আমি সকলোৱে আজীৱন বিদ্যার্থী, আজীৱন শিক্ষক: দিগন্ত বিশ্ব শর্মা
- তিনিচুকীয়া ৱিমেনছ কলেজত পাঠদানৰ আলোচনাত দিগন্ত বিশ্ব শর্মা
- তিনিচুকীয়া বেংগলী গার্লছ হায়াৰ ছেকেণ্ডাৰীৰ মহাৰজত জয়ন্তীত অংশগ্রহণ
নিয়মীয়া বাৰ্তা, ৩ডিচেম্বৰ: ৱিমেনছ কলেজ তিনিচুকীয়াত কালি পাঠদান–শিক্ষণৰ ওপৰত এক আলোচনাসহ সংবেদনশীলতা কার্যসূচী অনুষ্ঠিত হয়৷ উক্ত অনুষ্ঠানত সভাপতিত্ব কৰে ৱিমেনছ কলেজ তিনিচুকীয়াৰ পৰিচালনা সমিতিৰ সভাপতি ড০ অচ্যুত বৰঠাকুৰে৷ সভাপতিৰ শাৰীতে আসন গ্রহণ কৰে কলেজখনৰ অধ্যক্ষ ড০ ৰাজীৱ বৰদলৈয়ে৷ তাৰ পাছতে উক্ত অনুষ্ঠানৰ উদেশ্য ব্যাখ্যা আগবঢ়াই কলেজখনৰ উপাধ্যক্ষ দুলাল গগৈয়ে৷ পৰৱর্তী সময়ত কেইবাখনো বিদ্যালয়–মহাবিদ্যালয়ৰ শিক্ষক–শিক্ষয়ত্রীক সম্বোধন কৰি অনুষ্ঠানটোৰ মূল ব্যক্তি বিশিষ্ট লেখক, অনুবাদক, সু–বক্তা, প্রেৰণাদায়ক বক্তা, সাহিত্য একাডেমি বঁটাপ্রাপক দিগন্ত বিশ্ব শর্মাই বক্তব্য আগবঢ়ায়৷ দিগন্ত বিশ্ব শর্মাই স্বামী বিবেকানন্দ, অৰবিন্দৰ বিষয়ে চমুকৈ আলোকপাত কৰাৰ লগতে মূল বিষয় ‘আদর্শ শিক্ষক আৰু আদর্শ শিক্ষাৰ অৱধাৰণা’ৰ ওপৰত বক্তব্য আগবঢ়ায়৷ বত্তৃণতাত দিগন্ত বিশ্ব শর্মাই কয় যে– বিষয়টো বিশাল, দৰাচলতে এশটা বত্তৃণতাও এই বিষয়টো শেষ কৰিব নোৱাৰি আৰু বর্তমান আমি এটা বত্তৃণতাতে সামৰিম৷ ভুৰুকাত হাতী ভৰাবলৈ চেষ্টা কৰিম৷ দৰাচলতে আমি সকলোৱে আজীৱন বিদ্যার্থী, আজীৱন শিক্ষক৷ আনুষ্ঠানিকভাৱে শিক্ষা গ্রহণ কৰক বা নকৰক, শিক্ষা দান কৰকবা নকৰক, তথাপিও আজীৱন শিক্ষক৷ শিক্ষকসকলৰ পৰা ছাত্র–ছাত্রীসকলে যাতে সকলো জ্ঞান পুংখানুপুংখভাৱে লাভ কৰে তাৰ কাৰণে শিক্ষকসকলে এটা পৰিৱেশ সৃষ্টি কৰিব পাৰিব লাগিব৷ ইফালে, দিগন্ত বিশ্ব শর্মাৰ বক্তব্যৰ আগবঢ়োৱাৰ পাছতে শিক্ষক–শিক্ষয়ত্রীস স’তে এক মতবিনিময় অনুষ্ঠানত অংশগ্রহণ কৰে৷
- তিনিচুকীয়া বেংগলী গার্লছ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী উদযাপন
- স্বামী বিবেকানন্দ আৰু শ্রীৰবিন্দৰ দৃষ্টিত আদর্শগত শিক্ষা সন্দর্ভত ভাষণ দিগন্ত বিশ্ব শর্মাৰ
অলপতে তিনিচুকীয়াৰ বেংগলী গার্লছ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অতি উলহ–মালহেৰে মহাৰজত জয়ন্তী উদযাপন কৰে৷ মহাৰজত জয়ন্তী উপলক্ষে পুৱাই মূল পতাকা উত্তোলন কৰে বিদ্যালয়ৰ অধ্যক্ষা ৰশ্মি দত্ত ৰয় দাসে৷ তাৰ পাছতে মহাৰজত জয়ন্তী উপলক্ষে উদযাপন সমিতিৰ সভাপতি পুলকেশ বৌশৰ লগতে সমূহ শিক্ষক–শিক্ষয়িত্রীয়ে ৭৫খন পতাকা উত্তোলন কৰে৷ পৰৱর্তী কার্যসূচী হিচাপে বিদ্যালয়খনৰ পুনৰ নির্মাণ কৰা প্রেক্ষাগৃহটো সমাজসেৱিকা গীতা দে’ই উন্মোচন কৰি বিদ্যালয়ৰ পৰা গুৰু প্রণাম কৰে আৰু এখন ন–পুৰণি সতীর্থ সন্মিলন অনুষ্ঠিত কৰে৷ ইফালে, আবেলিলৈ এখন বিশেষ আলোচনা সভাৰ আয়োজন কৰে আৰু উক্ত সভাত বিদ্যালয়খনৰ অধ্যক্ষা ৰশ্মি দত্ত ৰয় দাস, বিদ্যালয়সমূূূহৰ পৰিদর্শক বিতোপন হাজৰিকা, মহাৰজত জয়ন্তী উদযাপন সমিতিৰ সভাপতি পুলকেশ বৌশ, পৰিচালনা সমিতিৰ সভানেত্রী ড০ নীতা পালৰ উপস্থিতিত স্বামী বিবেকানন্দ আৰু শ্রীৰবিন্দৰ দৃষ্টিত আদর্শগত শিক্ষা সন্দর্ভত বক্তব্য ৰাখে সাহিত্য অকাডেমি অনুবাদ বঁটাপ্রাপক দিগন্ত বিশ্ব শর্মাই৷ বিশেষ বক্তা দিগন্ত বিশ্ব শর্মাই বিদ্যালয়খনৰ শিক্ষক–শিক্ষয়িত্রী, বহুসংখ্যক গণ্যমান্য ব্যক্তি আৰু ছাত্রীৰ উপস্থিতিত বক্তব্য দাঙি ধৰি কয়– আৰম্ভণিতে মহাৰজত জয়ন্তীৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনালোঁ৷ এখন বিদ্যালয়ে ৭৫ বর্ষ অতিক্রম কৰাটো ইমান সহজ কথা নহয়৷ ভগৱত অনুজ্ঞা আৰু ভগৱত সংকল্প যদি নাথাকে, তেনেহ’লে এটা অনুষ্ঠানে ৭৫ বর্ষ অতিক্রম কৰিব নোৱাৰে৷ আপোনালোকৰ এই মহাৰজত জয়ন্তী মোৰ বাবেও অধিক তাৎপর্যপূর্ণ এই কাৰণেই হৈছে যে এইবর্ষটো ভাৰতবর্ষৰ স্বাধীনতাৰ ৭৫সংখ্যক জয়ন্তী৷ এই বছৰটোত মহাযোগী শ্রীৰবিন্দৰ ১৫০ বছৰীয়া জন্মজয়ন্তী সমগ্র বিশ্বই পালন কৰিছে আৰু এই সময়তেই আপোনালোকেও বিদ্যালয়ৰ মহাৰজত জয়ন্তী উদযাপন কৰিছে৷ গতিকে মই আপোনালোকক আন্তৰিকতাৰে শুভেচ্ছা জনাইছোঁ আৰু এই মহাৰজত জয়ন্তীৰ অভিনন্দন জ্ঞাপন কৰিছোঁ৷ লগতে এই বিদ্যালয় প্রতিষ্ঠাৰ স’তে জড়িত প্রতিজন ব্যক্তিক শ্রদ্ধাৰে সুঁৱৰিছোঁ আৰু আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ৷ আপোনালোক নাৰী শিক্ষাৰ লগত জড়িত অনুষ্ঠান৷ ভাৰতবর্ষত ১৯৪৮ চনতে প্রথমখন নাৰী শিক্ষাৰ প্রতিষ্ঠান গঢ় লৈ উঠিছিল পুনাত, তাৰ পাছত পর্যায়ক্রমে বহু তেনে প্রতিষ্ঠান গঢ় লৈ উঠিলে৷ তাৰ মাজতে তিনিচুকীয়া বেংগলী গার্লছ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে ৭৫ বছৰ অতিক্রম কৰিলে, সেয়া সঁচাকৈ লেখত ল’বলগীয়া কথা৷ আমি এতিয়া সংকল্প লোৱাৰ সময়৷ প্রত্যেকটো অনুষ্ঠানৰ মূলতে তিনিটাকৈ সত্তা আছে৷ সমগ্র বিশ্বব্যাপী নাৰী সবলীকৰণৰ কথা কোৱা হৈছে আৰু তাৰ বাবে আমি ইয়াতে নাৰী শিক্ষাৰ প্রচলন কৰিছোঁ৷ কিন্তু আজিৰ পৰা ৭৫ বর্ষৰ আগতে হয়তো নাৰী শিক্ষাৰ বাবে ইমান অনুষ্ঠান নাছিল৷ গতিকে সেইবাবে আপোনালোকৰ বিদ্যালয় যথেষ্ট প্রশংসাৰ পাত্র, কাৰণ ৭৫ বছৰ আগতেই নাৰী শিক্ষাৰ বাবে এক অনুষ্ঠান গঢ়ি উঠিছিল৷ তথাপি নাৰী সবলীকৰণৰ ক্ষেত্রত নাৰী শিক্ষা, যিটো আনুষ্ঠানিক শিক্ষা, সেয়া আত্মপ্রতিষ্ঠাৰ কাৰণে ভিত্তি মাত্র আৰু প্রাথমিক ভিত্তি মাত্র৷