নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৫ৰ পৰা ২০ জানুৱাৰীৰ ভিতৰত ১০ হাজাৰ চাকৰিৰ বিজ্ঞাপন

নিয়মীয়া বাৰ্তা, ৩ডিচেম্বৰ: নির্বাচনৰ পূর্বে দিয়া এক লাখ চাকৰিৰ প্রতিশ্রুতি পূৰণ কৰাৰ দিশে আগবাঢ়িছে ৰাজ্য চৰকাৰে৷ অহা ১৫ৰ পৰা ২০ জানুৱাৰীৰ ভিতৰত ১০ হাজাৰ নতুন পদৰ বাবে ৰাজ্য চৰকাৰে বিজ্ঞাপন প্রকাশ কৰিব৷   মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই কথা সদৰী কৰিছে৷

পাণ্ডুৰ পৰা কামাখ্যা মন্দিৰ সংযোগী পথ পৰিদর্শনৰ পাছত সংবাদ মাধ্যমৰে হোৱা বার্তালাপত মুখ্যমন্ত্রী ড০ শর্মাই প্রকাশ কৰা অনুসৰি ডিচেম্বৰৰ ভিতৰত এই ১০ হাজাৰ পদৰ বাবে বিজ্ঞাপন প্রকাশ কৰিবলৈ চৰকাৰে চিন্তা–চর্চা কৰা হৈছে৷ কিন্তু কালি হোৱা এক আলোচনাৰ অন্তত এয়া ডিচেম্বৰৰ ভিতৰত সম্ভৱ নহয় বাবে জানুৱাৰীত বিজ্ঞাপন প্রকাশ কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰিছে৷ এই প্রসংগতে তেওঁ কয়– ‘এক লাখ চাকৰিৰ প্রতিশ্রুতি পূৰণ কৰিবলৈ আৰু ২০ হাজাৰ পদৰ প্রয়োজন৷ ইয়াৰে ১০ হাজাৰ পদৰ বাবে আমি ১৫ৰ পৰা ২০ জানুৱাৰীৰ ভিতৰত বিজ্ঞাপন প্রকাশ কৰিম৷ বাকী ১০ হাজাৰ পদ দিবলৈ থাকি যাব৷ সেই ১০ হাজাৰ পদৰ বাবে আমি পুনৰ আজি বৈঠক অনুষ্ঠিত কৰিম৷ তৃতীয় বেটেলিয়ন আদি খোলাৰ বিষয় চিন্তা–চর্চা কৰা হৈছে৷ মোৰ লক্ষ্য এয়ে যে অহা ৩–৪ মাহৰ ভিতৰত সম্পূর্ণ এক লাখ চাকৰি পূৰণ কৰিম৷’

You might also like