নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাহৰকটীয়া মহাবিদ্যালয়ত জীৱনৰ লক্ষ্য আৰু ব্যক্তিত্বৰ পৰিপূৰ্ণতা শীৰ্ষক বক্তৃতা প্ৰদান দিগন্ত বিশ্ব শৰ্মাৰ

“আমাৰ সকলোৰে মাজত লুকাই থকা নচিকেতাক জগাই তুলিব পাৰিলেই আমি সফল হ’ব পাৰিম”-দিগন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ২নৱেম্বৰ : নচিকতা, এগৰাকী ১০ বছৰীয়া কিশোৰ, যি নিজৰ পিতৃৰ আদেশ মৰ্মে যম ৰজালৈ দান ৰূপে পৰিগণিত হোৱাত যমৰ দুৱাৰত তিনিদিন তিনিৰাতি যমলৈ অপেক্ষা কৰি যমৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈ শেষত যমৰ পৰা তিনিটাকৈ বৰ লাভ কৰিবলৈ সক্ষম হৈছিল। মনকৰিবলগীয়া লগীয়া যে যম ৰজাই নিজেই বৰ দিম বুলি অঙ্কিকাৰ কৰাৰ পিছতো ধন সোণ সা সম্পত্তি আদি বিচৰাৰ বিপৰীতে নচিকেতাই যমৰ পৰা ভিক্ষা কৰিছিল জ্ঞান আহৰণৰ বৰ, যাৰ ফলশ্ৰুতিতেই নাচিকেতা আজিও জ্ঞানৰ আকৰ ৰূপে চিহ্নিত হৈ আছে। আমাৰ প্ৰতিগৰাকী মানুহৰ ভিতৰতে এই নচিকেতা সুপ্ত অৱস্থাত থিতাপি লৈ আছে, আমাৰ মাত্ৰ প্ৰয়াস এইটোয়ে হ’ব লাগে যে সেই সুপ্ত নাচিকেতাক জাগ্ৰত ৰূপ দি জীৱনত পৰিপূৰ্ণতা লাভ কৰোঁ। আজি নাহৰকটীয়া মহাবিদ্যালয়ত অসমৰ এগৰাকী সুবক্তা, বিবেকানন্দ, শ্ৰী অৰবিন্দৰ অনুগামী দিগন্ত বিশ্ব শৰ্মাই “জীৱনৰ লক্ষ্য আৰু ব্যক্তিত্বৰ পৰিপূৰ্ণতা” শীৰ্ষক বিষয়ক বক্তৃতা প্ৰদান কৰি মানৱ জীৱনৰ ওপৰত বক্তব্য ৰাখি মহাযোগী শ্ৰী অৰবিন্দৰ বক্তব্যৰ উদ্ধৃতি দি প্ৰেম, জ্ঞান, আনন্দ, একত্ৰ, জীৱন আদিকে ধৰি এতিয়াও মুঠ ছটা মূল লক্ষ্য পূৰণ কৰিব পৰা নাই বুলি মন্তব্য কৰে। নিজকে নৰৰ পৰা নৰোত্তমলৈ ৰূপান্তৰ কৰাৰ বাসনাক অধিক উচ্চস্তৰলৈ নি নৰোত্তমৰ পৰা নাৰায়নলৈ গতি কৰিব পাৰিলেই আমাৰ জীৱনে পৰিপূৰ্ণতা লাভ কৰিব বুলি মতপ্ৰকাশ কৰে বক্তাগৰাকীয়ে।

নাহৰকটীয়া মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ডঃ ধীৰাজ কুমাৰ দাসে আঁত ধৰা তথা অধ্যক্ষ ডঃ জ্যোতিপ্ৰসাদ কোঁৱৰে আদৰণি ভাষণ আগবঢ়োৱা এই বক্তৃতানুষ্ঠানত শৰ্মাই স্বামী বিবেকানন্দৰ ভাষাৰে এটা সম্প্ৰদায়ৰ ভিতৰত জন্ম হোৱাটো ভাল কিন্তু একেটা সম্প্ৰদায়ৰ মাজতে মৃত্যু হোৱাটো দুৰ্ভাগ্যৰ কথা বুলি মন্তব্য কৰি নিজৰ জীৱন কালত সমগ্ৰ বিশ্বৰ বাবে কিবা এটা কৰি থৈ যাবলৈ নিজকে গঢ় দিবলৈ পৰামৰ্শ প্ৰদান কৰে। প্ৰণিধানযোগ্য যে অতীতৰ ভাৰতৰ শিক্ষা ব্যৱস্থা ই মানুহক মানুহ ৰূপে প্ৰতিষ্ঠা কৰিবলৈ শিক্ষা দিয়াৰ বিপৰীতে আধুনিক বিশ্বৰ শিক্ষা ব্যৱস্থাই শিক্ষাৰ্থী সকলক উচ্চশিক্ষিত কৰি তোলে যদিও তেওঁলোকক আত্মপ্ৰতিষ্ঠা কৰাৰ বিপৰীতে চৰকাৰ সমাজ অথবা বহুজাতিক প্ৰতিষ্ঠানৰ চাকৰ হিচাপেহে সৃষ্টি কৰে বুলি খেদ প্ৰকাশ কৰি নিজৰ মাজত লুকাই থকা অন্তৰাত্মাক প্ৰশ্ন কৰিবলৈ কয় যে তেওঁ জীৱনটো নিজকে আনৰ চাকৰ ৰূপেই অতিবাহিত কৰিব নে নিজকে ৰজা ৰূপে প্ৰতিষ্ঠা কৰাৰ প্ৰচেষ্টাত ব্ৰতী হ’ব আৰু এইক্ষেত্ৰত তেওঁ সকলোকে নিজৰ হৃদয়খন উন্মুক্ত কৰি ৰাখিবলৈ পৰামৰ্শ দিয়ে কিয়নো তেওঁৰ মতে যি সময়ত মানুহক বুদ্ধিয়ে সহযোগিতা কৰিবলৈ অপাৰগ হয়, সেই সময়তো কিন্তু হৃদয়ে সহায় আগবঢ়ায় যায়। নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈয়েও শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰা আৰু বাণিজ্য বিভাগৰ অধ্যাপক নৱজিত দত্তই শলাগৰ শৰাই আগবঢ়োৱা তথা বৃহত্তৰ নাহৰকটীয়া অঞ্চলৰ ১০ খনৰো অধিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী ছাত্ৰ-ছাত্ৰীৰ উপৰিও স্থানীয় লোক আৰু মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকা ছাত্ৰ ছাত্রীকে ধৰি ৫ শতাধিক শ্ৰোতাৰ সন্মুখত প্ৰায় ডেৰ ঘণ্টা জোৰা বক্তব্য প্ৰদান কৰা অনুষ্ঠানটোত দিগন্ত বিশ্ব শৰ্মাই নিজৰ জীৱনটো গঢ় দিবলৈ কেনেধৰণেৰে প্ৰয়াস চলাব লাগিব আৰু এই প্ৰয়াসৰ ক্ষেত্ৰত জ্ঞানৰ ব্যৱহাৰে কিদৰে নিজকে সফল আৰু আত্মগৰ্বিতাই কিদৰে নিজকে বিফল কৰিব পাৰে তাক নাচিকেতা আৰু অশ্বথামাৰ কাহিনীৰে সকলোকে আগত উপস্থাপন কৰে।

প্ৰাঞ্জল ভূঞা: নাহৰকটীয়া

You might also like