নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জীৱনটোক ধুনীয়া কৰি ধুনীয়া সমাজ গঢ়াত অৰিহণা যোগাব লাগিব শিক্ষাৰ্থীয়ে

🎯হাতীগড়ত কেৰিয়াৰ গাইডেন্স সম্পৰ্কীয় অনুষ্ঠানত দিগন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ৭ এপ্ৰিল : বিটিচিৰ কাৰ্যবাহী সদস্য সঞ্জীত তাঁতীৰ মুখ্য পৃষ্ঠপোষকতাত এন আৰ ডি এছ গ্ৰুপৰ সহযোগত কেৰিয়াৰ গাইডেন্স সম্পৰ্কীয় এক মেগা যুৱ সন্মিলন আজি ওদালগুৰি জিলাৰ হাতীগড় চাহ বাগিচাৰ খেলপথাৰত অনুষ্ঠিত হয়। অধ্যয়নৰত ছাত্ৰ-ছাত্ৰী, যুৱক-যুৱতীসকলক কেৰিয়াৰ সম্পৰ্কীয় জ্ঞান বা পথৰ সন্ধান দিয়াৰ উদ্দেশ্যে আয়োজন কৰা এই কাৰ্যসূচীত মুখ্য অতিথি ৰূপে অংশ লৈ গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদৰ সদস্য, সাহিত্য একাডেমীৰ আহ্বায়ক দিগন্ত বিশ্ব শৰ্মাই ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি কয় যে জীৱনটোক সফলভাৱে আগুৱাই নিবলৈ সকলোৰে জীৱনত এটা লক্ষ্য-সপোন থাকিব লাগিব আৰু এই লক্ষ্যত উপনীত হ’বৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে জীৱনলৈ অহা সকলো সমস্যাক অতিক্ৰম কৰি যাবলৈ সাহস গোটাব লাগিব; কিয়নো ইয়াক সমাধান কৰি আগুৱাই যাব পাৰিলেহে মন শক্তিশালী হৈ উঠিব আৰু এই শক্তিশালী মনেহে একোজন মানুহক সফলতাৰ শিখৰলৈ লৈ যোৱাত সহায় কৰিব। পৃথিবীৰ একাধিক সফল ব্যক্তিৰ সফলতাৰ আঁৰৰ কাহিনী উল্লেখ কৰি শিক্ষাৰ্থীসকলক অনুপ্ৰেৰণা যোগাই তেওঁ লগতে কয় যে একাগ্ৰতা, অধ্যৱসায়, কঠোৰ অনুশীলন অবিহনে কোনো মানুহেই জীৱনত সফলতা লাভ কৰিব পৰা নাই। সেয়ে সফলতা লাভৰ বাবে, আত্মসবলিকৰণৰ বাবে ছাত্ৰ -ছাত্ৰী সকলে দৃঢ় সংকল্প আৰু তীব্ৰ ইচ্ছা শক্তিৰে নিজৰ ভিতৰৰ সম্ভাৱনা, প্ৰতিভাক জাগ্ৰত কৰি অধ্যৱসায়ৰ মাজেৰে আগুৱাই যাব লাগিব। প্ৰতিভা- জ্ঞান অবিহনে আমি কেতিয়াও মহাজীৱনৰ অধিকাৰী হ’ব নোৱাৰোঁ বুলি মন্তব্য কৰি দিগন্ত বিশ্ব শৰ্মাই আৰু কয় যে নিজৰ জীৱনটোক ধুনীয়া কৰাৰ লগতে এখন ধুনীয়া সমাজ গঢ়াতো ছাত্ৰ-ছাত্ৰী সকলে যোগাব লাগিব অৰিহণা। ইপিনে ননৈ ছেৰফাং পৰিষদীয় সমষ্টিৰ তিনি সহস্ৰাধিক ছাত্ৰ -ছাত্ৰী, যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰা এই বিশাল অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰি বি টি চিৰ কাৰ্যবাহী সদস্য সঞ্জীত তাঁতীয়ে কয় যে মানৱ সম্পদ গঢ়া আৰু শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলক কৰ্মসংস্থাপনৰ বাট দেখুৱাই তেওঁলোকক আত্মনিৰ্ভৰশীল কৰি গঢ়ি তোলাই হৈছে আমাৰ এই কাৰ্যসূচীৰ মূল উদ্দেশ্য। কেৰিয়াৰ সম্পৰ্কীয় এই অনুষ্ঠানত ৰাজদীপ লেখাৰু, আকাশ আলি, নয়মণি শইকীয়াকে ধৰি বিভিন্ন ক্ষেত্ৰৰ কেইবাগৰাকীও সমল ব্যক্তিয়ে অংশ লৈ অনুপ্ৰেৰণামূলক বক্তব্য প্ৰদান কৰে আৰু কেৰিয়াৰৰ সন্ধান দিয়ে ছাত্ৰ-ছাত্ৰীসকলক। অনুষ্ঠানত এন আৰ ডি এছ গ্ৰুপৰ সঞ্চালক সুবীৰ সৰকাৰ প্ৰমুখ্যে কেইবা গৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বিটিচিৰ কাৰ্যবাহী সদস্য সঞ্জীত তাঁতীৰ একক উদ্যোগত অলপতে অনুষ্ঠিত ৰচনা প্ৰতিযোগিতাত পুৰষ্কাৰ লাভ কৰা প্ৰতিযোগী সকলকো এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানতে দিগন্ত বিশ্ব শৰ্মাৰ হাতেৰে পুৰষ্কাৰসমুহ আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰা দীপজ্যোতি কলিতাক ত্ৰিছ হাজাৰ, দ্বিতীয় স্থান লাভ কৰা ৰশ্মিতা ছেত্ৰীক বিছ হাজাৰ আৰু তৃতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হোৱা তুলা ৰাম আচাৰ্যক দহ হাজাৰ টকা আজি আনুষ্ঠানিকভাৱে প্ৰদান কৰে বি টি চিৰ কাৰ্যবাহী সদস্য গৰাকীয়ে। আনহাতে ভাল হাতৰ আখৰৰ বাবে ভায়লিনা হাজৰিকাক দহ হাজাৰ টকা পুৰষ্কৃত কৰা হয়। ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত গঢ়াৰ উদেশ্যে জনপ্ৰতিনিধি সঞ্জীত তাঁতী আৰু এন আৰ ডি এছ গ্ৰুপে গ্ৰহণ কৰা এনে পদক্ষেপক ভূয়সী প্ৰশংসা কৰিছে সচেতন ৰাইজে ।

প্ৰেৰক ধীৰেন মহলীয়া

You might also like