুলৰ সৌন্দৰ্যৰ সেই নৈসৰ্গিক ৰূপে এতিয়া প্ৰকৃতিপ্ৰেমীৰ মন জোৰাই পেলাইছে।কোনোবা শিল্পীয়েহে যেন আঁকিছে এই মনোৰম দৃশ্য।মানসিক ক্লান্তি দূৰ কৰি প্ৰকৃতিৰ এই মনোৰম দৃশ্যই প্ৰশান্তি কঢ়িয়াই আনিছে বহুতৰ মনলৈ৷ হালি-জালি ফুলা ফুলবোৰে এতিয়া হাত-বাউলি মাতিছে প্ৰকৃতিপ্ৰেমীক। কোনোবাই যদি এজাৰ ফুল বুটলিছে আন কোনোবাই আকৌ দৃষ্টিনন্দন পৰিবেশত উঠিছে চেল্ফি। অশান্ত সময়ত প্ৰশান্তিৰ ৰং বিলাই সাজিকাচি ওলোৱা প্ৰকৃতিৰ মাজত বিলিন হওঁ আহক আমি সকলো৷