শীঘ্রে আত্মসমর্পণ কৰিব এছআই নিযুক্তি কেলেংকাৰিৰ খলনায়ক পি কে দত্তই
নিয়মীয়া বাৰ্তা, ৪ অক্টোবৰঃ অসম আৰক্ষীৰ উপ–পৰিদর্শক (এছ আই) পদৰ পৰীক্ষাত কেলেংকাৰি সংঘটিত কৰি হাজাৰ হাজাৰ চাকৰি প্রার্থী নিবনুৱাৰ জীৱনক লৈ হেতালি খেলা অৱসৰপ্রাপ্ত ডিআইজি পি কে দত্তই শীঘ্রেই আৰক্ষীৰ ওচৰত আত্মসমর্পণ কৰিব৷ সম্প্রতি পলাতক হৈ থকা কুখ্যাত পি কে দত্তই অসম আৰক্ষীৰ একাংশ শীর্ষ বিষয়াৰ সৈতে যোগাযোগ কৰিছে৷
জানিব পৰা মতে, এছ আই কেলেংকাৰিৰ মূল খলনায়ক পি কে দত্তই অসম আৰক্ষীৰ প্রাক্তন আৰক্ষী সঞ্চালক জি এম শ্রীবাস্তৱৰ সৈতে ফোনযোগে যোগাযোগ স্থাপন কৰিছে৷ জি এম শ্রীবাস্তৱে আত্মসমর্পণৰ ক্ষেত্রত আৰক্ষী আৰু দত্তৰ মাজত মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰিবলৈ সন্মত হোৱা বুলি জানিব পৰা গৈছে৷
উল্লেখ্য যে পি কে দত্তই আৰক্ষী অধীক্ষক পদত কর্তব্যৰত হৈ থকাৰ থকাৰ সময়ত জি এম শ্রীবাস্তৱ আৰক্ষী সঞ্চালকপ্রধান হিচাপে কার্যনির্বাহ কৰি আছিল৷ সেইসূত্রে শ্রীবাস্তৱৰ সৈতে দত্তৰ ঘনিষ্ঠ সম্পর্ক আছিল৷ আনহাতে, পি কে দত্তই পৰৱর্তী সময়ত আৰক্ষীৰ মহাপৰিদর্শক হিচাপে কার্যনির্বাহ কৰি অৱসৰ গ্রহণৰ সময়তো বর্তমান শীর্ষ পদত কার্যনির্বাহ কৰি থকা একাংশ আৰক্ষী বিষয়াৰ সৈতে মধুৰ সম্পর্ক আছিল৷
সেইসূত্রে বর্তমান পলাতক হৈ থকা এছ আই পৰীক্ষা কেলেংকাৰিৰ মাষ্টাৰ মাইণ্ড পি কে দত্তই প্রাক্তন আৰক্ষী সঞ্চালকপ্রধান জি এম শ্রীবাস্তৱৰ লগতে বর্তমানৰ একাংশ শীর্ষ বিষয়াৰ সৈতেও ফোনযোগে যোগাযোগ স্থাপন কৰে৷ জি এম শ্রীবাস্তৱ আৰু বর্তমানৰ একাংশ শীর্ষ আৰক্ষী বিষয়াৰ সৈতে হোৱা আলোচনামর্মে দুর্নীতিৰ সদাগৰ পি কে দত্তই আৰক্ষীৰ ওচৰত আত্মসমর্পণ কৰাৰ সিদ্ধান্ত গ্রহণ কৰা বুলি অসম আৰক্ষীৰ এক সূত্রই জনাইছে৷
সূত্রটোৰ মতে, আত্মসমর্পণৰ বাবে জি এম শ্রীবাস্তৱে দত্তৰ হৈ মধ্যস্থতা কৰিবলৈ সন্মত হৈছে৷ সেয়ে দত্তই শীঘ্রেই আৰক্ষীৰ ওচৰত আত্মসমর্পণৰ সম্ভাৱনা আছে৷ আৰক্ষীৰ সূত্রটোৱে লগতে জনোৱা মতে, আত্মসমর্পণৰ সিদ্ধান্ত লোৱা দত্তই কেইবাজনো অধিবক্তাৰ সৈতেও ইতিমধ্যে কথা পাতিছে৷
উল্লেখ্য যে অতিৰিক্ত সঞ্চালক (আইন–শৃংখলা) জি পি সিঙে কালি পলাতক দত্তক শীঘ্রে গ্রেপ্তাৰ কৰা হ’ব বুলি সংবাদ মাধ্যমৰ আগত প্রকাশ কৰে৷ দত্তই আত্মসমর্পণৰ বাবে প্রস্তুত হোৱাটো একপ্রকাৰ নিশ্চিত হোৱাৰ পাছতে জি পি সিঙে কালি এছ আই কেলেংকাৰিৰ খলনায়কজনক শীঘ্রে গ্রেপ্তাৰ কৰা হ’ব বুলি সদৰী কৰাটো তাৎপর্যপূর্ণ৷
ইপিনে আৰক্ষীৰ সূত্রটোৱে লগতে জনোৱা মতে, এছ আই পদৰ পৰীক্ষাত কেলেংকাৰি সংঘটিত কৰি বর্তমান পলাতক হৈ থকা পি কে দত্তই এতিয়া নিজৰ দুষ্কার্যৰ বাবে অনুশোচনাত ভুগিছে৷ অনুশোচনাত দগ্ধ হৈ চৰম হতাশাত ভুগিছে৷ এজন প্রাক্তন আৰক্ষী বিষয়া হৈ এছ আই পদৰ পৰীক্ষা কেলেংকাৰি সংঘটিত কৰি চাকৰি প্রার্থী নিবনুৱাক আশাহত কৰা দত্তই এতিয়া নিদ্রাহীনতাত ভুগিছে৷ আনকি তেওঁ ভালদৰে আহাৰো গ্রহণ কৰিব পৰা নাই৷ সম্প্রতি পি কে দত্তই নেপালৰ পোখৰাজত নিজৰ গাড়ীচালক দেৱলাল গিৰিৰ ঘৰত আশ্রয় লৈ আছে৷